কলকাতা, ১৯ ডিচেম্বৰ : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে পশ্চিমবংগৰ মিদনাপুৰত এখন ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰিব । ৰেলীৰ পাছত এখন জনসভা সম্বোধন কৰিব অমিত শ্বাহে । মিদনাপুৰ ৰেলীত অমিত শ্বাহৰ লগত সদ্য পদত্যাগী তৃণমূল কংগ্ৰেছৰ বিধায়ক সুভেন্দু অধিকাৰীয়ে অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । মিদনাপুৰতে আজি সুভেন্দু অধিকাৰীয়ে বিজেপি দলত যোগদান কৰিব বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
শ্বাহে মিদনাপুৰত ৰামকৃষ্ণ মিছন আৰু সিদ্ধশ্বৰী কালী মন্দিৰ দৰ্শন কৰিব । ইয়াৰ পাছত তেওঁ মিদনাপুৰ বেলিজৰি গাঁৱৰ কৃষকৰ বাসগৃহত মধ্যাহ্ন ভোজন গ্ৰহণ কৰিব আৰু সন্ধিয়া ৰাজহুৱা ৰেলীখন সম্বোধন কৰিব । দিনৰ কাৰ্যসূচীৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কলকাতালৈ আহিব আৰু কলকাতাৰ ৰাজাৰহাতৰ এখন হোটেলত দলীয় কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ'ব ।
দেওবাৰে গৃহমন্ত্ৰীগৰাকী বিৰভূম জিলাৰ বোলপুৰত উপস্থিত হ'ব । বিৰভূমত তেওঁ বিশ্ব ভাৰতী বিশ্ববিদ্যালয় ভ্ৰমণ কৰিব আৰু এজন বাংলা লোকসংগীত শিল্পীৰ ঘৰত মধ্যাহ্ন ভোজন কৰিব । বিৰভূমতো মন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰিব । ইয়াৰ পাছত তেওঁ স্থানীয় লোকৰ সৈতে বাৰ্তালাপ কৰিব আৰু জিলাখনৰ কৃষকৰ পৰিয়ালক সাক্ষাৎ কৰিব । উল্লেখ্য যে, পশ্চিমবংগ বিধানসভা নিৰ্বাচনক লৈ দলীয় নেতৃত্বৰ কামৰ বুজ ল'বলৈ শনিবাৰে পুৱতি নিশা দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কলকাতাত উপস্থিত হৈছিল ।
লগতে পঢ়ক : ক'ভিড প্ৰতিষেধক : ভাৰতে উৎপাদন কৰিব 300 মিলিয়ন স্পুট'নিক প্ৰতিষেধক