ETV Bharat / bharat

অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

author img

By

Published : Feb 11, 2021, 9:23 AM IST

Updated : Feb 11, 2021, 11:15 AM IST

বুধবাৰে নিশা গুৱাহাটীস্থিত বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ গৃহমন্ত্ৰীগৰাকীক বিমান বন্দৰত উষ্ম আদৰণি জনোৱা হয় ৷ আজি চিৰাঙত এক বৈঠকত মিলিত হ’ব গৃহমন্ত্ৰী শ্বাহ ৷

অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক,11 ফেব্ৰুৱাৰী: বুধবাৰে নিশা মহানগৰী গুৱাহাটীত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ গৃহমন্ত্ৰীগৰাকীক বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাচতেই উষ্ম আদৰণি জনোৱা হয় ৷

গৃহমন্ত্ৰী শ্বাহে বৃহস্পতিবাৰে উপস্থিত হ’ব চিৰাঙৰ ছাতিপুৰ গাঁৱৰ গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েছনৰ প্ৰতিষ্ঠাপক অনন্ত ৰায় মহাৰাজৰ বাসগৃহত ৷ ইয়াৰ পাচতে অনন্ত মহাৰাজৰ লগতে সভাপতি নিৰ্মল ৰায় আৰু সাধাৰণ সম্পাদিকা নমিতা বৰ্মনৰ সৈতে এক বৈঠকত মিলিত হ’ব অমিত শ্বাহ ৷

গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েছনৰ বিভিন্ন দাবীক সঁহাৰি জনাই এই বৈঠক অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে ৷ চিৰাঙত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকৰ পিছতেই কোচবিহাৰৰ এখন নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷ এই সভাতে গৃহমন্ত্ৰীগৰাকীয়ে চিৰাঙত হোৱা আলোচনাৰ ফলাফলৰ বিষয়ে ঘোষণা কৰিব । গৃহমন্ত্ৰী গৰাকীৰ আগমনৰ বাবে ইতিমধ্যে চিৰাঙত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত গৃহমন্ত্ৰী গৰাকীয়ে ভোটাৰৰ মন জয় কৰাৰ বাবে সঘনাই অসম ভ্ৰমণৰ কাৰ্যসূচী লৈছে বুলি একাংশই মন্তব্য কৰে ৷

অন্য এক খবৰৰ বাবে: ভোট যুদ্ধত নামিবলৈ সাজু ১১ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ সন্তান

Last Updated : Feb 11, 2021, 11:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.