ETV Bharat / bharat

শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাত বন্ধ হ'ব সুৰা আৰু মাংসৰ প্ৰচলন ! - যোগী আদিত্যনাথে মথুৰাৰ কৃষ্ণ জন্মভূমি মন্দিৰো পৰিদৰ্শন কৰে

জন্মাষ্টমীৰ কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ গুৰুত্বপূৰ্ণ ঘোষণা । সুৰা আৰু মাংসৰ পৰিৱৰ্তে গাখীৰ বিক্ৰী কৰিবলৈ ৰাইজক আহ্বান মুখ্যমন্ত্ৰীৰ ।

Mathura
কৃষ্ণৰ জন্মভূমি মথুৰাত বন্ধ হ'ব সুৰা আৰু মাংসৰ প্ৰচলন
author img

By

Published : Aug 31, 2021, 3:55 PM IST

নেশ্যনেল ডেস্ক,৩১ আগষ্ট : শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাত উলহ-মালহেৰে পালন কৰা হয় জন্মাষ্টমী (Janmashtami) । জন্মাষ্টমী উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অংশগ্ৰহণ কৰে মথুৰাৰ বিশেষ কাৰ্যসূচীত । সেই অনুষ্ঠানতে উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জন্মাষ্টমী উপলক্ষ্যে মথুৰাত সুৰা আৰু মাংস খোৱা অনুচিত ।

সাধু আৰু জনপ্ৰতিনিধিসকলেও মত প্ৰকাশ কৰা মতে মথুৰাত সুৰা আৰু মাংস খোৱা উচিত নহয় । এই ব্যৱসায়ৰ লগত জড়িত লোকসকলক চিনাক্ত কৰি প্ৰশাসনে তেওঁলোকক আন ব্যৱসায়ৰ প্ৰশিক্ষণ দিয়া উচিত বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । তেওঁ লগতে কয় যে সুৰা আৰু মাংসৰ বিক্ৰীত নিয়োজিত লোকসকলে মথুৰাৰ গৌৰৱ পুনৰুজ্জীৱিত কৰাৰ বাবে গাখীৰ বিক্ৰী কৰিবলৈ সৰু সৰু দোকান স্থাপন কৰিব পাৰে । যিহেতু ৰাজ্যখন গাখীৰ উৎপাদনৰ বাবে জনাজাত সেয়ে লোকসকলে এই ব্যৱসায়ত জড়িত হ'ব লাগে বুলি আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তাৰ পূৰ্বে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মথুৰাৰ কৃষ্ণ জন্মভূমি মন্দিৰো পৰিদৰ্শন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰত প্ৰাৰ্থনা কৰে আৰু মন্দিৰৰ দ্বাৰা আয়োজিত 'কৃষ্ণোৎসৱ' কাৰ্যসূচীত ভাগ লয় ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয় যে জন্মাষ্টমীৰ দৰে উৎসৱ উদযাপন আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক । সেয়ে ইয়াক সংৰক্ষণ কৰা প্ৰয়োজন বুলি উল্লেখ কৰে যোগী আদিত্যনাথে । পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লক্ষ্ণৌৰ জন্মাষ্টমী কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু তাত থকা লোকসকলক উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক :ক'ভিড 19 : দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.