ETV Bharat / bharat

Free and Fair poll:ত্ৰিপুৰাত ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে ECIক আহ্বান কংগ্ৰেছৰ

author img

By

Published : Apr 24, 2022, 7:07 PM IST

ত্ৰিপুৰাত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন সম্ভৱ হয়নে নহয় তাক লৈ দ্বিধাবোধ কংগ্ৰেছৰ (Congress hesitant on whether free and fair elections are possible in Tripura ) । সেয়ে দলটোৱে ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে আহ্বান জনাইছে ভাৰতীয় নিৰ্বাচন আয়োগক । কিয়নো ত্ৰিপুৰাত আইন-শৃংখলাৰ অৱস্থা সম্পূৰ্ণৰূপে অৱনতি হোৱাৰ অভিযোগ দলটোৰ ।

Calls on Election Commission of India for field inspection
ত্ৰিপুৰাত ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে ECIক আহ্বান কংগ্ৰেছৰ

আগৰতলা, ২৪ এপ্ৰিল: ত্ৰিপুৰাত আইন-শৃংখলাৰ অৱস্থা সম্পূৰ্ণৰূপে অৱনতি হোৱাৰ কংগ্ৰেছৰ । এই অভিযোগৰ পাছতেই ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে জনাই যে ত্ৰিপুৰাত মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ হয়নে নহয় তাৰ বাবে ভাৰতীয় নিৰ্বাচনী আয়োগক ক্ষেত্ৰ পৰিদৰ্শন বাবে আহ্বান জনোৱা কথা । ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে ECI ৰ এটা উচ্চ পৰ্যায়ৰ দল ত্ৰিপুৰালৈ প্ৰেৰণৰ বাবে আহ্বান জনাই দলটোৱে(Calls on Election Commission of India for field inspection) ।

এক সংবাদমেল সম্বোধন কৰি জ্যেষ্ঠ কংগ্ৰেছী নেতা আশীষ কুমাৰ সাহাই কয় যে AICC ৰ ত্ৰিপুৰাৰ ভাৰপ্ৰাপ্ত বিষয়া ড০ অজয় কুমাৰ, ত্ৰিপুৰা কংগ্ৰেছৰ মুৰব্বী বিৰজিৎ সিনহা, বিজেপিৰ প্ৰাক্তন মন্ত্ৰী সুদীপ ৰয় বৰ্মন, এআইচিচিৰ সম্পাদক স্জৰিতা লাইটফ্লাং আৰু অন্যান্য নেতাসকলৰ নেতৃত্বত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ECIৰ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰে। লগতে তেওঁলোকক ৰাজ্যখনত বৰ্তমান শান্তিপূৰ্ণ নিৰ্বাচন অনুস্থিত কৰাৰ বাবে পৰিস্থিতি ভাল নহয় বুলি অৱগত কৰে ।

তেঁও লগতে কয় যে তেঁওলোকে নিৰ্বাচনী আয়ুক্তক লগ কৰিছিল আৰু এক বিতং আলোচনাত মিলিত হৈছিল । ২০১৮ চনৰ পিছত ত্ৰিপুৰাত অনুষ্ঠিত হোৱা নিৰ্বাচনসমূহ মুক্ত আৰু নিৰপেক্ষ নাছিল বুলি অভিযোগ উত্থাপন কৰে জেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে । সাহাই উল্লেখ কৰে যে পৰিস্থিতি ইমানেই বেয়া পৰ্যায়লৈ গৈছিল বিৰোধী দলৰ প্ৰাৰ্থীসকলে তেঁওলোকৰ মনোনয়ন দাখিলেই কৰিব নোৱাৰিলে ।

বিভিন্ন প্ৰকাৰে শাসকীয় BJPয়ে বিৰোধী দলৰ নেতাসকলক আক্ৰমণ কৰিছিল আৰু ভাবুকি দিছিল বুলিও উল্লেখ কৰে । সাহাই ECIক ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে অৱগত কৰি সম্ভৱ হ'লে অনাগত দিনত নিৰ্বাচন মুক্ত আৰু নিৰপেক্ষ ভাৱে অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱাৰ কথাও উল্লেখ কৰে । তেঁও অভিযোগ উত্থাপন কৰে যে, বিজেপি সমৰ্থিত দুৰ্বৃত্তৰ কাৰণে ত্ৰিপুৰাত শান্তিপূৰ্ণভাৱে এটাও নিৰ্বাচন অনুষ্ঠিত হোৱা নাই ।

তেঁওলোকে ত্ৰিপুৰা ভ্ৰমণৰ বাবে এখন উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল গঠন কৰিবলৈ দাবী জনায় যাতে, আইন-শৃংখলা পৰিস্থিতিৰ অৱস্থা পৰীক্ষা কৰিব পাৰি, সেয়া মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ বাবে অনুকূল হওক বা নহওঁক । কাৰণ ত্ৰিপুৰাত এটাও নিৰ্বাচন শান্তিপূৰ্ণ বা মুক্ত আৰু নিৰপেক্ষভাৱে অনুষ্ঠিত হোৱা নাছিল । লগতেECIয়ে আশ্বাস দি তেওঁলোকে উপযুক্ত পদক্ষেপ ল'ব বুলি জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে ।

লগতে পঢ়ক: তৃণমূলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব ৰিপুণ বৰাক : মে'ত গঠন হ'ব পূৰ্ণাংগ সমিতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.