ETV Bharat / bharat

অনন্তনাগত পত্নীসহ পঞ্চায়তৰ সভাপতিক গুলীয়াই হত্যা

author img

By

Published : Aug 9, 2021, 6:19 PM IST

অনন্তনাগত সন্ত্ৰাসবাদীৰ আক্ৰমণত গুলাম ৰাচুল দাৰ আৰু তেওঁৰ পত্নী নিহত হয় ৷ গুলাম ৰাচুল দাৰ গুলগাম বিজেপি কিষাণ মৰ্চাৰ সভাপতি হোৱাৰ উপৰিও এগৰাকী পঞ্চায়ত সভাপতি আছিল ৷

Anantnag :  BJP Sarpanch Gh Rasool Dar and his wife Jawhira shot dead
অনন্তনাগত বিজেপি সৰপঞ্চ আৰু তেওঁৰ পত্নীক গুলিয়াই হত্যা

নেশ্যনেল ডেস্ক, 9 আগষ্ট : জম্মু-কাশ্মীৰৰ অনন্তনাগত সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিলে এগৰাকী বিজেপি নেতা আৰু তেওঁৰ পত্নীক ৷ দুয়ো পতি-পত্নী কুলগামৰ ৰেডৱানীৰ বাসিন্দা আছিল যদিও অনন্তনাগত ভাড়াতীয়া হিচাপে বাস কৰি আছিল ৷

জম্মু-কাশ্মীৰৰ বিজেপি নেতা আলটাফ ঠাকুৰে এই ঘটনা সন্দৰ্ভত কয়, "অনন্তনাগত সন্ত্ৰাসবাদীৰ আক্ৰমণত গুলাম ৰাচুল দাৰ আৰু তেওঁৰ পত্নী নিহত হয় ৷ গুলাম ৰাচুল দাৰ গুলগাম বিজেপি কিষাণ মৰ্চাৰ সভাপতি হোৱাৰ উপৰিও এগৰাকী পঞ্চায়ত সভাপতি আছিল ৷"

আৰক্ষীয়ে জনোৱা অনুসৰি, দাৰৰ অনন্তনাগৰ লাল চ’কস্থিত ভাড়াঘৰটোত লুকাই থকা অচিনাক্ত বন্দুকধাৰী দুৰ্বৃত্তই পতি-পত্নী দুয়োকে গুলিয়াই থৈ যায় ৷ এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়ো স্বামী-স্ত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে ৷

ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী উপস্থিত হৈ সমগ্ৰ অঞ্চল ঘেৰাও কৰিছে ৷

উল্লেখ্য যে, যোৱা শনিবাৰেও কুলগামত আৰক্ষীৰ এক অনুষ্ঠানৰ মাজতে আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে ৷ এই আক্ৰমণত এগৰাকী আৰক্ষী বিষয়া নিহত হৈছিল ৷ এই ঘটনাটো লেফটেনেন্ট জেনেৰেল মনোজ সিন্হাই কুলগাম ভ্ৰমণ কৰাৰ এদিন পূৰ্বে সংঘটিত হৈছিল ৷

আনহাতে, দেওবাৰে কুলগামত উপস্থিত হৈ মনোজ সিন্হাই কয় সন্ত্ৰাসবাদী আৰু তেওঁলোকক সহায় কৰা কোনো লোককে ক্ষমা নকৰে সেনাই ৷ গুলাম ৰাচুল দাৰ আৰু তেওঁৰ পত্নী জাহিৰাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিজেপি আৰু Apni Partyয়ে ৷

লগতে পঢ়ক:জনা-নজনা : চলন্ত বাহন উৰি যোৱা অঞ্চলটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.