ETV Bharat / bharat

UP election 2022: AIMIMৰ ষষ্ঠখন প্ৰাৰ্থী তালিকা প্ৰকাশ - AIMIM দলে বুধবাৰ প্ৰকাশ কৰিলে আন এখন প্ৰাৰ্থী তালিকা

উত্তৰ প্ৰদেশৰ নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে (UP election 2022) । AIMIM দলে বুধবাৰ প্ৰকাশ কৰিলে আন এখন প্ৰাৰ্থী তালিকা (AIMIM party released sixth candidates list)। ৮ গৰাকী প্ৰাৰ্থীৰ সৈতে প্ৰকাশ এই তালিকা ।

UP election 2022
AIMIMৰ ষষ্ঠ প্ৰাৰ্থী তালিকা প্ৰকাশ
author img

By

Published : Jan 27, 2022, 1:56 PM IST

নেশ্যনেল ডেস্ক,২৭ জানুৱাৰী : অহা ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন (UP election 2022)। ৪০৩ টা বিধানসভা সমষ্টিত ৭ টা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন । ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনৰ বাবে । বিজেপিকে ধৰি বাকী দলসমূহেও প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । ইয়াৰ মাজতে অল ইণ্ডিয়া মজলিচ-ই-ইত্তেহাদুল মুছলিমিন (AIMIM) দলে প্ৰকাশ কৰিলে ষষ্ঠখন প্ৰাৰ্থী তালিকা (AIMIM party released sixth candidates list)।

বুধবাৰে নিশা আঠগৰাকী প্ৰাৰ্থীৰ সৈতে এই তালিকা প্ৰকাশ কৰে দলটোৱে । ইয়াৰ দ্বাৰা আগন্তুক নিৰ্বাচনৰ বাবে AIMIM ৰ প্ৰাৰ্থীৰ সংখ্যা ৪১ লৈ বৃদ্ধি হৈছে ।হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেচিৰ দলে ৪০৩ খন আসনতে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব । আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বাবু সিং কুশৱাহাৰ 'জনধিকাৰ পাৰ্টী' আৰু ৱামান মেশ্ৰামৰ নেতৃত্বৰ ভাৰত মূল নিৱাসী সংঘ (BAMSEF)ৰ সৈতে AIMIM মিত্ৰতা স্থাপন কৰিছে । তিনিওটা ৰাজনৈতিক দলে ভাগীদাৰী পৰিৱৰ্তন মৰ্চাৰ অধীনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ।

নতুন তালিকা অনুসৰি, ৰাইছ মালিকে মোৰাদাবাদ কন্থ সমষ্টি, মোহিদ ফাৰঘানীয়ে মোৰাদাবাদ গ্ৰাম্য আৰু ৱাকী ৰছিদে মোৰাদাবাদ চহৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । মৌলানা এহতিছাম ৰাজা হাছমীয়ে আমৰোহাৰ হাছানপুৰ সমষ্টি, নৌশাদ কুৰেছিয়ে শ্বাহজাহানপুৰ, আচিফ ইকবালে ফিৰোজাবাদ, দিলদাৰ গাজীয়ে আৰ্য নগৰ আৰু আলাউদ্দিনে শিচামাউৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব ।

লগতে পঢ়ক :UP polls 2022 : 172 খন আসনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিলে গেৰুৱা দলে, লগত থাকিব নতুন মিত্ৰদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.