ETV Bharat / bharat

Anantnag Encounter : আজি বিয়লি পঞ্চকুলাৰ গৃহভূমিত উপস্থিত হ'ব শ্বহীদ কৰ্ণেল মনপ্ৰীত সিঙৰ নশ্বৰ দেহ - anantnag encounter martyred Humayun Bhat

জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত পঞ্চকুলাৰ বাসিন্দা কৰ্ণেল মনপ্ৰীত সিঙো নিহত হয় । তেওঁৰ মৃত্যুত পঞ্চকুলাকে ধৰি তেওঁৰ জন্মস্থান মোহালিতো শোকৰ পৰিৱেশে বিৰাজ কৰিছে । মনপ্ৰীত সিঙৰ নশ্বৰ দেহ বৃহস্পতিবাৰে আবেলি তেওঁৰ জন্মগাঁৱত গৈ উপস্থিত হ'ব । উল্লেখ্য যে তেওঁৰ সাহসিকতাৰ বাবে ভাৰতীয় সেনাই তেওঁক সেনা পদকেৰে সন্মানিত কৰিছিল ।

Anantnag Encounter
Anantnag Encounter
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 4:32 PM IST

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : বুধবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰে সংঘটিত সংঘৰ্ষত তিনিজনকৈ নিৰাপত্তা বিষয়া শ্বহীদ হয় । তাৰে ভিতৰত এগৰাকী হৈছে পঞ্চকুলাৰ বাসিন্দা কৰ্ণেল মনপ্ৰীত সিং । তেওঁ শ্বহীদ হোৱাৰ বাতৰি প্ৰকাশৰ পিছতে পঞ্চকুলা আৰু মোহালিত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । কৰ্ণেল মনপ্ৰীত সিঙৰ নশ্বৰ দেহ বৃহস্পতিবাৰে মোহালি জিলাৰ তেওঁৰ জন্মস্থান ভঞ্জোৰিয়াত উপস্থিত হ'ব । মনপ্ৰীত সিঙৰ নশ্বৰ দেহ বিয়লি তেওঁৰ জন্মভূমিত গৈ উপস্থিত হ'ব বুলি আশা কৰা হৈছে ।

শ্বহীদ মনপ্ৰীত সিঙে তেওঁৰ পত্নী আৰু দুই সন্তানক এৰি থৈ গৈছে । আনহাতে, তেওঁ শ্বহীদ হোৱাৰ বাতৰি প্ৰকাশৰ পিছৰে পৰা পঞ্চকুলা ছেক্টৰ-২৬ত থকা তেওঁৰ বাসগৃহ আৰু মোহালিৰ তেওঁৰ জন্মভূমিত নীৰৱতাই বিৰাজ কৰিছে । তেওঁৰ পত্নী জগমিত, ভগ্নী আৰু ভাতৃ পঞ্চকুলাত তেওঁৰ ঘৰত থাকে । মনপ্ৰীতৰ পত্নী এগৰাকী শিক্ষয়িত্ৰী । অৱশ্যে তেওঁৰ শ্বহীদৰ খবৰ তেওঁৰ পত্নী আৰু সন্তানক বহু সময় ধৰি দিয়া হোৱা নাছিল । তেওঁলোকক কোৱা হৈছিল যে তেওঁ আঘাতপ্ৰাপ্ত হৈছে ।

তথ্য অনুসৰি, শ্বহীদ কৰ্ণেল মনপ্ৰীত সিঙৰ ককাক শীতল সিং, পিতৃ প্ৰয়াত লখমিৰ সিং আৰু খুৰাক ৰঞ্জিত সিঙো ভাৰতীয় সেনাত নিযুক্ত আছিল । মনপ্ৰীত সিঙৰ পিতৃয়ে সেনাৰ পৰা অৱসৰ লোৱাৰ পিছত পঞ্জাব বিশ্ববিদ্যালয়ত নিৰাপত্তা ছুপাৰভাইজাৰ হিচাপেও কাম কৰিছিল ।

কৰ্ণেল মনপ্ৰীত সিঙে ভাৰতীয় সেনাত ১৯ ৰাষ্ট্ৰীয় ৰাইফলছ (আৰআৰ) বেটেলিয়নক কমাণ্ড কৰি আছিল । বুধবাৰে অনন্তনাগত সন্ত্ৰাসবাদী-বিৰোধী অভিযানত তেওঁ শ্বহীদ হয় । তথ্য অনুসৰি, মনপ্ৰীত সিঙে চাৰি মাহৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাইফলছৰ পৰা তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ কৰি অৱসৰ গ্ৰহণ কৰিবলৈ ওলাইছিল । কিন্তু তাৰ পূৰ্বেই তেওঁ দেশ ৰক্ষাৰ বাবে শ্বহীদ হয় ।

উল্লেখ্য যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই অভিযান মঙলবাৰে সন্ধিয়া অনন্তনাগত আৰম্ভ হৈছিল । কিন্তু নিশা অভিযান বন্ধ কৰি দিয়া হৈছিল । ইয়াৰ পিছত বুধবাৰে সেনা কৰ্তৃপক্ষই পুনৰ অভিযান আৰম্ভ কৰে । এই তালাচী অভিযানত পঞ্চকুলাৰ বাসিন্দা কৰ্ণেল মনপ্ৰীত সিঙে তেওঁৰ দলটোক নেতৃত্ব দিয়ে আৰু সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ চলায় । এই সময়ছোৱাতে সন্ত্ৰাসবাদীয়ে প্ৰত্যাক্ৰমণ চলাই তেওঁৰ দলটোৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে । এই সংঘৰ্ষত মনপ্ৰীত সিঙৰ সৈতে মেজৰ আশিস ধোনাক আৰু ডিএছপি হুমায়ুন ভাটো শ্বহীদ হয় ।

লগতে পঢ়ক :Encounter in JK: সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হ’ল সাহসী যোদ্ধা কেণ্ট, ভাৰতীয় সেনাৰ শোক প্ৰকাশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.