ETV Bharat / bharat

Aditya L1 Mission : ভাৰতৰ সৌৰ অভিযানৰ কাউণ্টডাউন আৰম্ভ; ইছৰো

দেশৰ উচ্চাভিলাষী সৌৰ মহাকাশ অভিযান আদিত্য-এল১ ২ ছেপ্টেম্বৰত উৎক্ষেপণৰ বাবে সাজু হৈছে ইছৰো । তাৰ বাবে উৎক্ষেপণৰ ক্ষণ গণনা শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) প্ৰথম মহাকাশ ভিত্তিক বৈজ্ঞানিক সৌৰ অভিযান ২ ছেপ্টেম্বৰৰ পুৱা ১১.৫০ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰাৰ কথা আছে ।

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 2:59 PM IST

Aditya L1 Mission
Aditya L1 Mission

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : চন্দ্ৰযান-৩ৰ সফল অভিযানৰ পিছত এইবাৰ ইছৰো সাজু হৈছে অভিলাষী সৌৰ অভিযানৰ বাবে । ইছৰোৰ অধ্যক্ষ এছ সোমনাথে প্ৰকাশ কৰিছে যে মহাকাশ সংস্থাটোৱে দেশৰ উচ্চাকাংক্ষী সৌৰ মহাকাশ অভিযান আদিত্য-এল১ ২ ছেপ্টেম্বৰত উৎক্ষেপণৰ বাবে সাজু হৈছে । তাৰ বাবে ইয়াৰ উৎক্ষেপণ কাউণ্টডাউন শুকুৰবাৰে আৰম্ভ হ'ব ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) প্ৰথম মহাকাশ ভিত্তিক বৈজ্ঞানিক সৌৰ অভিযান ২ ছেপ্টেম্বৰৰ পুৱা ১১.৫০ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশবন্দৰৰ পৰা উৎক্ষেপণ কৰাৰ কথা আছে ।

আদিত্য-এল১ মহাকাশযানখন সৌৰ কৰোনাৰ দূৰৱৰ্তী পৰ্যবেক্ষণ প্ৰদান কৰাৰ বাবে আৰু পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰত্বত থকা এল১-ত (সূৰ্য-পৃথিৱী লাগ্ৰাঞ্জিয়ান পইণ্ট) সৌৰ বায়ুৰ ইন চিটু পৰ্যবেক্ষণৰ বাবে প্ৰস্তুত কৰা হৈছে ।

উল্লেখ্য যে মহাকাশ সংস্থাৰ বেংগালুৰুৰ মুখ্য কাৰ্যালয়ৰ পৰা উৎক্ষেপণ কৰিবলগা সূৰ্যৰ পৰ্যবেক্ষণৰ বাবে ই হ'ব প্ৰথম ভাৰতীয় মহাকাশ অভিযান ।

"আমি উৎক্ষেপণৰ বাবে প্ৰায় সাজু হৈ আছোঁ । ৰকেট আৰু উপগ্ৰহ সাজু । আমি উৎক্ষেপণৰ আখৰা সম্পূৰ্ণ কৰিলোঁ । গতিকে কাইলৈ আমি উৎক্ষেপণৰ দিনটোৰ বাবে কাউণ্টডাউন আৰম্ভ কৰিব লাগিব ।" চেন্নাই বিমানবন্দৰত বৃহস্পতিবাৰে সোমনাথে সাংবাদিকৰ আগত কয় ।

তেওঁ লগতে কয়, "উৎক্ষেপণৰ পিছত আমি পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে অপেক্ষা কৰিম ।" উল্লেখ্য যে আদিত্য-এল১ হৈছে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণেৰে নিৰ্মাণ কৰা এক সম্পূৰ্ণ থলুৱা প্ৰচেষ্টা ।

আদিত্য এল১ সৌৰ অভিযান হ'ব সূৰ্যৰ বিষয়ে অধ্যয়ন কৰা প্ৰথম মহাকাশ ভিত্তিক ভাৰতীয় অভিযান । মহাকাশযানখনে উপগ্ৰহটো এল১-ত এটা হেলো কক্ষপথত ৰাখিব বুলি ইছৰোৱে জনাইছে ।

এল১ পইণ্টৰ হেলো কক্ষপথত স্থাপন কৰাৰ পিছত উপগ্ৰহটোৱে সূৰ্যক নিৰন্তৰ পৰ্যবেক্ষণৰ মুখ্য সুবিধা লাভ কৰিব । ই সৌৰ কাৰ্যকলাপ আৰু প্ৰকৃত সময়ত মহাকাশৰ বতৰৰ ওপৰত ইয়াৰ প্ৰভাৱ নিৰীক্ষণ কৰাত সুবিধা প্ৰদান কৰিব ।

উৎক্ষেপণ বাহনখনে বিদ্যুত চুম্বকীয় আৰু কণা আৰু চুম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰি আলোকমণ্ডল, ক্ৰম'মণ্ডল আৰু সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰ (কৰোনা) পৰ্যবেক্ষণ কৰিবলৈ সাতটা পেলোড বহন কৰি নিব ।

চাৰিটা পেলোডে পোনপটীয়াকৈ সূৰ্যক পৰ্যবেক্ষণ কৰিব আৰু ইয়াৰ পৰ্যবেক্ষণবোৰ ৰেকৰ্ড কৰিব । তাৰ পিছত পৃথিৱীৰ কেন্দ্ৰলৈ ঘূৰাই পঠাব । বাকী তিনিটা পেলোডে এল১-ত কণা আৰু ক্ষেত্ৰৰ ইন-চিটু অধ্যয়ন কৰিব । ই আন্তঃগ্ৰহ মাধ্যমত সৌৰ গতিশীলতাৰ প্ৰসাৰৰ প্ৰভাৱৰ গুৰুত্বপূৰ্ণ বৈজ্ঞানিক অধ্যয়নৰ ব্যৱস্থা কৰিব । সৌৰ অভিযানৰ উদ্দেশ্য সন্দৰ্ভত ইছৰোৱে কয় ।

বৈজ্ঞানিক পেলোডবোৰে কৰোনেল তাপ, কৰোনেল মাচ ইজেকচন, প্ৰি-ফ্লেয়াৰ আৰু ফ্লেয়াৰ কাৰ্যকলাপ আৰু সেইবোৰৰ বিশেষত্ব, মহাকাশ বতৰৰ গতিশীলতা, কণা আৰু ক্ষেত্ৰৰ প্ৰসাৰ আদিৰ সমস্যা বুজিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰিব বুলি আশা কৰা হৈছে বুলি ইছৰোৱে লগতে কয় ।

লগতে পঢ়ক :Solar mission of ISRO : ইছৰোৰ সূৰ্য অভিযানৰ লক্ষ্য কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.