ETV Bharat / bharat

Maharashtra politics : মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হ'ব নেকি অজিত পাৱাৰ ? - Ajit Pawar is likely to take oath as Deputy CM

এনচিপিৰ জ্যেষ্ঠ নেতা অজিত পাৱাৰে শাসকীয় দল একনাথ সিন্দেৰ শিৱসেনা গোটত যোগদান কৰিব ! তেওঁক উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে । এনচিপিৰ ভিতৰচ'ৰাত ধুমুহাৰ সৃষ্টি হৈছে ।

Maharashtra politics
মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হ'ব নেকি অজিত পাৱাৰ
author img

By

Published : Jul 2, 2023, 2:19 PM IST

Updated : Jul 2, 2023, 2:55 PM IST

নেশ্যনেল ডেস্ক,২ জুলাই : মহাৰাষ্ট্ৰৰ ৰাজনীতিত ব্যাপক উত্তেজনা দেখিবলৈ পোৱা গৈছে । এইবাৰ মহাৰাষ্ট্ৰৰ শাসকীয় দলত যোগদানৰ যো-জা চলাইছে বিৰোধী নেতা অজিত পাৱাৰে । এনচিপিৰ প্ৰভাৱশালী নেতা অজিত পাৱাৰে শিৱসেনাৰ একনাথ সিন্দে গোটত যোগদানৰ সম্ভাৱনা আছে । এই খবৰে নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ভিতৰচ'ৰাত ধুমুহাৰ সৃষ্টি কৰিছে ।

শেহতীয়াকৈ এনচিপিৰ সভাপতি পদক লৈ অজিত পাৱাৰ আৰু শৰদ পাৱাৰৰ মাজত মতানৈক্য দেখিবলৈ পোৱা গৈছিল । অজিত পাৱাৰে সভাপতিৰ পদক লৈ যথেষ্ট আশাবাদী আছিল যদিও তেওঁক দিয়া হোৱা নাছিল । সেই কথাক লৈ কিছু অসন্তুষ্ট আছিল বিৰোধী নেতা অজিত পাৱাৰ ।

এতিয়া অজিত পাৱাৰে শিৱসেনাৰ সিন্দে গোটত যোগদান কৰাৰ খবৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিত তোলপাৰ লগাইছে । সূত্ৰৰ মতে কেৱল দলত যোগদানে নহয় তেওঁক দিয়া হ'ব উপ মুখ্যমন্ত্ৰীৰ আসন । বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ সৈতে যুটীয়াভাৱে তেওঁক এই দায়িত্ব দিয়া হ'ব পাৰে ! সূত্ৰৰ মতে শীঘ্ৰে শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব । অৱশ্যে এতিয়ালৈ একো নিশ্চিত হোৱা নাই যদিও ইতিমধ্যে বিভিন্ন মহলত জল্পনা কল্পনা আৰম্ভ হৈছে ।

উল্লেখ্য যে কেৱল অজিত পাৱাৰেই নহয় নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ৯ গৰাকী নেতাইও মহাৰাষ্ট্ৰৰ শাসকীয় দলত যোগদান কৰাৰ সম্ভাৱনা আছে । ইফালে এনচিপিৰ ভিতৰচ'ৰাত আৰম্ভ হোৱা বিদ্ৰোহক লৈ চিন্তিত দলটোৰ শীৰ্ষ নেতৃত্ব । দেওবাৰে এনচিপিৰ বিধায়কসকলৰ এটা দলে অজিত পাৱাৰৰ মুম্বাইৰ বাসগৃহত উপস্থিত হৈ তেওঁক সাক্ষাৎ কৰে ।

দলটোৰ কাৰ্যকৰী সভাপতি সুপ্ৰিয়া চুলে আৰু জ্যেষ্ঠ নেতা ছগন ভুজবলো এই প্ৰতিনিধি দলটোত উপস্থিত আছিল । অৱশ্যে দলৰ ৰাজ্যিক সভাপতি জয়ন্ত পাটিল এই বৈঠকত উপস্থিত নাছিল । ইয়াৰপূৰ্বে বিধানসভাৰ বিৰোধী দলৰ দলপতি হিচাপে পদত্যাগৰ ঘোষণা কৰিছিল অজিত পাৱাৰে ।

লগতে পঢ়ক :Manipur CM resign controversy : ৰাইজৰ সমৰ্থন দেখিয়ে মুখ্যমন্ত্ৰীয়ে পদত্যাগ বাতিলৰ সিদ্ধান্ত লয়

Last Updated : Jul 2, 2023, 2:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.