ETV Bharat / bharat

President election: ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদীক সমৰ্থন জনাব এআইএডিএমকেয়ে

ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক সমৰ্থন জনাব এআইএডিএমকেয়ে(AIADMK support to Presidential candidate Droupadi Murmu) ৷

author img

By

Published : Jul 3, 2022, 8:59 AM IST

aiadmk-allies-extend-support-to-nda-presidential-candidate-droupadi-murmu
ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদীক সমৰ্থন জনাব এআইএডিএমকেয়ে

নেশ্যনেল ডেস্ক, 3 জুলাই: সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচন (President election) ৷ শনিবাৰে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে চেন্নাইত বিজেপিৰ মিত্ৰ দলসকলকৰ লগতে এআইএডিএমকেৰ নেতাসকলক সাক্ষাৎ কৰে (Presidential candidate Droupadi Murmu ) ৷ এই সাক্ষাৎকাৰৰ পাছত এআইএডিএমকেৰ নেতা কে পালানিস্বামী আৰু অ’ পান্নেৰচেলভাম, তামিল মাননিলা কংগ্ৰেছৰ সভাপতি জি কে ভাছান আৰু পাট্টলি মক্কল কাটচিৰ সভাপতি ড৹ আনবুমণি ৰমাডোছে মুৰ্মুক সমৰ্থন জনোৱাৰ প্ৰতিশ্ৰুতি দিয়ে(AIADMK support to Presidential candidate Droupadi Murmu) ৷

মুমুৰ্ক সাক্ষাৎ কৰিএআইএডিএমকেৰ নেতাসকলে কয় যে -"আপোনাৰ বিজয় প্ৰায় নিশ্চিত হৈ পৰাৰ পিছতো আপুনি তামিলনাডুৰ বিধায়ক আৰু সাংসদৰ সমৰ্থন বিচাৰি চেন্নাইলৈ আহিছে ৷ আপোনাৰ সৰলতা আৰু নম্ৰতাত আমি আপ্লুত হৈছো ৷" তেওঁলোকে লগতে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ললিতা জীয়াই থকা হ’লে মুৰ্মুক ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদত দেখি অতিশয় আনন্দিত হ’লহেঁতেন বুলিও উল্লেখ কৰে ৷" প্ৰথমবাৰৰ বাবে অনুসূচিত জনজাতিৰ এগৰাকী মহিলাই ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে দেশখনৰ সৰ্বোচ্চ পদ দখল কৰাৰ সুযোগ লাভ কৰিব বুলি কয় এআইএডিএমকেৰ নেতা পান্নীৰচেলভামে ৷

১৮ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত সম্পূৰ্ণ হৃদয়েৰে মুৰ্মুক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মিত্ৰদলটোৱে৷ ২৩৪ জনীয়া সদনত তামিলনাডুৰ মূল বিৰোধী এআইএডিএমকে ৬৬ জন বিধায়কৰ শক্তি থকাৰ বিপৰীতে মিত্ৰশক্তি পিএমকে আৰু বিজেপিৰ ক্ৰমে ৫ আৰু ৪ জন বিধায়ক আছে, যাৰ ফলত ৰাজ্যখনত এনডিএৰ 75জন বিধায়ক আছে ৷

এই বিবৃত্তিত এআইএডিএমকেয়ে কয় যে মহিলা আৰু নিপীড়িতসকলৰ সৱলীকৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীয়ে সকলোকে আকৰ্ষণ কৰিছে৷ বিগত সময়ছোৱাত ওড়িশা চৰকাৰৰ মন্ত্ৰী আৰু ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা মুৰ্মুৱে অনাগত দিনত ৰাষ্ট্ৰপতি হিচাপে "ভাৰতৰ সংবিধান অনুসৰি ফলপ্ৰসূ আৰু কাৰ্যক্ষমভাৱে" কাম কৰিব বুলি আমি আশাবাদী ৷

লগতে পঢ়ক: President election : ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদীক সমৰ্থন জনাব বিএছপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.