ETV Bharat / bharat

কৰ'ণাৰ কালৰূপৰ মাজতে পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ শ্বাহ-নাড্ডাৰ

কৰ'ণাৰ কালৰূপৰ মাজতে শুকুৰবাৰে পশ্চিমবংগৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই । অমিত শ্বাহে দুখন ৰাজহুৱা সভা আৰু ৰোড শ্ব' আনহাতে জে পি নাড্ডাই তিনিখন ৰাজহুৱা সভা আৰু দুখন ৰোড শ্ব' সম্বোধন কৰিব ।

কৰ'ণাৰ কালৰূপৰ মাজতে অমিত শ্বাহ আৰু জে পি নাড্ডাৰ পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Apr 16, 2021, 1:43 PM IST

নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল: দেশত কৰ'ণাৰ কালৰূপক আওকাণ কৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিজেপিৰ শীৰ্ষ নেতৃবৃন্দ । পশ্চিমবংগৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । দুয়োগৰাকী নেতাই শুকুৰবাৰে ৰাজ্যখনৰ কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লোৱাৰ কথা জানিব পৰা গৈছে । অমিত শ্বাহে দুখন ৰাজহুৱা সভা আৰু ৰোড শ্ব' আনহাতে জে পি নাড্ডা তিনিখন ৰাজহুৱা সভা আৰু দুখন ৰোড শ্ব' সম্বোধন কৰিব ।

নাড্ডাই কাটৱাৰ এক ৰাজহুৱা সভা সম্বোধন কৰিব বৰ্ধমান আৰু কলকাতা উত্তৰ চাৰ্বানত ৰোড শ্ব' অনুষ্ঠিত কৰি অৱশেষত কলকাতা উত্তৰত টাউন হলত সভা সম্বোধন কৰিব । ইফালে, শ্বাহে পুৱা ১১.৩০ বজাত তেহাট্টাত আৰু কৃষ্ণনগৰত দুপৰীয়া ১ বজাত নিৰ্বাচনী প্ৰচাৰ চলায় । আনহাতে, খাৰদাহাৰত বিয়লি ৪.৪৫ বজাত এক ৰাজহুৱা সভা আৰু বাৰেকপুৰত বিয়লি ৩ বজাত ৰোড শ্ব'ত যোগদান কৰিব । উল্লেখ্য যে, অহা ১৭ এপ্ৰিল অৰ্থাৎ শনিবাৰে ৰাজ্যখনত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । ৰাজ্যখনৰ শাসনাধীন চৰকাৰ তৃণমূল কংগ্ৰেছ (টিএমচি)ক পৰাজিত কৰিবলৈ বিজেপিৰ কেইবাগৰাকী হাইপ্ৰফাইল নেতাই টিএমচিৰ বিৰুদ্ধে নানা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে ।

কৰ'ণাৰ কালৰূপক আওকাণ কৰি এইদৰে নিৰ্বাচন প্ৰচাৰ চলোৱাত ৰাজ্যখনত পুনৰ কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে । বৃহস্পতিবাৰে ৰাজ্যখনত ৬,৭৬৯ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে বুলি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰে এই কথা ।

লগতে পঢ়ক: স্বামীৰ মৃত্যু সহ্য কৰিব নোৱাৰি ৩ বছৰীয়া পুত্ৰ সহিতে আত্মহত্যা মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.