ETV Bharat / bharat

Ajit Pawar visit Sharad Pawar residence : বিদ্ৰোহৰ পাছত প্ৰথমবাৰলৈ শৰদ পাৱাৰৰ ঘৰত ভতিজাক অজিত পাৱাৰ - Ajit Pawar visit Sharad Pawars residence

বিদ্ৰোহ আৰম্ভ হোৱাৰে পৰা শৰদ পাৱাৰৰ বাসগৃহলৈ যোৱা নাছিল ভতিজাক অজিত পাৱাৰ । শুকুৰবাৰে নিশা অজিত পাৱাৰে খুড়ীয়েক অৰ্থাৎ শৰদ পাৱাৰৰ পত্নী প্ৰতিভা পাৱাৰৰ স্বাস্থ্যৰ বুজ ল'বলৈ যায় ।

Ajit Pawar visit Sharad Pawar's residence
শৰদ পাৱাৰৰ ঘৰত ভতিজাক অজিত পাৱাৰ
author img

By

Published : Jul 15, 2023, 12:43 PM IST

নেশ্যনেল ডেস্ক,১৫ জুলাই : অজিত পাৱাৰৰ বিদ্ৰোহক লৈ নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ ভিতৰচ'ৰাত এতিয়াও তীব্ৰ উত্তেজনা অব্যাহত আছে । আনকি খুড়াক শৰদ পাৱাৰৰ সৈতে কৰা বিশ্বাসঘাটকতাৰ বাবে অজিত পাৱাৰক বহুতে সমালোচনাও কৰিছে । বিদ্ৰোহীসকলে আকৌ অজিত পাৱাৰৰ নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে । ইয়াৰ মাজতে বিদ্ৰোহী ভতিজা অজিত পাৱাৰে শুকুৰবাৰে নিশা শৰদ পাৱাৰক সাক্ষাৎ কৰে ।

মহাৰাষ্ট্ৰৰ বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে নিশা তেওঁৰ খুড়াক তথা এনচিপিৰ মুৰব্বী শৰদ পাৱাৰৰ দক্ষিণ মুম্বাইত থকা ঘৰ চিলভাৰ অকত উপস্থিত হয় । বিদ্ৰোহ আৰম্ভ হোৱাৰ পাছত শৰদ পাৱাৰৰ বাসগৃহলৈ অজিত পাৱাৰৰ এয়া প্ৰথমটো ভ্ৰমণ আছিল ।

উল্লেখ্য যে শেহতীয়াকৈ পাৱাৰ পৰিয়ালৰ দুৰ্গ পুনে জিলাৰ বাৰামতী সমষ্টিক প্ৰতিনিধিত্ব কৰা ৬৩ বছৰীয়া অজিত পাৱাৰে একনাথ সিন্দে নেতৃত্বাধীন শিৱসেনা বিজেপি চৰকাৰত যোগদান কৰিছিল । অজিত পাৱাৰক সমৰ্থন কৰা আন ৮ জন বহিষ্কৃত এনচিপি বিধায়কেও মহাৰাষ্ট্ৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । কেইবাখনো বৈঠকৰ অন্তত শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী একনাথ সিন্দে চৰকাৰে দপ্তৰ আৱণ্টন কৰে আৰু অজিত পাৱাৰক বিত্ত মন্ত্ৰালয় প্ৰদান কৰা হয় ।

ইয়াৰ পাছতে বিদ্ৰোহী অজিত পাৱাৰে শৰদ পাৱাৰৰ বাসগৃহত উপস্থিত হয় । সূত্ৰৰ মতে শৰদ পাৱাৰৰ পত্নী প্ৰতিভা পাৱাৰৰ শুকুৰবাৰে দক্ষিণ মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰা হয় । হাতৰ অস্ত্ৰোপচাৰৰ পাছত তেওঁক ঘৰলৈ অনা হয় । সূত্ৰৰ মতে অজিত পাৱাৰে তেওঁৰ খুড়ী প্ৰতিভা পাৱাৰৰ স্বাস্থ্যৰ বুজ ল'বলৈ গৈছিল । প্ৰতিভা পাৱাৰ এনচিপি নেতাসকলৰ মাজত 'কাকি' বুলি জনা যায় । প্ৰতিভা পাৱাৰক প্ৰায়ে দলৰ মাতৃ হিচাপে গণ্য কৰা হয় যদিও ৰাজনীতিত কেতিয়াও তেওঁ সক্ৰিয় হোৱা নাই ।

অজিত পাৱাৰৰ তেওঁৰ খুড়ী প্ৰতিভা পাৱাৰৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক আছে । ২০১৯ চনত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পাছত প্ৰতিভা পাৱাৰে ভতিজা অজিত পাৱাৰক এনচিপি দললৈ ঘূৰাই অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি জনা যায় ।

লগতে পঢ়ক :Maharashtra Political Drama : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰক বিত্ত আৰু পৰিকল্পনা বিভাগ প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.