ETV Bharat / bharat

আদালতত এণ্টিলিয়া ঘটনাৰ অভিযুক্ত শচীন ৱাজেৰ জামিন আবেদন

author img

By

Published : Jul 17, 2021, 1:53 PM IST

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) অভিযোগ পত্ৰ দাখিল কৰাত ব্যৰ্থ হোৱাত জামিন বিচাৰি আদালতৰ কাষ চাপিছে ঘটনাৰ অভিযুক্ত গৰাকী । শচীন ৱাজেক গ্ৰেপ্তাৰ কৰাৰ ৯০ দিনৰ ভিতৰত তদন্তকাৰী সংস্থাটোৱে অভিযোগ পত্ৰ দাখিল কৰিব পৰা নাই ।

Antilia bomb scare
আদালতত এণ্টিলিয়া ঘটনাৰ অভিযুক্ত শচীন ৱাজেৰ জামিন আবেদন

নেশ্যনেল ডেস্ক, ১৭ জুলাই : প্ৰসংগ এণ্টিলিয়া বোমা আতংক (Antilia bomb scare) । আদালতত জামিন বিচাৰি আবেদন এই ঘটনাৰ অভিযুক্ত লগতে মনসুখ হিৰেণৰ (Mansukh Hiran) হত্যাকাণ্ডৰ মূল অভিযুক্ত মুম্বাই আৰক্ষী বিষয়া শচীন ৱাজেৰ (Sachin Waze) । ঘটনাৰ তদন্তৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (NIA) অভিযোগ পত্ৰ দাখিল কৰাত ব্যৰ্থ হোৱাত জামিন বিচাৰি আদালতৰ কাষ চাপিছে ঘটনাৰ অভিযুক্ত গৰাকী । উল্লেখ্য যে, শচীন ৱাজেক গ্ৰেপ্তাৰ কৰাৰ ৯০ দিনৰ ভিতৰত তদন্তকাৰী সংস্থাটোৱে অভিযোগ পত্ৰ দাখিল কৰিব পৰা নাই ।

শচীন ৱাজে বৰ্তমান নৱী মুম্বাইৰ তালোজা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে । ৱাজেক ১৩ মাৰ্চত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ৯ জুনত নিয়া (NIA)ৰ বিশেষ আদালতে সংস্থাটোক অভিযোগপত্ৰ দাখিল কৰিবলৈ আৰু অতিৰিক্ত দুমাহ সময় দিছিল । এই অতিৰিক্ত সময়ক লৈ অভিযুক্তগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে আৰু আদলতে বিষয়টো পৰৱৰ্তী শুনানি ২২ জুলাইত গ্ৰহণ কৰিব । উল্লেখ্য যে ২৫ ফেব্ৰুৱাৰীত মুম্বাইত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ (Reliance Industries) অধ্যক্ষ মুকেশ আম্বানীৰ ঘৰ এণ্টিলিয়াৰ(Antilia) ওচৰত বিস্ফোৰক ভৰ্তি বাহন এখন উদ্ধাৰ হোৱা ঘটনাৰ মূল অভিযুক্ত শচীন ৱাজে ।

ৱাজেৰ বিৰুদ্ধে এণ্টিলিয়াৰ বাহিৰত বিস্ফোৰক সামগ্ৰী ভৰ্তি অৱস্থাত ৰখা বাহনখনৰ গৰাকী মনসুখ হীৰেনৰ হত্যাৰ অভিযোগো উত্থাপিত হৈছিল । হীৰেনক ৫ মাৰ্চত থানেত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ।

অপৰাধ চোৰাংচোৱা গোটৰ (CIU) প্ৰাক্তন সহকাৰী আৰক্ষী পৰিদৰ্শক ৱাজেক পিছত মনসুখ হীৰেনৰ মৃত্যুৰ গোচৰত তেওঁৰ নাম অহাৰ পিছত মুম্বাই আৰক্ষী মুখ্য কাৰ্যালয়ৰ নাগৰিক সুবিধা কেন্দ্ৰলৈ স্থানান্তৰ কৰা হয় । ৱাজেক ২০২১ চনৰ মে' মাহত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল ।

লগতে পঢ়ক :দীনেশ ত্ৰিবেদীৰ খালী ৰাজ্যসভাৰ আসনৰ বাবে ৯ আগষ্টত উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.