নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : খালিস্তানী নেতাৰ মৃত্যুক লৈ শেহতীয়াকৈ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ যথেষ্ট অৱনতি হৈছে । ইয়াৰ মাজতে দুয়োখন দেশৰ এই সম্পৰ্ক সুস্থিৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে । বিষয়টোক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ভাৰত আৰু কানাডাই এই মতভেদ সমাধানৰ বাবে দুয়োখন দেশে আলোচনা কৰিব লাগে । কিন্তু সন্ত্ৰাসবাদ, উগ্ৰবাদ আৰু হিংসাৰ প্ৰতি কানাডিয়ান চৰকাৰৰ সহনশীলতাৰ বিষয়টো উল্লেখ কৰিব লাগে আৰু সমাধান কৰিব লাগে বুলিও তেওঁ দাবী কৰে ।
ভাৰতীয় সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে ১৮ জুনত ব্ৰিটিছ কলম্বিয়াত খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰতীয় এজেণ্টৰ জড়িত থকাৰ সম্ভাৱনা বুলি কানাডাৰ উত্থাপিত অভিযোগ সম্পৰ্কীয় তথ্য পৰীক্ষা কৰিবলৈ ভাৰত সাজু । তেওঁ উল্লেখ কৰা মতে ভাৰতে কানাডাক আঙুলিয়াই দিছে যে এয়া ভাৰত চৰকাৰৰ নীতি নহয় । যদি কানাডাই ভাৰতৰ সৈতে নিৰ্দিষ্ট আৰু প্ৰাসংগিক যিকোনো বিষয় আলোচনা কৰিবলৈ প্ৰস্তুত হয়, তেন্তে ভাৰতেও ইয়াক প্ৰত্যক্ষ কৰিবলৈ সাজু ।
তেওঁ কয় যে কানাডাত যি ঘটিছে সেয়া স্বাভাৱিক নহয় । কানাডাত যি ঘটিছে, যদি এইটো আন কোনো ঠাইত ঘটিলহেঁতেন । তেনেহ'লে বিশ্বই ইয়াক সহজভাৱে ল'লেহেঁতেন নে বুলিও তেওঁ প্ৰশ্ন কৰে ।
জয়শংকৰে উল্লেখ কৰা মতে কিছু বছৰ ধৰি কানাডা আৰু ভাৰত চৰকাৰৰ এক সমস্যা চলি আছে । এই সমস্যা সন্ত্ৰাসবাদ, উগ্ৰবাদ আৰু হিংসা সম্পৰ্কীয় বুলি তেওঁ উল্লেখ কৰে । ভাৰতত হিংসা আৰু অবৈধ কাৰ্যকলাপৰ সৈতে স্পষ্টভাৱে জড়িত কিছুমান ব্যক্তি আৰু সংগঠনে এই সমস্যাবোৰত অৰিহণা যোগাইছে । তেওঁ উল্লেখ কৰা মতে কানাডাত তেওঁলোকৰ কাৰ্যকলাপ অব্যাহত আছে বুলি স্পষ্ট হৈ পৰিছে ।
দুয়োখন দেশৰ একাধিক সমস্যা আছে । সেয়েহে ব্যক্তিগত ঘটনাৰ ক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰবোৰে আলোচনা কৰিব লাগে আৰু সমস্যা সমাধানত জোৰ দিব লাগে বুলি তেওঁ উল্লেখ কৰে ।
জয়শংকৰৰ মতে কূটনৈতিক মিছন আৰু কূটনৈতিক কৰ্মীসকলক কানাডাত নিৰন্তৰ ভয় খুৱাই আহিছে য'ত তেওঁলোকৰ বাবে কাম অব্যাহত ৰখাটো সুৰক্ষিত নহয় । আনহাতে ভিছা কাৰ্যকলাপ সাময়িকভাৱে স্থগিত ৰাখিব লগা হোৱাটো ভাৰতে বিচৰা নাছিল । বিষয়টোৱে এই সেৱাবোৰ পৰিচালনা কৰাটো অতি কঠিন কৰি তুলিছে বুলি তেওঁ অভিযোগ কৰে ।
লগতে পঢ়ক :Khalistani Stopped Indian Ambassador: ভাৰতীয় উচ্চায়ুক্তক গুৰুদ্বাৰত প্ৰৱেশত বাধা খালিস্তানীপন্থীৰ