ETV Bharat / bharat

আকাশৰ পৰা সামগ্ৰী পঠিওৱা পেৰাচ্যুটৰ সফল পৰীক্ষণ সম্পন্ন

author img

By

Published : Dec 31, 2020, 7:22 PM IST

এৰিয়েল ডেলিভাৰী ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্ট এষ্টাব্লিচমেন্টৰ দ্বাৰা বিকশিত বিশেষ পেৰাচ্যুটৰ সফল পৰীক্ষণ সম্পন্ন কৰে ভাৰতীয় নৌসেনাই ৷

আকাশৰ পৰা সামগ্ৰী পঠিওৱা পেৰাচ্যুটৰ সফল পৰীক্ষণ সম্পন্ন
আকাশৰ পৰা সামগ্ৰী পঠিওৱা পেৰাচ্যুটৰ সফল পৰীক্ষণ সম্পন্ন

নিউজ ডেস্ক, 31 ডিচেম্বৰ : ভাৰতীয় নৌ-সেনাৰ বাবে বিশেষ সফলতা এৰিয়েল ডেলিভাৰী ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্ট এষ্টাব্লিচমেন্টৰ ৷ সংস্থাটোৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা বিশেষ এয়াৰ-ড্ৰপ পেৰাচ্যুটৰ সফল পৰীক্ষণ সম্পন্ন কৰে ভাৰতীয় নৌ-সেনাই ৷ গোৱাস্থিত ভাৰতীয় নৌ-সেনা চাউনী আইএনএছ হানচাৰ পৰা আজি এই বিশেষ পেৰাচ্যুটৰ সফল পৰীক্ষণ সম্পন্ন কৰে নাভাল এয়াৰ স্কোৱাড্ৰণৰ আইএনএএছ-315 বিমানে ৷ এতিয়াৰে পৰা জৰুৰীকালীন অৱস্থাত ভাৰতীয় নৌ-সেনাই এই পেৰাচ্যুটৰ সহায়ত আকাশৰ পৰাই সামগ্ৰীসমূহ দূৰৱৰ্তী অঞ্চলত এয়াৰ-ড্ৰপ কৰিবলৈ সক্ষম হ’ব ৷

এৰিয়েল ডেলিভাৰী ৰিচাৰ্ছ এণ্ড ডেভেলপমেন্ট এষ্টাব্লিচমেন্ট চমুকৈ এডিআৰডিইৰ জ্যেষ্ঠ বৈজ্ঞানিক এ কে চাক্সেনাই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে ৷ ভাৰতীয় বায়ুসেনা আৰু ভাৰতীয় নৌ-সেনাৰ সহযোগত এই পৰীক্ষণ সম্পন্ন কৰা হয় বুলি কয় ৷ ভাৰতীয় বায়ুসেনাৰ অধীনস্থ আইএল-39 বিমানৰ সহায়ত এই পেৰাচ্যুটেৰে বন্ধা সামগ্ৰী আকাশৰ পৰাই নৌ-সেনাৰ জাহাজত এয়াৰ-ড্ৰপ কৰা হয় বুলি কয় বৈজ্ঞানিকগৰাকীয়ে ৷

লগতে পঢ়ক : 2020ৰ ভাৰতৰ ক্ৰমবৰ্ধিত বৈদেশিক সম্পৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.