ETV Bharat / bharat

Delhi air quality : এতিয়াও নিম্নগামী হৈ আছে দিল্লীৰ বায়ুৰ গুণগত মান

author img

By

Published : Dec 13, 2021, 11:50 AM IST

সোমবাৰেও দিল্লীৰ বায়ুৰ গুণগত মান 'বেয়া' শ্ৰেণীতে আছে(Air quality in Delhi) । এন চি আৰৰ নয়ডা আৰু গুৰুগ্ৰামৰ বায়ুৰ গুণগত মানো একে অৱস্থাতে আছে । সোমবাৰে গুৰুগ্ৰামত বায়ুৰ গুণগত মানৰ সূচাংক ২৮৬ আৰু নয়ডাত ২৫৬ ।

Air quality in Delhi
নিম্নগামী হৈছে দিল্লীৰ বায়ুৰ গুণগত মান

নেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ: দিল্লী-এন চি আৰৰ বায়ুৰ গুণগত মান এতিয়াও আশানুৰূপভাৱে উন্নত হোৱা নাই(Delhi air quality) । সোমবাৰে ৰাজধানী চহৰখনত বায়ুৰ গুণগত মান 'বেয়া' শ্ৰেণীতে থাকে । দ্য ছিষ্টেম অৱ এয়াৰ কোৱালিটী এণ্ড ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিচাৰ্ছ পৰ্টেল পুৱা ৭.৩০ বজাত প্ৰকাশ কৰা তথ্য অনুসৰি, দিল্লী-এন চি আৰৰ বায়ুৰ গুণগত মানৰ সূচাংক ২৫৬ । এন চি আৰৰ নয়ডা আৰু গুৰুগ্ৰামৰ বায়ুৰ গুণগত মান এতিয়াও 'বেয়া' শ্ৰেণীতে আছে(NCR air quality is in 'poor' category) ।

সোমবাৰে গুৰুগ্ৰামত বায়ুৰ গুণগত মানৰ সূচাংক ২৮৬ আৰু নয়ডাত ২৫৬ । উল্লেখ্য যে, বায়ুৰ গুণগত মানৰ সূচাংক শূন্যৰ পৰা ৫০ৰ ভিতৰত থাকিলে 'ভাল', ৫১-১০০ৰ ভিতৰত 'সন্তোষজনক', ১০১-২০০ৰ ভিতৰত 'মধ্যমীয়া', ২০১-৩০০ৰ ভিতৰত 'বেয়া', ৩০১-৪০০ৰ ভিতৰত 'অতি বেয়া' আৰু ৪০১ আৰু ৫০০ৰ ভিতৰত থাকিলে 'জটিল' অৱস্থা বুলি গণ্য কৰা হয় । মন্ত্ৰালয়ে সকলোকে সাৱধান হৈ থাকিবলৈ সকীয়াই দিছে । কাহ অথবা শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাৰ লক্ষণ দেখা দিলে ঔষধ সাজু কৰি ৰাখিবলৈ হাপানীৰ ৰোগীসকলক পৰামৰ্শ দিয়া হৈছে । অস্বাভাৱিক ভাগৰ আৰু উশাহ-নিশাহ লোৱাত কষ্ট পালে হৃদৰোগীক চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে ।

পৰিষ্কাৰ ইন্ধনৰ ব্যৱহাৰ নকৰা উদ্যোগসমূহ বন্ধ কৰাৰ সন্দৰ্ভত বায়ুৰ গুণগত মান ব্যৱস্থাপনা আয়োগে জাৰি কৰা নিৰ্দেশৰ সময়সীমা দেওবাৰে সমাপ্ত হোৱাৰ পাচত উদ্যোগ থকা স্থানৰ কাষৰীয়া অঞ্চলৰ বাসিন্দাসকল শংকিত হৈ পৰিছে ।

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থা বাহাল নাথাকিলে বায়ুৰ গুণগত মান অধিক বেয়া হোৱাৰ আশংকা কৰা হৈছে । উল্লেখ্য যে, পৰিষ্কাৰ ইন্ধন ব্যৱহাৰ নকৰা উদ্যোগবোৰ তাৎক্ষণিকভাৱে বন্ধ কৰিবলৈ যোৱা ৭ ডিচেম্বৰত বায়ুৰ গুণগত মান ব্যৱস্থাপনা আয়োগে নিৰ্দেশ দিছিল । ১২ ডিচেম্বৰলৈকে উদ্যোগবোৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল ।

লগতে পঢ়ক:Omicron case in Karnataka: কৰ্ণাটকত অ'মিক্ৰণত আক্ৰান্ত তৃতীয় গৰাকী ব্যক্তি চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.