ETV Bharat / bharat

ক'ভিড-19ৰ প্ৰতিষেধক মজুত ৰখাৰ উদ্দেশ্যে সাজু অন্ধ্ৰপ্ৰদেশ - ক'ৰণা ভাইৰাছৰ প্ৰতিষেধক

আটাইতকৈ বৃহৎ সংখ্যক ক'ভিড-19 প্ৰতিষেধক মজুত কৰাৰ বাবে সাজু অন্ধ্ৰপ্ৰদেশ ৷ প্ৰতিষেধক মজুত ৰখাৰ উদ্দেশ্যে ছটা বৃহৎ ৰিফ্ৰিজাৰেটৰ ব্যৱস্থা ৷ প্ৰতিষেধকৰ সাম্ভাৱ্য অপপ্ৰয়োগ বা চুৰি সাম্ভাৱ্য পৰ্যবেক্ষণ কৰাৰ বাবে 50 টাকৈ CCTV কেমেৰাৰ ব্যৱস্থা ৷

Andhra to store COVID-19 vaccine
ক'ভিড-19 প্ৰতিষেধক মজুত ৰখাৰ উদ্দেশ্যে সাজু অন্ধ্ৰপ্ৰদেশ
author img

By

Published : Dec 27, 2020, 2:32 PM IST

নেচনেল ডেস্ক, 27 ডিচেম্বৰ : ক'ৰণা ভাইৰাছৰ প্ৰতিষেধক ব্যৱহাৰৰ বাবে দেশ সাজু হোৱাৰ লগে লগে প্ৰতিষেধকৰ আটাইতকৈ বৃহৎ সংখ্যক প্ৰতিষেধক মজুত কৰাৰ বাবে সাজু হৈছে অন্ধ্ৰপ্ৰদেশ ৷ সেই উদ্দেশ্যে অন্ধ্ৰ প্ৰদেশে ইতিমধ্যে ছটা বৃহৎ ৰেফ্ৰিজাৰেটৰ ব্যৱস্থা কৰিছে ৷ ৰাজ্যখনৰ কৃষ্ণা জিলাৰ গন্নভৰমত ক'ভিড প্ৰতিষেধক মজুত ৰখাৰ বাবে অন্ধ্ৰপ্ৰদেশে এই ছয় ৰিফ্ৰিজাৰেটৰ ব্যৱস্থা কৰিছে ৷

অন্ধ্ৰপ্ৰদেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আয়ুক্ত ভাস্কৰ কাটাম্নেই এক বিবৃতিযোগে শনিবাৰে এই কথা জানিবলৈ দিয়ে ৷ তেওঁ কয় যে ছটাকৈ বৃহৎ ৰেফ্ৰিজাৰেটৰ ( LARGE-ILR) সোমবাৰৰ পৰা প্ৰতিষেধক মজুত ৰাখিবলৈ ঠিক কৰা কেন্দ্ৰসমূহলৈ পথোৱাৰ ব্যৱস্থা কৰা হ'ব ৷ এই ৰেফ্ৰিজাৰেটৰ কেইটাৰ তিনিটা 40,000 লিটাৰ ক্ষমতাৰ আৰু বাকী তিনিটা 16,500 ক্ষমতাৰ বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে ৰাজ্যখনে প্ৰতিষেধক প্ৰদান কৰা কেন্দ্ৰসমূহত প্ৰতিষেধকৰ সাম্ভাৱ্য অপপ্ৰয়োগ বা চুৰি সাম্ভাৱ্য পৰ্যবেক্ষণ কৰাৰ বাবে 50 টা CCTV কেমেৰা স্থাপন কৰিছে ৷ সেই অনুসৰি মুখ্য কেন্দ্ৰ সমূহত সুৰক্ষা ব্যৱস্থাও অধিক কঠোৰ কৰি তোলা হৈছে ৷

বৰ্তমান ৰাজ্যখনত গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে প্ৰতিষেধক পৰিবহনৰ বাবে 26 খন বাহন আছে ৷ অন্য 25 খন বাহনো প্ৰতিষেধক পৰিবহনৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হ'ব আৰু GPRS প্ৰযুক্তিৰ জৰিয়তে এই বাহন সমূহ সম্পূৰ্ণ পৰ্যবেক্ষণ কৰি থকা হ'ব ৷

লগতে পঢ়ক:কৰ্ণাটকত শোকাৱহ দুৰ্ঘটনাত নিহত 5 গৰাকী লোক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.