নেশ্যনেল ডেস্ক, ৬ মাৰ্চ: উচ্চ ন্যায়ালয়ত সততে প্ৰচলিত 'কাট, কপি, পেষ্ট'ৰ তথ্য প্ৰযুক্তি সংস্কৃতি সন্দৰ্ভত শনিবাৰে উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি ব্যক্ত কৰে । লগতে উচ্চ ন্যায়ালয়ে গোচৰসমূহৰ ৰায়দান নকৰাৰ বৈধ কাৰণ দৰ্শোৱা নাই বুলিও সমালোচনা কৰে । ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ বিচাৰপীঠে ওড়িশা উচ্চ ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে এক গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত উচ্চ ন্যায়ালয়ক এনেদৰে সমালোচনা কৰে ।
লগতে কয় যে, 'কাট, কপি, পেষ্ট'ৰ সংস্কৃতি প্ৰচলন কৰি উচ্চ ন্যায়ালয়ে কেৱল নিৰ্দেশৰ প্ৰতিলিপিৰ সংখ্যা বৃদ্ধি কৰিছে আৰু নিজস্ব চিন্তাধাৰা প্ৰয়োগ কৰা নাই । ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয় যে, তেওঁ উচ্চ ন্যায়ালয়ৰ এনে কাৰ্য মুঠেও ভাল নাপায় । শনিবাৰে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ এম আৰ শ্বাহৰ বিচাৰপীঠে ভাৰতীয় লোক সেৱা আয়োগে ওড়িশা উচ্চ ন্যায়ালয়ৰ আদেশৰ বিৰুদ্ধে দাখিল কৰা এক আবেদনৰ শুনানি গ্ৰহণ কৰে ।
ন্যায়ালয়ে কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণৰ সিদ্ধান্তৰ প্ৰতি সহমত প্ৰকাশ কৰি 'এজন ব্যক্তিক আই এ এছ কেডাৰ প্ৰদান কৰা' বিষয়টো পৰ্যবেক্ষণ কৰিবলৈ কেন্দ্ৰীয় নিয়োগকাৰী সংস্থাক নিৰ্দেশ দিছিল । ৩২০ নং অনুচ্ছেদৰ অধীনত ইউপিএছচিৰ নিৰ্দেশনা অনুসৰি আই এ এছ বিষয়া বাছনিৰ বিষয়বোৰ বাছনি কৰা হৈছে । সেই অনুসৰি উচ্চ ন্যায়ালয়ৰ আদেশ পৃথক কৰা হৈছে । ন্যায়ালয়ৰ এই সিদ্ধান্তই অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াৰ পেঞ্চনৰ ক্ষেত্ৰত প্ৰভাৱিত কৰিব ।
লগতে পঢ়ক:'আত্মনিৰ্ভৰ ভাৰত' ব্যৱসায়ীৰ বাবে এক সুবৰ্ণ সুযোগ: নাইডু