ETV Bharat / bharat

Antilia বোমাতংক : জামিনৰ আবেদন অভিযুক্ত মণীষ ছ'নীৰ

author img

By

Published : Jul 7, 2021, 8:01 PM IST

দণ্ডাধীশ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা কাৰ্যক 'অবৈধ' আখ্যা দিলে এণ্টিলিয়া(Antilia) বোমাতংক ঘটনাৰ অভিযুক্ত মণীষ ছ'নীয়ে । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ বিশেষ আদালতত জামিন আবেদন দাখিল কৰিলে মণীষ ছ'নীয়ে । যোৱা ১৭ জুনত গ্ৰেপ্তাৰ কৰা হৈছিল মণীষক ।

Manish Soni seeks bail on Antilia bomb scare case
জামিনৰ বাবে আহ্বান জনাইছে 'এণ্টিলিয়া' বোমাতংক ঘটনাৰ অভিযুক্ত মণীষ ছ'নীয়ে

নেশ্যনেল ডেস্ক, ৭ জুলাই : জামিন বিচাৰি ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ বিশেষ আদালতত আবেদন জনালে মণীষ ছ'নীয়ে । ৰিলায়েন্স ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীৰ বাসগৃহ 'এণ্টিলিয়া'ৰ সমীপত বিস্ফোৰক ভৰ্তি এছ ইউ ভি বাহন উদ্ধাৰ ব্যৱসায়ী মনসুখ হিৰাণৰ হত্যাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল মণীষ ছ'নীক । বুধবাৰে মণীষ ছ'নীৰ হৈ আদালতত জামিন আবেদন দাখিল কৰে তেওঁৰ অধিবক্তাই । তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাতো অবৈধ বুলি অভিযোগ তুলি জামিন আবেদন দাখিল কৰে ।

যোৱা ১৭ জুনত সতীশ মথকুৰী আৰু আৰক্ষী বিষয়া প্ৰদীপ শৰ্মাৰ সৈতে মণীষ ছ'নীকো গ্ৰেপ্তাৰ কৰা হৈছিল । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই সোমবাৰে বিশেষ আদালতৰ আগত কৈছিল যে, ছ'নীক অজানিতে দণ্ডাধীশ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল । দৰাচলতে ছ'নীয়ে ভাষ্য প্ৰদানৰ বাবেহে গৈছিল । মণীষ ছ'নীৰ অধিবক্তা ৰাহুল আৰ'টে কয় যে, ছ'নীৰ ন্যায়িক জিম্মা 'অবৈধ' আছিল, কিয়নো অভিযুক্তজনক বিশেষ আদালতত হাজিৰ নকৰোৱাকৈয়ে কাৰাগাৰৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । দণ্ডাধীশ আদালতে অবৈধভাৱে মণীষ ছ'নীক ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ কাৰণ দৰ্শাই মণীষ ছ'নীৰ অধিবক্তাই জামিন আবেদন দাখিল কৰিছে ।

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই আগতে আদালতক কৈছিল যে, ছ'নী আৰু মথকুৰীয়ে মনসুখ হিৰেণক হত্যা কৰিছিল আৰু আন অভিযুক্তৰ সহায়ত মৃতদেহ আবৰ্জনাৰ দ'মত পেলাই দিছিল । লগতে কোৱা হৈছিল যে, এই হত্যাকাণ্ড এটা ডাঙৰ ষড়যন্ত্ৰৰ অংশ আছিল । নিলম্বিত আৰক্ষী বিষয়া শচীন ৱাজে আৰু প্ৰদীপ শৰ্মাৰ নিৰ্দেশতে এই ঘটনা সংঘটিত হৈছিল বুলি আবেদনখনত উল্লেখ কৰা হৈছে ।

ৱাজে আৰু শৰ্মাৰ উপৰিও আৰক্ষী ৰিয়াজুদ্দিন কাজী আৰু সুনীল মানেকো বোমাতংকৰ গোচৰত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল । পিছত চাকৰিৰ পৰাও বৰ্খাস্ত কৰা হয় । ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই গোচৰটো সন্দৰ্ভত প্ৰাক্তন আৰক্ষী কনিষ্টবল বিনায়ক সিন্দে আৰু ক্ৰিকেট বুকি নৰেশ গোৰকো গ্ৰেপ্তাৰ কৰে । আটাইকেইজন বৰ্তমান ন্যায়িক জিম্মাত আছে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীত উদ্যোগপতি মুকেশ আম্বানীৰ দক্ষিণ মুম্বাইস্থিত বাসগৃহ 'এণ্টিলিয়া (Antilia)'ৰ সমীপত এখন বিস্ফোৰক ভৰ্তি এছ ইউ ভি বাহন উদ্ধাৰ কৰা হৈছিল । এই বাহনখন আছিল ব্যৱসায়ী মনসুখ হিৰেণৰ । কিন্তু আশ্চৰ্যজনকভাৱে এই ঘটনাৰ পাছতে যোৱা ৫ মাৰ্চত থানে জিলাৰ এক পৰিত্যক্ত স্থানত মনসুখ হিৰেণৰ মৃতদেহ উদ্ধাৰ হৈছিল । বৰ্তমান ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:দেশত এতিয়াও উপলব্ধ ১.৬৭ কোটিৰো অধিক ক'ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.