ETV Bharat / bharat

ADR report : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আছে ১৩ টা গোচৰ

author img

By

Published : Jul 16, 2023, 10:27 AM IST

শেহতীয়াকৈ প্ৰকাশিত এডিআৰ প্ৰতিবেদন অনুসৰি দিল্লীৰ ৭০ বিধায়কৰ ভিতৰত ৪৪ গৰাকীৰ বিৰুদ্ধে আছে গোচৰ । মুখ্যমন্ত্ৰী কেজৰিৱালৰ বিৰুদ্ধে আছে সৰ্বাধিক ১৩ টা গোচৰ । আম আদমী পাৰ্টিৰ লগতে তালিকাত ৫ গৰাকী বিজেপিৰ বিধায়কো আছে ।

ADR report
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আছে ১৩ টা গোচৰ

নেশ্যনেল ডেস্ক,১৬ জুলাই : দেশৰ প্ৰায়বোৰ ৰাজনৈতিক নেতা বা মন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে । সেয়া শাসকীয় দলৰ নেতাই হওক বা বিৰোধীৰে হওক । পিছে আপুনি জানিলে আচৰিতে হ'ব দিল্লীৰ ৪৪ গৰাকী বিধায়কৰ বিৰুদ্ধে আছে বিভিন্ন অপৰাধমূলক গোচৰ । এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে (এডিআৰ) এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছে ।

প্ৰতিবেদনত দাবী কৰা হৈছে যে সমগ্ৰ ভাৰতৰ ৰাজ্যিক বিধানসভাসমূহৰ প্ৰায় ৪৪ শতাংশ বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে । এই কথা বিধায়কসকলে তেওঁলোকৰ শপতনামাত নিজেই উল্লেখ কৰিছে । এডিআৰ আৰু নেচনেল ইলেকশ্যন ৱাচ (নিউ)ৰ প্ৰতিবেদনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্বে সমগ্ৰ দেশৰ ৰাজ্যিক বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বৰ্তমানৰ বিধায়কসকলে দাখিল কৰা শপতনামা পৰীক্ষা কৰা হৈছিল । তাৰ পাছতে প্ৰতিবেদনখন অনুসন্ধানৰ ভিত্তিত প্ৰকাশ কৰা হৈছে ।

প্ৰতিবেদন অনুসৰি দিল্লীৰ ৭০ গৰাকী বিধায়কৰ ভিতৰত ৪৪ গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ আছে । তেওঁলোকৰ ভিতৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ১৩ টা গোচৰৰ সৈতে শীৰ্ষস্থানত আছে । আনহাতে ৩৭ গৰাকী বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ আছে । এই ৪৪ গৰাকী বিধায়কৰ ভিতৰত ৩৯ গৰাকীয়ে আম আদমী পাৰ্টিৰ আৰু ৫ গৰাকী বিজেপিৰ ।

আপৰ ৩৯ গৰাকী বিধায়কৰ ভিতৰত ১৯ জনৰ বিৰুদ্ধে এটা বা দুটা গোচৰ ৰুজু আছে । বাকী ২০ গৰাকী বিধায়কৰ বিৰুদ্ধে তিনি বা ততোধিক গোচৰ ৰুজু কৰা হৈছে । আপৰ ওখলাৰ বিধায়ক আমানতুল্লা খান তালিকাৰ দ্বিতীয় স্থানত আছে ।

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পাছত যদি আমি আপৰ ডাঙৰ নেতাৰ কথা কও তেনেহ'লে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে পুৰণি শপতনামা অনুসৰি তিনিটা গোচৰ ৰুজু কৰা হৈছে । নিৰ্বাচনৰ পাছত চিছোদিয়াৰ বিৰুদ্ধে চিবিআই আৰু ইডিয়ে আবকাৰী কেলেংকাৰীত দুটা গোচৰ আৰু দিল্লীৰ চৰকাৰী সংস্থাৰ দ্বাৰা গুপ্তচৰ বৃত্তিৰ আন এটা গোচৰ ৰুজু কৰিছে । এনেদৰে, চিছোদিয়াৰ বিৰুদ্ধে গোচৰৰ সংখ্যা ৬ লৈ বৃদ্ধি পাইছে ।

শিক্ষা মন্ত্ৰী আতিশীৰ বিৰুদ্ধে এটা, গোপাল ৰায়ৰ বিৰুদ্ধে এটা, ৰাজকুমাৰ আনন্দৰ বিৰুদ্ধে এটা, সৈত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে দুটা, ৰাম নিৱাস গোৱেলৰ বিৰুদ্ধে এটা, ৰাখী বিৰলাৰ বিৰুদ্ধে এটা আৰু দুৰ্গেশ পাঠকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে । বিজেপি বিধায়কসকলৰ ভিতৰত ওম প্ৰকাশ শৰ্মাৰ বিৰুদ্ধে দুটা, বিজেন্দ্ৰ গুপ্তাৰ বিৰুদ্ধে দুটা, জিতেন্দ্ৰ মহাজনৰ বিৰুদ্ধে দুটা আৰু অভয় বাৰ্মা আৰু অনিল বাজপেয়ীৰ বিৰুদ্ধে এটাকৈ গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :Azam Khan hate speech case : সমাজবাদী পাৰ্টিৰ জ্য়েষ্ঠ নেতা আজম খানক আদালতৰ দোষী সাব্যস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.