ETV Bharat / bharat

অনিল দেশমুখ কাণ্ড: তিনি ঘন্টা ধৰি অধিবক্তা জয়শ্ৰী পেটেলক জেৰা - অনিল দেশমুখৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী গোচৰ

অনিল দেশমুখৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী গোচৰৰ আবেদনকাৰী অধিবক্তা জয়শ্ৰী পাটিলক এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটৰ জেৰা ৷ প্ৰায় তিনি ঘণ্টা সময় অধিবক্তাগৰাকীক প্ৰশ্ন ইডিৰ ৷

anil deshmukh case ed questions advocate jayshri patil
অনিল দেশমুখ কাণ্ড
author img

By

Published : May 20, 2021, 9:38 AM IST

নেচনেল ডেস্ক,20 মে': প্ৰাক্তন মন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী গোচৰৰ আবেদনকাৰী তথা অধিবক্তা জয়শ্ৰী পাটিলে বুধবাৰে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট (ইডি) ৰ সন্মুখত তেওঁৰ বিবৃতি লিপিবদ্ধ কৰে ৷ জানিব পৰা মতে, ইডি-এ প্ৰায় তিনিঘণ্টা ধৰি পাটিলক প্ৰশ্ন কৰিছিল ৷ পাটিলে কয় যে, তেওঁ ইডিৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰি আছে আৰু জ্ঞাত সকলো তথ্য তেওঁ প্ৰকাশ কৰিছে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পাটিলে এইবুলিও অভিযোগ কৰে যে, এনচিপি নেতা সুপ্ৰিয়া চুলে জ্যেষ্ঠ বিষয়াসকলৰ জৰিয়তে তেওঁক উৎপীড়ন চলাবলৈ চেষ্টা কৰিছে ৷

উল্লেখ্য যে, মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে কাৰ্যালয়ৰ পৰা বদলি হোৱাৰ পাচত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে ধন দাবী আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল ৷ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেলৈ প্ৰেৰণ কৰা এক পত্ৰযোগে তেওঁ এই অভিযোগ উত্থাপন কৰে ৷ এই ঘটনাৰ পাচতে দেশমুখে পদত্যাগ কৰিছিল ৷ অৱশ্যে এই অভিযোগ সন্দৰ্ভত ব'ম্বে উচ্চ ন্যায়ালয়ে এক চিবিআই তদন্তৰ নিৰ্দেশ দিছিল ৷ অধিবক্তা জয়শ্ৰী পাটিলে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ পাচতে উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত লৈছিল ৷

ইয়াৰ পূৰ্বে মাৰাঠা সম্প্ৰদায়ৰ হোৱাৰ পিছতো মাৰাঠা সংৰক্ষণৰ বিৰোধিতা কৰাৰ বাবে অধিবক্তা গৰাকী চৰ্চালৈ আহিছিল ৷ এই সন্দৰ্ভত পাটিলৰ হৈ অধিবক্তা গুণৰত্ন সাদাভাৰ্টে এখন আবেদন দাখিল কৰিছিল ৷

লগতে পঢ়ক: আইএনএক্স মিডিয়া গোচৰ: উচ্চ ন্যায়ালয়ে জাৰি কৰিলে স্থগিতাদেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.