ETV Bharat / bharat

AirAsia India Flight : এয়াৰএছিয়া ইণ্ডিয়া বিমানত কাৰিকৰী সমস্যা; উৰণৰ পিছতে উভতিল কোচি বিমানবন্দৰলৈ

দেওবাৰে নিশা বেংগালুৰুলৈ ৰাওনা হোৱা কোচি-বেংগালুৰু এয়াৰএছিয়া ইণ্ডিয়াৰ বিমানখনত উৰণৰ পিছতে কাৰিকৰী সমস্যাৰ সৃষ্টি হয় । যাৰ বাবে নিশা ১১.১৫ বজাত উভতি আহি কোচি বিমানবন্দৰত অৱতৰণ কৰে ।

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 2:14 PM IST

AirAsia India Flight
AirAsia India Flight

নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : ১৬৮ জন যাত্ৰী আৰু ছয়জন ক্ৰু সদস্যক লৈ উৰামৰা বিমানত সৃষ্টি হয় কাৰিকৰী সমস্যাৰ । যাৰ বাবে এয়াৰএছিয়া ইণ্ডিয়াৰ এখন বিমান কোচি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মৰাৰ কেইমিনিটমান পিছতে পুনৰ উভতি আহে বুলি সোমবাৰে বিমানবন্দৰৰ সূত্ৰই জনাইছে । দেওবাৰে নিশা বেংগালুৰুলৈ ৰাওনা হোৱা কোচি-বেংগালুৰু বিমানখনে নিশা ১১.১৫ বজাত উৰণৰ পিছতে কাৰিকৰী সমস্যাৰ সন্মুখীন হোৱা বুলি সূত্ৰটোৱে জনাইছে ।

"কোচিৰ পৰা বেংগালুৰুলৈ ৰাওনা হোৱা এআইএক্স কানেক্টৰ এখন বিমান সামান্য কাৰিকৰী সমস্যাৰ বাবে উৰণৰ পিছত উভতি আহে । কৰ্মচাৰীসকলে সুৰক্ষাৰ বিষয়টোক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি এয়াৰলাইন প্ৰটোকলৰ সৈতে বিমানখন পুনৰ অৱতৰণৰ সিদ্ধান্ত লয় ।" এআইএক্স কানেক্টৰ এজন মুখপাত্ৰই এই কথা প্ৰকাশ কৰে ।

উল্লেখ্য যে, এআইএক্স কানেক্ট প্ৰাইভেট লিমিটেডক এয়াৰএছিয়া ইণ্ডিয়া বুলিও জনা যায় বুলি সূত্ৰটোৱে লগতে কয় । মুখপাত্ৰজনে কয় যে ইয়াৰ বাবে প্ৰভাৱিত অতিথিসকলৰ বাবে কেইবাটাও বৈকল্পিক ব্যৱস্থা কৰা হৈছে ।

"ভ্ৰমণ পৰিকল্পনাত অসুবিধাৰ বাবে আমি ক্ষমা বিচাৰিছোঁ ।" মুখপাত্ৰজনে লগতে কয় । বিমানখন কেৰালাৰ কোচি বিমানবন্দৰলৈ উভতি অহাৰ পিছত বিমানবন্দৰত সম্পূৰ্ণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল । অৱশ্যে মাজনিশা আন্ধাৰৰ মাজতো বিমানখনে বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে । কোনো লোক হতাহত বা আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই বুলি চৰকাৰী সূত্ৰত প্ৰকাশ । আনহাতে, পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, বিমানখনৰ সুৰক্ষিত অৱতৰণৰ লগে লগে কম সময়ৰ জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰা হয় বুলি সূত্ৰটোৱে লগতে কয় ।

লগতে পঢ়ক :Chitradurga accident : কৰ্ণাটকৰ চিত্ৰদুৰ্গত বাছ ট্ৰাকৰ সংঘৰ্ষ; শিশুসহ ৪ যাত্ৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.