ETV Bharat / bharat

লিটাৰত ২ টকা বৃদ্ধি আমুল আৰু মাদাৰ ডেইৰী গাখীৰৰ মূল্য

author img

By

Published : Aug 16, 2022, 6:41 PM IST

মঙলবাৰে আমুল গ'ল্ড, আমুল শক্তি আৰু আমুল তাজা গাখীৰ ব্ৰেণ্ডৰ মূল্য প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি কৰা হয় (Prices of Amul milk hike Rs 2 per litre) ।

Amul milk
Amul milk

নিউজ ডেস্ক, ১৬ আগষ্ট : মহঙা বজাৰত সোমাবলৈ গ্ৰাহকে এক প্ৰকাৰ কেইবাবাৰো ভাবিবলগীয়া অৱস্থা । নিত্য প্ৰয়োজনীয় সামগ্ৰীকে ধৰি প্ৰায়বোৰ সামগ্ৰীৰে এতিয়া আকাশলংঘী মূল্য (price hike in India) । তাৰ মাজতে এইবাৰ নিজৰ ব্ৰেণ্ডৰ আটাইকেইবিধ গাখীৰৰে মূল্য বৃদ্ধি কৰিলে দেশৰ প্ৰসিদ্ধ গাখীৰ উৎপাদক কোম্পানী আমুলে (Amul brand milk price hike Rs 2 per litre) ।

উল্লেখ্য, আমুল ব্ৰেণ্ডৰ অধীনত ইয়াৰ দুগ্ধজাত সামগ্ৰীৰ বিপণন কৰা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন চমুকৈ (Gujarat Cooperative Milk Marketing Federation) জিচিএমএমএফে মঙলবাৰে ইয়াৰ গ'ল্ড, তাজা আৰু শক্তি গাখীৰ ব্ৰেণ্ডৰ মূল্য প্ৰতি লিটাৰত 2 টকাকৈ বৃদ্ধি কৰিছে । নতুন মূল্যবোৰ বুধবাৰৰ পৰা কাৰ্যকৰী হ'ব বুলি জিচিএমএমএফে এক বিবৃতিত জনাইছে ।

ফেডাৰেচনৰ আনন্দ মুখ্য কাৰ্যালয়ে এই সন্দৰ্ভত কৈছে, "জিচিএমএমএফে (GCMMF) গুজৰাট, দিল্লী এনচিআৰ (Delhi NCR), পশ্চিমবংগ, মুম্বাই আৰু আন সকলো বজাৰত গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ।" উল্লেখ্য, আহমেদাবাদ আৰু সৌৰাষ্ট্ৰৰ বজাৰত এতিয়া আমুল গ'ল্ডৰ ৫০০ মিঃলিঃৰ মূল্য হ'ব ৩১ টকা, আমুল তাজাৰ মূল্য হ'ব ২৫ টকা আৰু আমুল শক্তিৰ মূল্য ২৮ টকা । বিবৃতিটোত লগতে কোৱা হৈছে ।

আনহাতে, মাদাৰ ডেইৰীয়েও ইয়াৰ ক্ৰয় আৰু অন্যান্য আনুষংগিক ব্যয় বৃদ্ধিৰ বাবে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ দিল্লী এনচিআৰত গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে (Mother Dairy also increases milk price) । সম্পূৰ্ণ ক্ৰীম গাখীৰৰ মূল্য বুধবাৰৰ পৰা প্ৰতি লিটাৰত 59 টকাৰ পৰা প্ৰতি লিটাৰত 61 টকা হ'ব ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৭ সেনা জোৱান, আহত বহু

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.