নেশ্য়নেল ডেস্ক, ২১ আগষ্ট: ওডিশাৰ বালাচোৰ আৰু ময়ূৰভঞ্জ(Odisha Balasore and Mayurbhanj of Odisha) জিলাত প্ৰশাসনে নৈপৰীয়া অঞ্চলসমূহৰ পৰা বাসিন্দাসকলক স্থানান্তৰিত কৰিছে । উক্ত জিলা দুখনৰ সুবৰ্ণৰেখা আৰু বৈতৰাণী নদীৰ জলস্পৃষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে এনে অভিযান চলাইছে । এই বিষয়ে সদৰী কৰিছে জিলা প্ৰশাসনে । উল্লেখ্য় যে বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানদী নদী প্ৰণালীত বানপানীৰ সৃষ্টি হৈছে । ফলত সাত লাখৰো অধিক লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে । এই জিলা দুখনৰ ৭৬৩ খন গাঁৱৰ ৫ লাখ ক্ষতিগ্ৰস্ত হৈছে ।
প্ৰশাসনে প্ৰকাশ কৰা তথ্য় অনুসৰি বৰষুণ আৰু বানত ৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । ইফালে,উদ্ধাৰকাৰী দলে সম্বলপুৰ জিলাৰ কুচিন্দা (Kuchinda area of Sambalpur district)অঞ্চলত দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে । ইয়াৰ পূৰ্বে শুকুৰবাৰে নিশা দেৱাল খহি পৰাৰ ফলত দুগৰাকী নাবালিকাসহ চাৰিগৰাকীয়ে প্ৰাণ হেৰুৱায় । উত্তৰ ওডিশাৰ সকলো নদীৰ জলস্তৰ বংগোপসাগৰৰ চাপৰ বাবে বৃদ্ধি পাইছে ।
বিশেষ সাহায্য আয়ুক্ত(Special Relief Commissioner)পি কে জেনাই বালাচোৰ আৰু ময়ূৰভঞ্জ জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে । তেওঁ কয় যে ঝাৰখণ্ডৰ গালুদিহ বেৰেজৰ(Galudih barrage)কৰ্তৃপক্ষই ১৬ খন স্লুইচ গেটৰে ৫ লাখ কিউছেক পানী এৰি দিয়াৰ ফলত সুবৰ্ণৰেখা প্ৰণালীত জলস্তৰ বৃদ্ধি পাইছে । জেনাই পুনৰ কয় যে শুক্ৰবাৰে চুবুৰীয়া ৰাজ্য পশ্চিম বংগতে বেছি পৰিমানে বৰষুণ হৈছে । ইপিনে,বালাচোৰৰ জিলা উপায়ুক্ত দত্তাত্ৰয় ভাউচাহেব চিন্দেয়ে কয় যে জলকা আৰু বুধাবালাং নদী প্ৰণালীত বানপানী হোৱা বাবে ইয়াৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।
বিশেষ সাহায্য আয়ুক্তই আৰু কয় যে বালাচোৰ আৰু ময়ুৰভঞ্জ জিলাত এন ডি আৰ এফ(NDRF),ওডিআৰএএফ(ODRAF) আৰু অগ্নি নিৰ্বাপক সেৱাৰ(Fire Service) কৰ্মীসকলক লৈ ৫০ টাতকৈও অধিক সৰু উদ্ধাৰকাৰী দল নিয়োগ কৰা হৈছে । আনহাতে, ভদ্ৰক আৰু জাজপুৰতো একে ধৰণৰ ব্যৱস্থা কৰা হৈছে । জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা(Water Resources Department Chief Engineer)বি কে মিশ্ৰই কয় যে মহানদী ব-দ্বীপৰ বান পৰিস্থিতিৰ উন্নতি হৈছে । ইপিনে, ছত্তিশগড়ৰ মহানদীৰ ওপৰৰ অৱবাহিকা অঞ্চলত বৰষুণৰ পৰিমান হ্ৰাস পাইছে । অহা কেইদিনমানৰ ভিতৰত বান পৰিস্থিতি আৰু উন্নত হ'ব বুলি মিশ্ৰই কয় ।
লগতে পঢ়ক:মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰি ৰাজ্যত 25 গৰাকীৰ মৃত্যু