ETV Bharat / bharat

Diamond Ganapati in Hubli : হুবলিত নিৰ্মাণ ১২ লাখ টকাৰ আমেৰিকান হীৰাৰ গণেশৰ মূৰ্তি

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 2:04 PM IST

হুবলিত শিল্পীসকলে নিৰ্মাণ কৰিছে আমেৰিকান হীৰাৰ এটা বিশেষ গণেশৰ মূৰ্তি । ১২ লাখ টকা খৰছ কৰি নিৰ্মাণ কৰা হৈছে গণেশৰ মূৰ্তিটো । হুবলিৰ পৰা বেংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে মূৰ্তিটো ।

Diamond Ganapati in Hubli
হুবলিত নিৰ্মাণ ১২ লাখ টকাৰ আমেৰিকান হীৰাৰ গণেশৰ মূৰ্তি

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ : গণেশ চতুৰ্থীলৈ মাজত মাত্ৰ দুটা দিন বাকী আছে । ইতিমধ্যে দেশৰ ভিন্ন প্ৰান্তত গণেশ চতুৰ্থীৰ প্ৰস্তুতি চলিছে । গণপতিৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈছে শিল্পীসকল । ইয়াৰ মাজতে দক্ষিণ ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ চহৰ হুবলিত গণেশ চতুৰ্থীৰ বিশাল আয়োজন চলিছে । চহৰখনৰ শিল্পীসকলে প্ৰায় ১২ লাখ টকাৰ এটা গণেশৰ মূৰ্তি নিৰ্মাণ কৰি তুলিছে । ব্যতিক্ৰমী মূৰ্তিটো আমেৰিকান হীৰাৰে নিৰ্মাণ কৰা হৈছে । হুবলিৰ শিল্পী মহেশ মুৰাগোদা আৰু তেওঁৰ দলে নিৰ্মাণ কৰা এই গণেশৰ ব্যতিক্ৰমী মূৰ্তিটো ইতিমধ্যে বেংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে ।

বাম্মাপুৰ নিবাসী শিল্পী মহেশ মুৰাগোদা আৰু তেওঁৰ দলে এই গণেশৰ মূৰ্তিটো নিৰ্মাণ কৰিছে । এই গণেশৰ মূৰ্তিটো ১৮ ছেপ্টেম্বৰত ৰাজাজীনগৰ দ্বিতীয় পৰ্যায়ৰ মিল্ক কলনীৰ ৫ম মুখ্য পথত স্বস্তিকা যুৱ সন্থাই স্থাপন কৰিব । এই ব্যতিক্ৰমী গণেশ মূৰ্তিটো ৫.৭ ফুট ওখ আৰু ওজন প্ৰায় ১৫০ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে । গণেশ মূৰ্তিৰ এটা অংশৰ বাহিৰে বাকী সকলো অংশই আমেৰিকান হীৰা আৰু নৱৰত্ন মুকুতাৰে নিৰ্মাণ কৰা হৈছে । সম্প্ৰতি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে এই বিশেষ গণেশৰ মূৰ্তিটো ।

যোৱা কেইবাবছৰ ধৰি, বেংগালুৰুৰ স্বস্তিকা যুৱ সন্থাই হুবলিত আমেৰিকান হীৰাৰে নিৰ্মিত গণেশ মূৰ্তি নিৰ্মাণ কৰি আহিছে আৰু ইয়াক ৰে'লযোগে বেংগালুৰুলৈ লৈ যায় । তাৰ পাছত এই হীৰাৰ মূৰ্তিটো স্থাপন কৰা হয় আৰু ৭ দিনৰ বাবে উপাসনা কৰা হয় । এনেদৰেই সংস্থাটোৱে প্ৰতিবছৰে গণেশ চতুৰ্থী উদযাপন কৰে ।

প্ৰতি বছৰৰ দৰে এইবাৰো ৬০,০০০ আমেৰিকান হীৰা আৰু নৱৰত্নৰে নিৰ্মিত গণেশৰ মূৰ্তিটো নিৰ্মাণ কৰা হৈছে । গণেশৰ মূৰ্তিটো শুকুৰবাৰে চহৰখনৰ পৰা ৰে'লযোগে বেংগালুৰুলৈ লৈ যোৱা হয় ।

লগতে পঢ়ক :Pilgrimage Priests Protest in Kedarnath: কেদাৰনাথ তীৰ্থযাত্ৰী পুৰোহিতৰ প্ৰতিবাদ, আজি কেদাৰনাথ বন্ধৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.