ETV Bharat / bharat

নেতাজীৰ জন্মদিনত এখন মঞ্চত বিজেপি বিৰোধী সকলো দল

author img

By

Published : Dec 29, 2020, 7:09 PM IST

নেতাজী সুভাষ চন্দ্ৰ বসুৰ 125 সংখ্যক জন্মজয়ন্তী পালনৰ বাবে কমিটী গঠন কৰিছে ফৰৱাৰ্ড ব্লকে ৷ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ দ্বাৰা গঠন কৰা কমিটীখনত কেৱল মাত্ৰ বাদ দিয়া হৈছে বিজেপিক ৷

নেতাজীৰ জন্মদিনত এখন মঞ্চত বিজেপি বিৰোধী সকলো দল
নেতাজীৰ জন্মদিনত এখন মঞ্চত বিজেপি বিৰোধী সকলো দল

নিউজ ডেস্ক, 29 ডিচেম্বৰ : নেতাজীৰ জন্মতিথিত একগোট হ’বলৈ মন মেলিছে পশ্চিমবংগৰ সকলো ৰাজনৈতিক দল ৷ প্ৰতিবছৰে নেতাজীৰ জন্মজয়ন্তী পালন কৰি অহা হয় অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লকৰ সহযোগত ৷ ফৰৱাৰ্ড ব্লকৰ তৰফৰ পৰা এইবেলিও নেতাজীৰ জন্মজয়ন্তী পালন কৰা হ’ব ৷ সেই উদ্দেশ্যে গঠন কৰি তোলা হৈছে এখন কমিটী ৷ কিন্তু আশ্বৰ্য্যজনকভাৱে উক্ত কমিটীত বাদ দিয়া হৈছে একমাত্ৰ বিজেপি দলক ৷ আশা কৰা অনুসৰি, অনাগত 23 জানুৱাৰীত নেতাজীৰ জন্মজয়ন্তীৰ দিনটোতে পশ্চিমবংগত গঠন হ’ব বিজেপি বিৰোধী বৃহত্তৰ মঞ্চ ৷

পশ্চিমবংগৰ আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইদৰে কমিটী গঠন কৰা হৈছে ফৰৱাৰ্ড ব্লকৰ সহযোগত ৷ তৃণমুলকে ধৰি কংগ্ৰেছলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিক নেতাজীৰ জন্মজয়ন্তী পালন কমিটীত ৰখা হৈছে ৷ কিন্তু একমাত্ৰ বাদ দিয়া হৈছে বিজেপি দলৰ প্ৰতিনিধি ৷ ইয়াৰ দ্বাৰাই ধাৰণা কৰিব পাৰি যে, কলকাতাত তৃণমুলে অকলে নোৱাৰিলেও বিজেপিক ৰোধিবলৈ শক্তিশালী পৰিকল্পনা গঠন কৰি তুলিছে মমতা বেনাৰ্জীয়ে ৷

ফৰৱাৰ্ড ব্লকৰ ৰাজ্যিক সম্পাদক নৰেন চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া অনুসৰি, তৃণমুল কংগ্ৰেছৰ মহাসচিব পাৰ্থ চক্ৰৱৰ্তী আৰু ৰাজ্যিক সভাপতি সুব্ৰত বক্সীক এই কমিটীলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷ কলকাতাস্থিত ফৰৱাৰ্ড ব্লকে প্ৰতিবছৰেই পালন কৰি আহিছে নেতাজীৰ জন্মজয়ন্তী ৷ নৰেন চক্ৰৱৰ্তীয়ে কয় যে, "বিজেপি বিৰোধী শক্তিসমূহ একগোট হ’ব লাগে ৷ নেতাজীৰ মতাদৰ্শৰ বিৰোধী বিজেপিক সেইকাৰণেই আমন্ত্ৰণ জনোৱা হোৱা নাই ৷ অসাম্প্ৰদায়িক গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ শক্তিৰ ঐক্য বিচাৰিছো আমি ৷ যদি বিজেপিয়ে নেতাজীৰ আদৰ্শত বিশ্বাসী হ’লহেতেন তেতিয়াহ’লে বিজেপিয়ে নেতাজীৰ জন্মজয়ন্তী দেশপ্ৰেম দিৱস হিচাপে ঘোষণা কৰিলেহেতেন ৷"

লগতে পঢ়ক : ভাৰত-বাংলাদেশ সম্পৰ্কক লৈ আশাবাদী নৱ-নিযুক্ত বাংলা উচ্চায়ুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.