ETV Bharat / bharat

পুনৰ এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটৰ ওচৰত হাজিৰ নহ'ল অনিল দেশমুখ - দুই পৃষ্ঠা জোৰা এখন পত্ৰ

মানি লণ্ডাৰিং গোচৰৰ সন্দৰ্ভত তদন্তৰ বাবে সোমবাৰে হাজিৰ হ'বলৈ মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল দেশমুখ(Anil Deshmukh)লৈ চমন জাৰি কৰিছিল এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটে(Enforcement Directorate) । কিন্তু পূৰ্বৰ দৰেই এইবাৰো তদন্তৰ বাবে হাজিৰ নহ'ল অনিল দেশমুখ । মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰীগৰাকীৰ হৈ তেওঁৰ অধিবক্তা ইন্দ্ৰপাল সিঙে এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটলৈ প্ৰেৰণ কৰিলে দুই পৃষ্ঠা জোৰা এখন পত্ৰ । নিজে যোৱাৰ পৰিৱৰ্তে অনিল দেশমুখে এগৰাকী প্ৰতিনিধি প্ৰেৰণ কৰিছে বুলিও পত্ৰখনত উল্লেখ আছিল ।

Anil Deshmukh failed to appear before the Enforcement Directorate
Anil Deshmukh again skips ED summon in money laundering case
author img

By

Published : Aug 2, 2021, 6:51 PM IST

নেশ্যনেল ডেস্ক, ২ আগষ্ট: পঞ্চমবাৰৰ বাবেও এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেট(Enforcement Directorate)ৰ চমনৰ প্ৰতি বিশেষ গুৰুত্ব নিদিলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল দেশমুখে(Anil Deshmukh) । এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, সোমবাৰে অনিল দেশমুখক তদন্তৰ বাবে হাজিৰ হ'বলৈ কোৱা হৈছিল । কিন্তু তেওঁ হাজিৰ নহ'ল । প্ৰাক্তন গৃহ মন্ত্ৰীগৰাকীৰ হৈ তেওঁৰ অধিবক্তা ইন্দ্ৰপাল সিঙে এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটলৈ দুই পৃষ্ঠা জোৰা এখন পত্ৰ প্ৰেৰণ কৰে ।

নিজে যোৱাৰ পৰিৱৰ্তে অনিল দেশমুখে এগৰাকী প্ৰতিনিধি প্ৰেৰণ কৰিছে বুলি পত্ৰখনত উল্লেখ আছিল । এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটৰ চমনক প্ৰত্যাহ্বান জনাই দেশমুখে উচ্চতম আদালতত কৰা এক আবেদন দাখিল কৰিছিল আৰু নিজৰ লগতে তেওঁৰ পুত্ৰৰ সুৰক্ষা বিচাৰিছিল । শুকুৰবাৰে, মানি লণ্ডাৰিং গোচৰত এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটে এন চি পি নেতাগৰাকী আৰু তেওঁৰ পুত্ৰ হৃষিকেশ দেশমুখক সোমবাৰে তদন্ত সংস্থাটোৰ দক্ষিণ মুম্বাইস্থিত কাৰ্যালয়ত হাজিৰ হ'বলৈ নতুন চমন জাৰি কৰিছিল । কিন্তু এইবাৰো এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটৰ চমন এৰাই চলিলে অনিল দেশমুখে ।

Anil Deshmukh sent a two page letter to the ED
এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটলৈ দুই পৃষ্ঠা জোৰা পত্ৰ অনিল দেশমুখৰ

মানি লণ্ডাৰিং প্ৰতিৰোধ আইন(Prevention of Money Laundering Act)ৰ ধাৰাৰ অধীনত অনিল দেশমুখক হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল । সংস্থাটোৱে এই গোচৰ সন্দৰ্ভত দেশমুখৰ জবানবন্দী ল'ব বিচাৰিছে । আনহাতে, এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটৰ চমনক প্ৰত্যাহ্বান জনাই দেশমুখ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ।

কিন্তু শুকুৰবাৰে আদালতে কয় যে, এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটে দাখিল কৰা মানি লণ্ডাৰিং গোচৰত যিকোনো বলপূৰ্বক পদক্ষেপৰ পৰা সুৰক্ষা বিচাৰি অনিল দেশমুখে দাখিল কৰা আবেদনৰ শুনানি ৩ আগষ্টত গ্ৰহণ কৰা হ'ব ৷ অনিল দেশমুখে যোৱা মাহত জনাইছিল যে, তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত ঘোষণা কৰাৰ পিছতহে তেওঁ মানি লণ্ডাৰিং গোচৰ সন্দৰ্ভত তেওঁৰ জবানবন্দী দিবলৈ এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটৰ সন্মুখত হাজিৰ হ'ব ৷ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা(Central Bureau of Investigation)ই প্ৰথমে প্ৰাথমিক তদন্ত কৰাৰ পিছত বোম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত নিয়মীয়া গোচৰ ৰুজু কৰে । ইয়াৰ পাছতে দেশমুখ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটে তদন্ত আৰম্ভ কৰে ।

আদালতে মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙে অনিল দেশমুখৰ বিৰুদ্ধে উত্থাপন কৰা উৎকোচৰ অভিযোগৰ তদন্ত কৰিবলৈ চি বি আইক নিৰ্দেশ দিছিল । এই অভিযোগ উত্থাপিত হোৱাৰ পিছত এপ্ৰিল মাহত দেশমুখে পদত্যাগ কৰে । কিন্তু দুৰ্নীতি সংঘটিত কৰাৰ কথা অনিল দেশমুখে অস্বীকাৰ কৰিছে । এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেট ইয়াৰ পূৰ্বে অনিল দেশমুখৰ ব্যক্তিগত সচিব সঞ্জীৱ পালাণ্ডেক মুম্বাইৰ পৰা আৰু ব্যক্তিগত সহায়ক কুন্দন চিন্দেক নাগপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক:অসম-মিজোৰাম সীমা বিবাদঃ অসমৰ সাংসদৰে বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.