ETV Bharat / bharat

সকলোৰে দৃষ্টি নিবদ্ধ প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠকলৈ

author img

By

Published : Jun 24, 2021, 8:22 AM IST

বৃহস্পতিবাৰে নতুন দিল্লীত জম্মু-কাশ্মীৰৰ 14 গৰাকী শীৰ্ষ ৰাজনীতিবিদৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া সৰ্বদলীয় বৈঠকৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে । 2019 চনৰ 15 আগষ্টত অনুচ্ছেদ 370 আৰু অনুচ্ছেদ 35 (A) বাতিল কৰাৰ পাচত এইখনেই হ'ব প্ৰথমখন সৰ্বদলীয় বৈঠক ৷

All eyes on PM Modi meeting as JK leaders leave for All Party Meeting
সকলোৰে দৃষ্টি নিবদ্ধ প্ৰধানমন্ত্ৰীৰ সৰ্বদলীয় বৈঠকলৈ

নেশ্যনেল ডেস্ক,24 জুন: জম্মু-কাশ্মীৰৰ পৰা বিশেষ মৰ্যাদা বাতিল কৰাৰ প্ৰায় দুবছৰ পাচত বৃহস্পতিবাৰে নতুন দিল্লীত জম্মু-কাশ্মীৰৰ 14 গৰাকী শীৰ্ষ ৰাজনীতিবিদৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া সৰ্বদলীয় বৈঠকৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ আছে । 2019 চনৰ 15 আগষ্টত অনুচ্ছেদ 370 আৰু অনুচ্ছেদ 35 (A) বাতিল আৰু ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ পাচত এইখনেই হ'ব প্ৰথমখন সৰ্বদলীয় বৈঠক ৷ ভাৰতৰ ৰাজনীতিত এই বৈঠকখনে বিশেষ গুৰুত্ব বহন কৰিব বুলিও একাংশই মন্তব্য কৰিছে ৷

বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া এই বৈঠকলৈ নিমন্ত্ৰণ জনোৱা কেইবাজনো শীৰ্ষ ৰাজনীতিবিদে কাশ্মীৰৰ পৰা আহি বুধবাৰে নতুন দিল্লীত উপস্থিত হয় ৷ ইতিমধ্যে পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টি (People's Democratic Party)ৰ সভাপতি মেহবুবা মুফতি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (Communist Party of India)ৰ নেতা ইউছুফ তাৰিগামি, চাজাদ লোন, আলতাফ বুখাৰী, ৰেভেণ্ডাৰ ৰাইনা, কবিন্দৰ গুপ্তা আৰু বিজেপিৰ নিৰ্মল সিং দিল্লীত উপস্থিত হৈছে । নেচনেল কনফাৰেন্স(NATIONAL CONFERANCE)ৰ সভাপতি আৰু সাংসদ ফাৰুক আব্দুল্লাই বৈঠকত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে ৰাতিপুৱাই ৰাওনা হৈছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে বিয়লি 3 বজাত অনুষ্ঠিত কৰিবলগীয়া সৰ্বদলীয় বৈঠকলৈ আমন্ত্ৰণ জনোৱা নেতা সকলৰ ভিতৰত আছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি, কংগ্ৰেছৰ গুলাম নবী আজাদ, তাৰা চান্দ আৰু জিএ মীৰকে ধৰি আন 10 গৰাকী নেতা ৷ তাৰ ভিতৰত ভাৰতীয় কংগ্ৰেছৰ ড০ ফাৰুক আব্দুল্লা আৰু ওমৰ আব্দুল্লা, পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টিৰ মেহবুবা মুফতি, জে-কে আপনি পাৰ্টিৰ আলতাফ বুখাৰী, বিজেপিৰ ৰবীন্দ্ৰ ৰাইনা, নিৰ্মল সিং আৰু কবিন্দৰ গুপ্তা, চিপিআই(এম)ৰ এম ৱাই তাৰিগামি, আৰু নেচনেল পেন্থাৰছ পাৰ্টিৰ অধ্যাপক ভীম সিং, পিপলছ কনফাৰেন্সৰ চাজাদ গণি উপস্থিত থাকিব ৷

আনহাতে, সৰ্বদলীয় বৈঠকৰ পূৰ্বে,ভাৰতীয় কংগ্ৰেছ (NC), পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টি (PDP) আৰু পিপলছ এলায়েন্স ফৰ গুপকাৰ ডিক্লেৰেচন (Peoples Alliance for Gupkar Declaration )য়ে বিগত দুসপ্তাহত ধাৰাবাহিক ভাৱে কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছিল । বুধবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰিপিপ'লছ ডেম'ক্ৰেটিক পাৰ্টি (PDP)ৰ মুখপাত্ৰ তাৰিগামিয়ে কয় যে, তেওঁলোকে প্ৰধানমন্ত্ৰীক জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব ৷ যি সমস্যা জম্মু-কাশ্মীৰৰ লোকসকলে বিগত দুবছৰ ধৰি সন্মুখীন হৈ আছে। আমি প্ৰধানমন্ত্ৰীক সংবিধানৰ দ্বাৰা স্পষ্টভাৱে জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ দাবী কৰিম ৷

অৱশ্যে, বৰ্তমানলৈকে বৈঠকৰ কাৰ্যসূচী প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা নাই। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰীৰ এই সৰ্বদলীয় বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড'ভাল আৰু গৱৰ্ণৰ মনোজ সিনহা, মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: অনুচ্ছেদ ৩৭০ আৰু ৩৫এ বাতিলৰ বাবে আন্দোলন কৰিছিল শ্যামা প্ৰসাদ মুখাৰ্জীয়ে: নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.