ETV Bharat / bharat

বিগত বৰ্ষৰ তুলনাত হিমাচলত আপেলৰ উৎপাদন 30% হ্ৰাস

author img

By

Published : Nov 10, 2020, 3:49 PM IST

স্কেব ৰোগ আপেলত কৰ্কট ৰোগৰ দৰে। ই আনুবংশিক। এই ৰোগে প্ৰথমে আপেল গছৰ পাতত আক্ৰমণ কৰে। আপেল ফল ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পিছত জন্তুবোৰেও সেই ফল নাখায় । স্কেব এটা ভেঁকুৰৰ পৰা সৃষ্ট ৰোগ আৰু ১৯৮৪ চনৰ পিছত এই বছৰ পুনৰ ইয়াৰ সৰ্বাধিক প্ৰভাৱ পৰিলক্ষিত হৈছে ।

Apple season ends in Himachal, 30% less production than last year
বিগত বৰ্ষৰ তুলনাত হিমাচলত আপেলৰ উৎপাদন 30% হ্ৰাস

নিউজ ডেস্ক, 10 নৱেম্বৰ: হিমাচল প্ৰদেশত আপেলৰ ঋতু শেষ হোৱাৰ লগে লগে বিগত বছৰৰ তুলনাত চলিত বৰ্ষৰ আপেলৰ উৎপাদন 30% লৈ হ্ৰাস হৈছে । আপেলৰ সৈতে হিমাচল প্ৰদেশৰ পৰিচয় জড়িত আৰু ৰাজ্যত 1 লাখ হেক্টৰৰো অধিক ভূমিত আপেল খেতি কৰা হয় । ৰাজ্যত প্ৰায় 4 লাখ পৰিয়াল আপেল উৎপাদনৰ সৈতে প্ৰত্যক্ষ অথবা পৰোক্ষ ভাৱে জড়িত হৈ আছে । ৰাজ্যখনত আপেল উৎপাদনৰ ৮০ শতাংশ উৎপাদন কেৱল চিমলা জিলাত হয় । ৰাজ্যখনত ৫০ টাতকৈ অধিক বিদেশী প্ৰকাৰৰ আপেলৰ খেতি কৰা হয় ।

জম্মু আৰু কাশ্মীৰৰ পিছত দেশত আপেল উৎপাদনত হিমাচল প্ৰদেশ দ্বিতীয় স্থানত আছে । ৰাজ্যখনৰ অৰ্থনীতিলৈ প্ৰায় 4000 কোটিৰ অৱদান আগবঢ়ায় এই আপেলৰ ব্যৱসায়ে ।

চাৰি দশক পিছত এইবাৰ স্কেব ৰোগৰ ফলত আপেল উৎপাদনত বিস্তৰ ক্ষতি হৈছে । ৰাজ্যৰ উদ্যান শস্য বিভাগৰ মতে, প্ৰায় চাৰি দশক আগতে, ১৯৮৪ চনত, স্কেব ৰোগৰ দ্বাৰা আপেলবোৰ চিঙি পৰিছিল । এইবাৰো আপেল উৎপাদন কৰা জিলাসমূহৰ 4 হেজাৰৰো অধিক হেক্টৰ অঞ্চল এই ৰোগত প্ৰভাৱিত হৈছে ।

স্কেব ৰোগ কি?

স্কেব ৰোগ আপেলত কৰ্কট ৰোগৰ দৰে। ই আনুবংশিক। এই ৰোগে প্ৰথমে আপেল গছৰ পাত আক্ৰমণ কৰে। আপেল ফল ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পিছত জন্তুবোৰেও সেই ফল নাখায় । স্কেব এটা ভেঁকুৰৰ পৰা সৃষ্ট ৰোগ আৰু ১৯৮৪ চনৰ পিছত এই বছৰ পুনৰ ইয়াৰ সৰ্বাধিক প্ৰভাৱ পৰিলক্ষিত হৈছে।

হিমাচল প্ৰদেশত আপেলৰ বাৰ্ষিক উৎপাদন

বছৰ উৎপাদন

২০০৭ ২৯.৯ কোটি বাকচ

২০০৮ ২৫.৫ কোটি বাকচ

২০০৯ ১.৪০ কোটি বাকচ

2010 4.46 কোটি বাকচ

2011 1.38 কোটি বাকচ

2012 1.84 কোটি বাকচ

2013 3.69 কোটি বাকচ

2014 2.80 কোটি বাকচ

2015 3.88 কোটি বাকচ

2016 24.5 কোটি বাকচ

2017 2.08 কোটি বাকচ

2018 1.65 কোটি বাকচ

2019 3.75 কোটি বাকচ

2020 2.70 কোটি বাকচ

লগতে পঢ়ক: বিহাৰত আৰম্ভ হৈছে ভোটগণণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.