ETV Bharat / bharat

Russia Ukraine conflict:২৫০ জন ভাৰতীয় নাগৰিকক লৈ ইউক্ৰেইনৰ পৰা ভাৰতত উপস্থিত AIR Indiaৰ বিমান - ভাৰতীয় নাগৰিকক লৈ ইউক্ৰেইনৰ পৰা ভাৰতত উপস্থিত AIR Indiaৰ বিমান

যুদ্ধবিদ্ধস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ প্ৰচেষ্টা বৰ্তমানো অব্যাহত। ইয়াৰ মাজতেই ২৫০ জন ভাৰতীয় নাগৰিকক লৈ ইউক্ৰেইনৰ পৰা ভাৰতত উপস্থিত AIR Indiaৰ বিমান। হাংগেৰিৰ ৰাজধানী বুদাপেষ্টৰ পৰা AIR Indiaৰ IA1940 ৰ তৃতীয়খন বিমানো দেওবাৰেই দিল্লীলৈ ওভতাৰ সম্ভাৱনা। 'অপাৰেচন গংগা'ৰ জড়িয়তে (Operation Ganga) ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক ঘুৰাই অনাৰ প্ৰচেষ্টা বৰ্তমানো অব্য়াহত।

Russia Ukraine conflict
২৫০ জন ভাৰতীয় নাগৰিকক লৈ ইউক্ৰেইনৰ পৰা ভাৰতত উপস্থিত AIR Indiaৰ বিমান
author img

By

Published : Feb 27, 2022, 6:42 PM IST

নেশ্যনেল ডেস্ক,২৭ ফ্ৰেব্ৰুৱাৰীঃ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ অব্যাহত থকাৰ সময়তে ইউক্ৰেইন আৱদ্ধ হৈ পৰা ভাৰতীয় সকলক উদ্ধাৰ কৰিবলৈ কেন্দ্ৰই গ্ৰহণ কৰিছে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে । 'অপাৰেচন গংগা'ৰ জড়িয়তে (OperationGanga) ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক ঘুৰাই আনিবলৈ প্ৰচেষ্টা হাতত লৈছে ।

দেওবাৰে ২৫০ জন ভাৰতীয়ক লৈ দিল্লীত উপস্থিত হ'লহি AIR Indiaৰ বিমান । ৰোমানিয়ান ৰাজধানী বুখাৰেষ্টৰ পৰা ইউক্ৰেইনত আৱদ্ধ হৈ থকা ২৫০ জন ভাৰতীয় নাগৰিকক কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ দ্বিতীয়খন উদ্ধাৰকাৰী বিমান ২৭ ফেব্ৰুৱাৰীৰ পুৱতি নিশা দিল্লী বিমানবন্দৰত অৱতৰণ কৰে ।

'অপাৰেচন গংগা'(Operation Ganga)ৰ জড়িয়তে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰে । অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই উভতি অহা ভাৰতীয়সকলক আদৰণি জনাই । ইফালে হাংগেৰিৰ ৰাজধানী বুদাপেষ্টৰ পৰা প্ৰস্থান কৰিবলগীয়া AIR Indiaৰ IA1940 ৰ তৃতীয়খন বিমানো দেওবাৰে দিল্লীলৈ উভতি অহাৰ সম্ভাৱনা আছে ।

২৪ ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়াৰ সামৰিক আক্ৰমণ আৰম্ভ হোৱাৰ পৰা ইউক্ৰেইনৰ আকাশসীমা অসামৰিক বিমান অভিযানৰ বাবে বন্ধ কৰি দিয়া হৈছে । সেয়েহে, বুখাৰেষ্ট আৰু বুদাপেষ্টৰ বাহিৰত ভাৰতীয় স্থানান্তৰ বিমান চলাচল কৰি আছে ।

ইউক্ৰেইন-ৰোমানিয়া সীমান্ত আৰু ইউক্ৰেইন-হাংগেৰী সীমান্তত উপস্থিত হোৱা ভাৰতীয় নাগৰিকসকলক ভাৰত চৰকাৰৰ বিষয়াসকলৰ সহায়ত ক্ৰমান্বয়ে বুখাৰেষ্ট আৰু বুদাপেষ্টলৈ লৈ যোৱা হৈছিল যাতে তেওঁলোকক এয়াৰ ইণ্ডিয়াৰ এই বিমানসমূহৰ জড়িয়তে স্থানান্তৰ কৰিব পৰা যায় । চৰকাৰে উদ্ধাৰ কৰা নাগৰিকসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ বিমানেৰে স্থানান্তৰ কৰা হৈছে ।

এয়াৰ ইণ্ডিয়াই টুইটাৰত সিন্ধিয়াই বিমানবন্দৰত উদ্ধাৰ হোৱা লোকসকলক গ্ৰহণ কৰা ফটো শ্বেয়াৰ কৰিছে । ২৭ ফেব্ৰুৱাৰীৰ পুৱা বিমানমন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই AI-1942 বিমানেৰে উদ্ধাৰ কৰি অনা ভাৰতীয় নাগৰিকসকলক আদৰণি জনাইছিল । বিমান সংস্থাটোৰ প্ৰকাশ কৰা তথ্য অনুযায়ী মন্ত্ৰীগৰাকীয়েই সমগ্ৰ এই কাম-কাজ পৰিচালনা কৰি আছে ।

২৪ ফ্ৰেব্ৰুৱাৰীত বৈদেশিক সচিব হৰ্ষবৰ্ধন শ্ৰীংলাই প্ৰকাশ কৰা মতে প্ৰায় ১৬,০০০ ভাৰতীয় ইউক্ৰেইনত আৱদ্ধ হৈ আছে, আৰু ইয়াৰে বেছিভাগ শিক্ষাৰ্থী । ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে ইউক্ৰেইনত আৱদ্ধ ভাৰতৰ নাগৰিকসকলক হেল্পলাইন নম্বৰ ব্যৱহাৰ কৰি তাত থকা ভাৰত চৰকাৰৰ বিষয়াসকলৰ সৈতে আগতীয়াকৈ যোগাযোগ কৰি নোলোৱাকৈ যি কোনো চকীলৈ যাবলৈ মানা কৰিছিল ।

সীমান্তৰ চেকপইন্টৰ পৰিস্থিতি অতি সংবেদনশীল হেৱাৰ বাবে একেলগে সকলো নাগৰিকক স্থানান্তৰ কৰাৰ বাবে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে নিৰন্তৰ প্ৰচেষ্টা অব্য়াহত ৰখাৰ কথা প্ৰকাশ কৰে । দূতাবাসৰ অজ্ঞাতে চেকপইন্টত উপস্থিত হোৱা নাগৰিকসকলৰ বাবে সীমান্ত অতিক্ৰম কৰাতো অতি কঠিন হৈ পৰিছে ।

ইউক্ৰেইনৰ পশ্চিমৰ চহৰসমূহত পানী, খাদ্য, বাসস্থান আৰু প্ৰাথমিক সুবিধাৰ সুবিধা ৰখাৰ পৰিস্থিতি সম্পৰ্কে অৱগত নোহোৱাকৈ চেকপইন্টত উপস্থিত হোৱাটো তুলনামূলকভাৱে অসুৰক্ষিত। বৰ্তমান পূৱ খণ্ডত থকা সকলোকে পৰৱৰ্তী নিৰ্দেশনা নোহোৱালৈকে তেওঁলোকৰ বৰ্তমানৰ বাসস্থানতে থাকি, শান্ত হৈ আৰু যিমান সম্ভৱ ঘৰৰ ভিতৰত বা আশ্ৰয়স্থলত থাকিবলৈ অনুৰোধ কৰা হৈছে।

লগতে পঢ়ক : Russian invasion of Ukraine: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে লোৱা প্ৰস্তাৱত মতদান নকৰিলে ভাৰতে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.