ETV Bharat / bharat

BJP leader killed by Maoists : ছট্টিশগড়ত পুনৰ মাওবাদীৰ হাতত নিহত বিজেপি নেতা

author img

By

Published : Feb 12, 2023, 6:56 PM IST

এটা সপ্তাহত তিনিগৰাকীকৈ বিজেপি নেতাক আক্ৰমণ মাওবাদীৰ । বিজেপি নেতা ৰামধৰ আলামীক দেওবাৰে মাওবাদীয়ে হত্যা কৰে (BJP leader Ramdhar Alami killed)। ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য ।

BJP leader killed by Maoists
ছট্টিশগড়ত পুনৰ মাওবাদীৰ হাতত নিহত বিজেপি নেতা

নেশ্যনেল ডেস্ক,১২ ফেব্ৰুৱাৰী : এইবাৰ মাওবাদীৰ লক্ষ্য বিজেপি নেতা (Maoists targets BJP leader in Chhattisgarh)। ছট্টিশগড়ত ইজনৰ পিচত সিজন বিজেপি নেতাক হত্যা কৰিছে মাওবাদীয়ে । শেহতীয়াকৈ ছট্টিশগড় বিজেপিৰ উপ-সভাপতি নাৰায়ণ চাহুৰ হত্যাৰ পিচত এইবাৰ দান্তেৱাড়া জিলাৰ আন এগৰাকী বিজেপি নেতা তথা হিতামেটা গাঁৱৰ প্ৰাক্তন গাঁওপ্ৰধান ৰামধৰ আলামীক দেওবাৰে মাওবাদীয়ে হত্যা কৰে (BJP leader Ramdhar Alami killed)।

BJP leader killed by Maoists
ঘটনাস্থলীত উদ্ধাৰ মাওবাদীৰ চিঠি

আৰক্ষীয়ে জনোৱা মতে, নাৰায়ণপুৰ জিলাৰ অৰ্ছা তহচিলৰ থুলথুলি গাঁৱলৈ যোৱাৰ সময়তে বিজেপি নেতাগৰাকীক মাওবাদীয়ে ছুৰীৰে আক্ৰমণ কৰে । লক্ষণীয়ভাৱে, যোৱা সপ্তাহত চাহুক গুলীয়াই হত্যা কৰা স্থানতে পুনৰ এই হত্যাকাণ্ড সংঘটিত হৈছে (BJP leader killed by Maoists)। এসপ্তাহৰ ভিতৰত বস্তাৰ সদৰত বিজেপি নেতাসকলৰ ওপৰত এয়া তৃতীয়টো আক্ৰমণ হিচাপে জনা গৈছে । বিজাপুৰত ৭ ফেব্ৰুৱাৰীত বিজেপিৰ উচুৰ মণ্ডলৰ সভাপতি নীলকান্ত কাকেমৰ হত্যাৰ পৰা আৰম্ভ কৰি এয়া তৃতীয়টো ঘটনা (Third BJP leader killed in Chhattisgarh)।

ইফালে, ঘটনাস্থলীত এখন চিঠি উদ্ধাৰ হৈছে । য'ত প্ৰাক্তন গাঁওপ্ৰধানজনৰ বিৰুদ্ধে আত্মসমৰ্পণ নীতিত ৰাজ্যিক আৰক্ষী বাহিনীক সহায় কৰা, খবৰদাতা হিচাপে কাম কৰা লগতে বোধঘাট জলবিদ্যুৎ প্ৰকল্পত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছে (Maoists letter recovered in Chhattisgarh)।

চিঠিত উল্লেখ কৰা মতে জনবিৰোধী, গোপন অভিযান নকৰিবলৈ আৰু খবৰদাতা হিচাপে কাম নকৰিবলৈ আলামীক তিনিটা সতৰ্কবাণী দিয়া হৈছিল । কিন্তু সেই সতৰ্কবাণীলৈ গুৰুত্ব নিদিয়াৰ বাবে ৰামধৰ আলামীক ২০২৩ চনৰ ফেব্ৰুৱাৰীত মৃত্যুদণ্ড দিয়া হৈছে বুলি চিঠিখনত উল্লেখ কৰা হৈছে ।

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দান্তেৱাড়াৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ তিৱাৰীয়ে কয় যে থুলথুলী গাঁৱলৈ যাত্ৰা কৰাৰ সময়তে এগৰাকী গাঁওবাসীক মাওবাদীয়ে হত্যা কৰিছে । সন্ত্ৰাসৰ সৃষ্টি কৰাৰ বাবে মাওবাদীয়ে নিৰীহ লোকক হত্যা কৰিছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰে (Police reaction over BJP leader killing)।

ইফালে, বিজেপিৰ জিলা সভাপতি চাইটৰাম আটামীয়ে জনোৱা মতে আলামী এগৰাকী সক্ৰিয় দলীয় কৰ্মী আছিল । দীৰ্ঘদিন ধৰি দলটোৰ সৈতে কাম কৰি আছিল । মাওবাদীয়ে তেওঁক যিধৰণে নিৰ্মমভাৱে হত্যা কৰিছে তাক গৰিহণা দিয়ে বিজেপি নেতাগৰাকীয়ে ।

লগতে পঢ়ক :Sadiya Gang Rape: শদিয়াৰ কিশোৰী ধৰ্ষণকাণ্ডত জড়িত দুই অভিযুক্তক জে’ললৈ প্ৰেৰণ; মূল অভিযুক্ত পলাতক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.