ETV Bharat / bharat

Karnataka Election 2023: বিজেপিত অন্তঃকন্দল; টিকট বঞ্চিত কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰৰ পদত্যাগ

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ণাটক বিজেপিত বিদ্ৰোহ আৰম্ভ হৈছে (Rebellion in Karnataka BJP)। দলে টিকট নিদিয়াৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰৰ পদত্যাগ । নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ হুংকাৰ নেতাগৰাকীৰ ।

Karnataka Election 2023
প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰৰ পদত্যাগ
author img

By

Published : Apr 16, 2023, 10:33 AM IST

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : সমাগত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন (Karnataka Election 2023)। তাৰ পূৰ্বে ৰাজ্যিক বিজেপিত মোক্ষম আঘাত । প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰৰ পদত্যাগৰ ঘোষণা । দলে জ্যেষ্ঠ নেতাগৰাকীক টিকট প্ৰদান কৰা নাছিল । যাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে (Ex CM Jagadish Shettar from BJP)। ৬৭ বছৰীয়া জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰিলেও নিশ্চিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।

শ্বেট্টাৰে লগতে কয় যে তেওঁ বিধানসভাৰ পৰাও পদত্যাগ কৰিব । যেতিয়া ৰাজ্যখনত কংগ্ৰেছ শাসনত আছিল তেতিয়াই শ্বেট্টাৰ বিৰোধী দলৰ নেতা আছিল । তেওঁ কয় যে তেওঁ চিৰচীত থকা অধ্যক্ষ বিশ্বেশ্বৰ হেগড়ে কাগেৰীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে (Jagadish Shettar announces resignation)। দলীয় অসন্তুষ্টিৰ কথা প্ৰকাশ কৰি শ্বেট্টাৰে কয় যে বিজেপি দলটোক তৃণমূলৰ পৰা এক শক্তিশালী স্থিতিলৈ তেওঁ আনিছে কিন্তু একাংশ দলীয় নেতাই তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে ।

বিজেপিলৈ তেওঁৰ অৱদান আৰু বিধানসভাৰ অধ্যক্ষকে ধৰি গুৰুত্বপূৰ্ণ পদসমূহৰ কথা স্মৰণ কৰি শ্বেট্টাৰে কয় যে দলৰ নেতাসকলে এতিয়ালৈকে জগদীশ শ্বেট্টাৰক বুজি পোৱা নাই, যিধৰণে তেওঁলোকে তেওঁক অপমানিত কৰিছে । দলীয় একাংশ নেতাই তেওঁক যিধৰণে উপেক্ষা কৰিছে তাক লৈ তেওঁ বিচলিত হৈছে । সেয়ে শান্ত হৈ বহি নাথাকি সেই নেতাসকলক প্ৰত্যাহ্বান জনোৱাৰ কথা উল্লেখ কৰে নেতাগৰাকীয়ে । যাৰ বাবে তেওঁ এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলিও সিদ্ধান্ত লৈছে ।

নেতাগৰাকীৰ অভিযোগ তেওঁৰ বিৰুদ্ধে এক প্ৰণালীবদ্ধ ষড়যন্ত্ৰ চলি আছিল আৰু তেওঁ কেতিয়াও এগৰাকী অপ্ৰত্যাশিত ব্যক্তি নাছিল কিন্তু দলটোৱে তেওঁক তেনে হ'বলৈ বাধ্য কৰিছে । ৬ বাৰৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইৰ সৈতে হোৱা বৈঠকৰ পাচতে এই ঘোষণা কৰে ।

উল্লেখ্য যে তেওঁৰ দলীয় টিকট প্ৰদান নকৰাত ক্ষোভিত হৈছিল নেতাগৰাকী । লগে লগে তেওঁ বিদ্ৰোহ আৰম্ভ কৰে । অৱশ্যে মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় প্ৰহ্লাদ যোশী আৰু ধৰ্মেন্দ্ৰ প্ৰধানেও তেওঁক সাক্ষাৎ কৰিছে । কিন্তু তাৰ পাচতো নিজৰ স্থিতিত অটল নেতাগৰাকী (Jagadish Shettar reacts over resignation)।

ইফালে শ্বেট্টাৰে দাবী কৰা মতে তেওঁ দলে টিকট নিদিয়াৰ বাবে উত্তৰ কৰ্ণাটকৰ ২০ৰ পৰা ২৫ খন বিধানসভা আসনৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব । লক্ষ্যনীয়ভাৱে নিৰ্বাচনৰ প্ৰাকক্ষণত এয়া বিজেপিৰ বাবে দ্বিতীয়টো ডাঙৰ আঘাত । শেহতীয়াকৈ, প্ৰাক্তন উপ মুখ্যমন্ত্ৰী লক্ষ্মণ সাবাদীয়ে দলৰ পৰা পদত্যাগ কৰে আৰু কংগ্ৰেছত যোগদান কৰে । আথানি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ বিচৰা সাৱাদীৰ পৰিৱৰ্তে বিজেপিয়ে মহেশ কুমাথাল্লিক টিকট দিয়াৰ বাবে নেতাগৰাকীয়ে পদত্যাগ কৰে ।

লগতে পঢ়ক:Atiq Ahmed killed: আতিক আহমেদ হত্যাকাণ্ডক ষড়যন্ত্ৰ আখ্যা; মুখ্যমন্ত্ৰী যোগীৰ পদত্যাগ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.