ETV Bharat / bharat

Amit Shah at JK : তিনিদিনীয়া কাৰ্যসূচীৰে জম্মু-কাশ্মীৰত অমিত শ্বাহ

তিনিদিনীয়া ভ্ৰমণসূচীৰে জম্মু-কাশ্মীৰত উপস্থিত গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah at JK)। মঙলবাৰে পুৱাই শ্বাহে বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰে । মন্ত্ৰীগৰাকীয়ে দুখন বৃহৎ ৰেলী সম্বোধন কৰিব ।

author img

By

Published : Oct 4, 2022, 1:08 PM IST

Amit Shah
বৈষ্ণো দেৱী মন্দিৰ দৰ্শন অমিত শ্বাহৰ

নেশ্যনেল ডেস্ক,৪ অক্টোবৰ : কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত সোমবাৰে জম্মু-কাশ্মীৰত উপস্থিত হয় দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah at Jammu and Kashmir)। এই তিনিদিনীয়া ভ্ৰমণসূচীত মন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

জম্মুৰ কাৰিকৰী বিমানবন্দৰত লেফটেনেণ্ট জেনেৰেল মনোজ সিনহা, দলীয় নেতা আৰু শীৰ্ষ বিষয়াসকলে মন্ত্ৰীগৰাকীক আদৰণি জনায় । মঙলবাৰে পুৱাই অমিত শ্বাহে ৰিয়াচি জিলাৰ ত্ৰিকুটা পাহাৰৰ বৈষ্ণো দেৱী মন্দিৰলৈ ৰাওনা হয় (Amit Shah visits Vaishno Devi temple)। ৰাম নৱমী উপলক্ষে শ্বাহে মাতা বৈষ্ণো দেৱীৰ ওচৰত এক বিশেষ পূজা আগবঢ়ায় ।

সূত্ৰৰ মতে বৈষ্ণো দেৱী মন্দিৰত প্ৰাৰ্থনা কৰাৰ পাছত শ্বাহে ৰাজৌৰীৰ সীমান্ত জিলালৈ যাত্ৰা কৰিব । য'ত তেওঁ ৰাজৌৰী বাছ আস্থানত এক ৰেলী সম্বোধন কৰিব (Amit Shah rally at JK)। গৃহ মন্ত্ৰীয়ে ৰেলীৰ সময়ত ৰাজৌৰীৰ পাহাৰীয়া জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে । ৰাজৌৰীৰ পৰা তেওঁ জম্মুলৈ উভতি আহিব য'ত তেওঁ কনভেনশ্যন কেন্দ্ৰত বিজেপি নেতাসকলক সাক্ষাৎ কৰিব (Amit Shah to meet top leader of BJP)।

মন্ত্ৰীগৰাকীয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পও শুভাৰম্ভ কৰিব আৰু কিছুমান নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । শ্বাহে মঙলবাৰে সন্ধিয়া শ্ৰীনগৰত উপস্থিত হ'ব । সূত্ৰৰ মতে তেওঁ ৫ অক্টোবৰত বাৰামুলা ক্ৰীড়া ষ্টেডিয়ামত এক ৰেলী সম্বোধন কৰিব (Amit Shah rally at Srinagar)। আনহাতে শ্ৰীনগৰত শ্বাহে লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা, সেনা, নিৰাপত্তা বাহিনীৰ বিষয়া, গৃহ মন্ত্ৰালয়ৰ বিষয়া আৰু বিভিন্ন নিৰাপত্তা সংস্থাৰ সৈতে এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠকত উপস্থিত থাকিব ।

সূত্ৰৰ মতে সকলো ঠিকে থাকিলে গৃহ মন্ত্ৰীয়ে কাশ্মীৰত আৰক্ষীৰ শ্বহীদসকলৰ কিছু পৰিয়ালক সাক্ষাৎ কৰিব । ইফালে, গৃহ মন্ত্ৰীৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ জম্মু-কাশ্মীৰত । ৰাজপথ আৰু বিশিষ্ট স্থানত নিশাৰ তহল আৰু চেক পোষ্ট বৃদ্ধি কৰা হৈছে । সমান্তৰালকৈ অমিত শ্বাহৰ ভ্ৰমণৰ সময়ত যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ শ্ৰীনগৰ চহৰখন ড্ৰোণৰ দ্বাৰা নিৰীক্ষণ কৰি থকা হৈছে ।

লগতে পঢ়ক :জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান(কাৰাগাৰ)ক হত্যা, সন্ত্ৰাসবাদী সংগঠন TRF ৰ হত্যাৰ দায়িত্ব স্বীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.