ETV Bharat / bharat

Tomato Auctioned at Record Price : কোলাৰত ১৫ কিলো বিলাহী ২২০০ টকাত নিলাম

বৰ্তমান বিলাহীৰ চাহিদা যিমানে বৃদ্ধি পাইছে, সেই অনুপাতে হ্ৰাস পাইছে যোগান । যাৰ ফলত এই মুখ্য পাচলিবিধৰ মূল্য আকাশচুম্বী হৈছে ।

Tomato Auctioned at Record Price
Tomato Auctioned at Record Price
author img

By

Published : Jul 12, 2023, 2:13 PM IST

নিউজ ডেস্ক, ১২ জুলাই : সমগ্ৰ দেশতে দৈনিক বৃদ্ধি পাই আছে বিলাহীৰ মূল্য । 'পাকঘৰৰ ৰাণী' বুলি জনাজাত বিলাহীৰ এতিয়া যথেষ্ট চাহিদা আছে । তাৰ মাজতে মঙলবাৰে কোলাৰৰ কৃষি উৎপাদন বজাৰ সমিতিত (এপিএমচি) ২,২০০ টকাত ১৫ কিলোগ্ৰাম বিলাহীৰ বাকচ নিলাম কৰা হয় । যিটোৱে এক অভিলেখ গঢ়িছে ।

কৰ্ণাটকৰ চিক্কাবাল্লাপুৰ জিলাৰ বিজাকুৰ গাঁৱৰ ভেঙ্কটৰমণে এটা ১৫ কিলোগ্ৰাম বিলাহীৰ বাকচ ২,২০০ টকাত বিক্ৰী কৰে । কোলাৰৰ এপিএমচি বজাৰ হৈছে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বজাৰ । সমগ্ৰ ভাৰতৰ ব্যৱসায়ীসকলে তালৈ পাচলি ক্ৰয় কৰিবলৈ যায় । শেহতীয়াকৈ বিলাহীৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে ।

ভেঙ্কটৰমণে তেওঁৰ এক একৰ খেতিপথাৰত বিলাহী খেতি কৰিছে । তেওঁ এপিএমচি বজাৰলৈ ৩৬ বাকচ বিলাহী বিক্ৰী কৰিবলৈ আনে আৰু তাৰ পৰা বৃহৎ পৰিমাণত উপাৰ্জন কৰে । উল্লেখ্য যে কোলাৰ আৰু চিক্কাবাল্লাপুৰ জিলা হৈছে কৰ্ণাটকৰ সৰ্বাধিক সংখ্যক বিলাহী উৎপাদক । জিলাকেইখনত বিলাহী খেতিৰ বাবে বতৰ অনুকূল ।

এপিএমচি কোলাৰৰ সূত্ৰ মতে, বিগত মাহত বিলাহীৰ মূল্য প্ৰতিদিনে ১০০-২০০ টকালৈ বৃদ্ধি হৈ আহিছে । জুনৰ দ্বিতীয় সপ্তাহত আৰম্ভ হোৱা বিলাহীৰ মূল্যবৃদ্ধি আজিও অব্যাহত আছে । তেওঁলোকে লগতে কয় যে দিল্লী, মহাৰাষ্ট্ৰৰ নাছিক, গুজৰাট, পশ্চিমবংগ, ৰাজস্থান আৰু আনকি বাংলাদেশৰ দৰে অঞ্চলৰ পৰা অহা বিলাহীৰো যথেষ্ট চাহিদা আছে ।

সূত্ৰ অনুসৰি, কোলাৰ অঞ্চলত বিলাহী এক নিৰ্দিষ্ট ভাইৰাছৰ দ্বাৰা প্ৰভাৱিত হয় আৰু সেয়েহে কৃষকসকলে বৃহৎ পৰিমাণে এই শস্যৰ খেতি কৰিব নোৱাৰে । লগতে উত্তৰ ভাৰতত নেৰানেপেৰা বৰষুণৰ ফলত বিলাহীৰ উৎপাদন ক্ষতিগ্ৰস্ত হয় । যিহেতু চাহিদা অধিক আৰু যোগান কম, সেয়েহে মূল্য আকাশচুম্বী হৈছে ।

উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে পাচলিৰ মূল্য । তাৰ ভিতৰত বিলাহীৰ মূল্যও বৃদ্ধি পাইছে ৰাজ্যৰ বজাৰত । গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া পাচলিৰ আকাশলংঘী মূল্যই সকলোকে প্ৰভাৱিত কৰিছে । বিলাহীৰ মূল্যই এতিয়া ৰাজ্যৰ বজাৰত ১০০ টকাৰ ১৫০ টকা পৰ্যন্ত চুইছেগৈ ।

লগতে পঢ়ক :Google Doodle Pani Puri: গুগলে ফুচকাৰ ওপৰত তৈয়াৰ কৰিলে ডুডল, দেখিলেই জিভাৰ পানী পৰিব আপোনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.