ETV Bharat / bharat

Allegations against BJP leader: কংগ্ৰেছ নেত্ৰীৰ গৃহলৈ শিলাবৰ্ষণ বিজেপি নেতাৰ

author img

By

Published : Jan 27, 2023, 2:55 PM IST

বিজেপি নেতাৰ বিৰুদ্ধে কংগ্ৰেছ নেত্ৰীৰ গুৰুতৰ অভিযোগ (Congress leader serious allegations against BJP leader in Varanasi ) ৷ ঘটনাৰ স্থান বাৰাণসী ৷

Congress leader serious allegations against BJP leader in Varanasi
কংগ্ৰেছ নেত্ৰীৰ গৃহলৈ শিলাবৰ্ষণ বিজেপি নেতাৰ

নেশ্যনেল ডেস্ক, 27 জানুৱাৰী : দেশত অব্যাহত আছে নাৰীজনিত অপৰাধ ৷ এইবাৰ এগৰাকী কংগ্ৰেছ নেত্ৰী গণ প্ৰহাৰৰ লগতে দুৰ্ব্যৱহাৰৰ সন্মুখীন হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ বুধবাৰে কংগ্ৰেছ নেত্ৰীগৰাকীৰ আশ্ৰয়গৃহলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে কাপোৰ-কানি ফালি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । আনহাতে, সাৰনাথ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মপাল সিঙে বিষয়টো সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে, সমগ্ৰ বিবাদৰ সূত্ৰপাত হৈছে এটা কুকুৰক লৈ । বিবাদ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে (alleged Mob lynching and molestation with female congress leader in Varanasi) ।

Congress leader serious allegations against BJP leader in Varanasi
সাৰনাথ থানাত গোচৰ ৰুজু

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীৰ অন্তৰ্গত সাৰনাথ থানা এলেকাৰ এটা কলনীত বসবাস কৰা এগৰাকী মহিলা কংগ্ৰেছ নেত্ৰীয়ে বিজেপি নেতাৰ লগতে আন কেইবাজনৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ (Congress leader serious allegations against BJP leader in Varanasi0 ৷ ২৫ জানুৱাৰীৰ দিনা ১০০ জন পুৰুষ-মহিলাৰ সৈতে লগ লাগি আশ্ৰয় গৃহটোলৈ ধাৰাসাৰ শিলাবৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । ইয়াৰ পাছতেই মহিলা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত সাৰনাথ থানাত এজাহাৰ দিয়ে । মহিলাগৰাকীৰ বিৰুদ্ধে চলোৱা এই আক্ৰমণত নেতৃত্ব দিয়া ব্যক্তিজন বিজেপি নেতা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । কংগ্ৰেছ নেত্ৰীগৰাকীক আশ্ৰয় শিবিৰটো চলাবলৈ ২০ লাখ টকা দিম বুলি প্ৰস্তাৱ আগবঢ়াইছিল বিজেপি নেতাগৰাকীয়ে, যি প্ৰস্তাৱত সন্মতি আগনবঢ়ালে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে । লগতে তেওঁ ক্ষত্ৰিয় হোৱাৰ বাবেও তেওঁৰ পৰা ধন দাবী কৰা হৈছিল বুলি উল্লেখ কৰে ।

  • Been more than 24 hours since people tore off my clothes in broad day light, since I gave an application for FIR. I’m currently being taken to meet ADCP but the FIR has still not been lodged. pic.twitter.com/fWdQdn9HMs

    — The Protagonist (@_protagonist1) January 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে স্থানীয় সাৰনাথ থানাত পৰিচিত ৭ জন আৰু এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে । এই সন্দৰ্ভত সাৰনাথ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মপাল সিঙে কয় যে মহিলাগৰাকীয়ে ঘৰৰ বাহিৰত কুকুৰ বান্ধিছিল । এই সন্দৰ্ভত অঞ্চলটোৰ মহিলাসকলে আপত্তি কৰে । এই বিবাদৰ কাৰণ মাত্ৰ কুকুৰহে বুলি জনোৱাৰ লগতে মহিলা নেত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে আৰু বিষয়টো সন্দৰ্ভত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ।

ভুক্তভোগী মহিলা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত পুনৰ কয় যে তেওঁ এগৰাকী ৰাজপুত আৰু তেওঁ ৰাজপুত প্ৰধান অঞ্চলত বসবাস কৰে । ২৫ জানুৱাৰীৰ দিনা প্ৰায় ১০০ জনীয়া দুবৃৰ্ত্তৰ দলে তেওঁৰ লগতে তেওঁৰ মাতৃক আক্ৰমণ কৰে । তেওঁলোকৰ গৃহটোলৈ শিলগুটি নিক্ষেপ কৰা হৈছিল বুলি উল্লেখ কৰাৰ লগতে আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ কুণ্ঠাবোধ কৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : Republic day celebrated in Tamilnadu: ৰাষ্ট্ৰীয় পতাকালৈ গান্ধীমতীৰ প্ৰণাম

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.