মিজোৰাম,22 এপ্ৰিলঃ দেশত দিনক দিনে বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা । ক্ৰমাৎ জটিল হৈ পৰিছে দেশৰ পৰিস্থিতি ৷ তাৰ মাজতে বৃহস্পতিবাৰৰ দিনটোত মিজোৰামত 73 গৰাকীৰ দেহত ক’ভিড-19 ৰ অৱস্থিতি ধৰা পৰিছে ৷ সম্প্ৰতি ৰাজ্যখনত কৰ’ণাত আক্ৰান্তৰ হাৰ হৈছে 3.23% ৷
বৰ্তমান পৰ্যন্ত ৰাজ্যখনত 5158 গৰাকী ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে 4576 গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷ 12 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে আৰু 570 গৰাকী ক’ভিড আক্ৰান্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
লগতে পঢ়কঃ পুৰণিগুদামৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্য়ক্ষ আক্ৰান্ত ক'ভিডত