ETV Bharat / bharat

চেন্নাইত হোৱা এমোনিয়া গেছ নিৰ্গমনৰ ফলত প্ৰায় অৰ্ধশতাধিক লোক বৰ্তমানেও চিকিৎসাধীন - Tamil nadu News

উত্তৰ চেন্নাইৰ এন্নোৰৰ(chennai gas leak) এটা সাৰ কাৰখানাৰ পৰা এমোনিয়া গেছ নিৰ্গত হোৱাৰ(ammonia gas leak) ফলত প্ৰায় অৰ্ধশতাধিক লোক চিকিৎসাধীন হৈছে ৷ শিশুসহ প্ৰায় 52 জনকৈ লোকক চিকিৎসালয়ত বৰ্তমানেও ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে ৷

ammonia gas leak in chennai
চেন্নাইত হোৱা এমোনিয়া গেছ নিৰ্গমনৰ ফলত প্ৰায় অৰ্ধশতাধিক লোক বৰ্তমানেও চিকিৎসাধীন
author img

By PTI

Published : Dec 28, 2023, 8:33 AM IST

নিউজ ডেস্ক, 28 ডিচেম্বৰ: অভিশপ্ত ভূপাল গেছ দুৰ্ঘটনাৰ ভয়াবহ কাহিনী নিশ্চয় আপুনিও শুনিছে ৷ ঠিক তেনে অনুৰূপ ঘটনাৰ পৰা ৰক্ষা পৰিল চেন্নাই ৷ কাৰণ, বুধবাৰে উত্তৰ চেন্নাইৰ এন্নোৰৰ এটা সাৰ কাৰখানাৰ পৰা নিৰ্গত হৈছিল বিষাক্ত এমোনিয়া গেছ ৷

বুধবাৰে উত্তৰ চেন্নাইৰ এন্নোৰৰ এটা সাৰ কাৰখানাৰ পৰা এমোনিয়া গেছ নিৰ্গত হোৱাৰ ফলত বৰ্তমানলৈকে প্ৰায় অৰ্ধশতাধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, 26 ডিচেম্বৰত নিশা সাৰ কাৰখানাৰটোৰ পৰা এমোনিয়া গেছ নিৰ্গত হৈছিল ৷

এমোনিয়া গেছ নিৰ্গত হোৱাৰ ফলত স্থানীয় বাসিন্দাসকলৰ উশাহ চুটি হোৱা আৰু বমি দৰে লক্ষণে দেখা দিয়ে ৷ ফলত বৰ্তমান পৰ্যন্ত 52 জনকৈ লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আনহাতে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ এক বিশেষজ্ঞৰ দল গঠন কৰা হৈছে ৷ 24 ঘন্টাৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ বিশেষজ্ঞৰ দলটোক নিৰ্দেশ দিছে চৰকাৰে ৷

ঘটনাৰ সন্দৰ্ভত এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, 20 মিনিটৰ ভিতৰত বিশেষজ্ঞসকলে গেছ নিৰ্গত বন্ধ কৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান কোনো এমোনিয়া গোেছ নিৰ্গত হোৱা নাই বুলিও প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে । টি এন পি চি বিয়ে সাৰ কাৰখানাৰটোৰ কাৰ্যকলাপ তৎক্ষণাৎ স্থগিত ৰখাৰ নিৰ্দেশ দিছিল।

উল্লেখ্য যে, 26 ডিচেম্বৰৰ নিশা প্ৰায় 11.45 বজাত গেছ নিৰ্গত হৈছিল ৷ মাজনিশা সমুদ্ৰৰ সমীপত থকা কিছুমান মাছমৰীয়া আৰু স্থানীয় বাসিন্দাই অস্বাভাৱিক শব্দ শুনা পাইছিল ৷ তাৰ পাচত উত্তৰ চেন্নাই অঞ্চলৰ দুৰ্গন্ধ বিয়পি পৰে, যাৰ ফলত কেইবাজনো ব্যক্তিয়ে চকু, ডিঙি আৰু বুকুত জ্বলা-পোৰা অনুভৱ হোৱাৰ লগতে মূৰ্ছা গৈছিল । শুই থকা লোকসকল আতংকিত হৈ তেওঁলোকৰ ঘৰৰ পৰা ওলাই আহিছিল বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়ক : চেন্নাই সাৰ কাৰখানাত এমোনিয়া গেছ নিৰ্গমন; চিকিৎসালয়ত ভৰ্তি কেইবাজনো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.