ETV Bharat / bharat

ত্ৰিদেশীয় বৈঠকৰ বাবে কলম্বোত উপস্থিত অজিত ডোভাল

author img

By

Published : Nov 27, 2020, 10:17 PM IST

ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ মাজত সামুদ্ৰিক তথা সুৰক্ষা সহযোগিতা বৈঠক ৷ এই বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল ৷

Ajit Doval arrives in Colombo for trilateral talks with Sri Lanka, Maldives
ত্ৰিদেশীয় বৈঠকৰ বাবে কলম্বোত উপস্থিত অজিত ডোভাল

নেশ্যনেল ডেস্ক, 27 নৱেম্বৰ : ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল শুকুৰবাৰে উপস্থিত হৈছে কলম্বোত ৷ সামুদ্ৰিক তথা সুৰক্ষা সহযোগিতাৰ বাবে ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ মাজত অনুষ্ঠিত হ'বলগা ত্ৰিদেশীয় আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব অজিত ডোভালে ৷ শ্ৰীলংকাৰ সেনা কমাণ্ডাৰ লেফটেনেন্ট জেনেৰেল শ্ববেন্দ্ৰ সিনহাই উষ্ম আদৰণি জনাই ডোভালক ৷

উল্লেখ্য যে, সামুদ্ৰিক সুৰক্ষা সহযোগিতা সম্পৰ্কত ত্ৰিদেশীয় ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা (NSA) পৰ্যায়ৰ এয়া প্ৰথমখন বৈঠক ৷ এই বৈঠকত ডোভালৰ উপৰি উপস্থিত থাকিব শ্ৰীলংকাৰ প্ৰতিৰক্ষা সচিব মেজৰ জেনেৰেল অৱসৰপ্ৰাপ্ত কমল গুনাৰত্নে আৰু মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া দিদি ৷

লগতে পঢ়ক : গুপকাৰ এলায়েঞ্চঃ জন্মু-কাশ্মীৰৰ আঞ্চলিকতাবাদী দলসমূহৰ মাজত থকা ব্যৱধান ক্ৰমশঃ হ্ৰাস পাইছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.