ETV Bharat / bharat

বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাৰ দ্বিতীয় স্থানত আদানী - Jeff Bezos net worth

শুকুৰবাৰে ফৰ্বছৰ ৰিয়েল-টাইম বিলিয়নেয়াৰ তালিকাত দ্বিতীয়ৰ পৰা তৃতীয় স্থানলৈ অৱনমিত হৈছিল গৌতম আদানী । শনিবাৰে ব্লুমবাৰ্গ বিলিয়নেয়াৰ তালিকা অনুসৰি পুনৰ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ কোটিপতি হৈ পৰিছে আদানী (Adani becomes Worlds Second richest person)। আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৪৭ বিলিয়ন ডলাৰ । আদানী গ্ৰুপ দেশৰ আটাইতকৈ প্ৰভাৱশালী ব্যৱসায়িক গ্ৰুপ হৈ পৰিছে ।

ADANI
আটাইতকৈ ধনী লোকৰ তালিকাৰ দ্বিতীয় স্থানত আদানী
author img

By

Published : Sep 17, 2022, 12:20 PM IST

নেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ : বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত পুনৰ দ্বিতীয় স্থানত গৌতম আদানী (World 2nd richest person Gautam Adani)। শুকুৰবাৰে ফৰ্বছৰ ৰিয়েল-টাইম বিলিয়নেয়াৰৰ তালিকা দ্বিতীয়ৰ পৰা তৃতীয় স্থানলৈ অৱনমিত হৈছিল যদিও গৌতম আদানীয়ে শনিবাৰে ব্লুমবাৰ্গ বিলিয়নেয়াৰ তালিকাত পুনৰ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ কোটিপতি হৈ পৰিছে (Adani becomes Worlds Second richest person)। ব্লুমবাৰ্গ বিলিয়নেয়াৰ তালিকা অনুসৰি, আদানী ১৪৭ বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে বিশ্বৰ আটাইতকৈ ধনীসকলৰ তালিকাত দ্বিতীয় স্থানত আছে ।

শুকুৰবাৰে তেওঁৰ মুঠ সম্পত্তি ২.১২ বিলিয়ন ডলাৰ হ্ৰাস পায় । কিন্তু ইয়াৰ পাছতে আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ মুঠ সম্পত্তি ২.৭৪ বিলিয়ন ডলাৰ হ্ৰাস পায় (Jeff Bezos net worth) আৰু তেওঁ বিশ্বৰ আটাইতকৈ ধনীসকলৰ তালিকাত তিনি নম্বৰলৈ অৱনমিত । ব্লুমবাৰ্গ বিলিয়নেয়াৰ তালিকা অনুসৰি, এই বছৰ আদানীৰ মুঠ সম্পত্তি ৭০.৩ বিলিয়ন ডলাৰ বৃদ্ধি হৈছে, আনহাতে বেজোছৰ মুঠ সম্পত্তি ৪৫.৫ বিলিয়ন ডলাৰ হ্ৰাস পাইছে । এতিয়া দুয়োটাৰ মুঠ সম্পত্তি প্ৰায় তিনি নিযুত ডলাৰৰ পাৰ্থক্য আছে ।

সম্পূৰ্ণৰূপে সম্পত্তি বৃদ্ধিৰ তথ্যৰ ওপৰত লক্ষ্য কৰিলে এটা কথা নিশ্চিত যে এই ক্ষেত্ৰত আদানী গ্ৰুপৰ অধ্যক্ষ শীৰ্ষ-১০ত প্ৰথম স্থানত আছে । অৰ্থাৎ, গৌতম আদানী বিশ্বৰ আটাইতকৈ ধনী ১০ জন লোকৰ ভিতৰত দ্ৰুতগতিত আগবাঢ়িছে । তথ্য অনুসৰি, সম্পত্তি বৃদ্ধিৰ প্ৰতিযোগিতাত পিছৰ ৯ গৰাকী ব্যক্তিৰ সামগ্ৰিক বিকাশৰ পৰা আদানী সামান্য পিছ পৰি আছে । ব্লুমবাৰ্গ তালিকাৰ তথ্য অনুসৰি আদানীয়ে শুকুৰবাৰে ১৫০ বিলিয়ন ডলাৰৰ সীমা স্পৰ্শ কৰিছিল, যাৰ ফলত ইয়াৰ সম্পদত ৭২.৫ বিলিয়ন ডলাৰ যোগ হৈছিল ।

তালিকাত থকা ৯ গৰাকী উদ্যোগপতিৰ সম্মিলিত সম্পদ ৭৫ বিলিয়ন ডলাৰৰ অলপ বেছি । আনহাতে কেৱল গৌতম আদানীয়ে সৃষ্টি কৰা সম্পত্তিৰ মূল্য ৭২.৫ বিলিয়ন ডলাৰ । গৌতম আদানীৰ উপৰিও, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে বছৰী তেওঁৰ সম্পদ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । আনহাতে বিশ্বৰ আন আঠজন বিলিয়নেয়াৰে ৬ বিলিয়নৰ পৰা ৪২ বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হৈছে ।

শনিবাৰৰ তথ্য অনুসৰি, আদানী গ্ৰুপ দেশৰ আটাইতকৈ প্ৰভাৱশালী ব্যৱসায়িক গ্ৰুপ হৈ পৰিছে । এই গ্ৰুপৰ বজাৰ কেপ ২০.৭৪ লাখ কোটি টকা অৰ্থাৎ প্ৰায় ২৬০ বিলিয়ন ডলাৰত উপনীত হৈছে । আদানী গ্ৰুপে ১৫৪ বছৰ পুৰণি টাটা গ্ৰুপকো অতিক্ৰম কৰিছে । শুকুৰবাৰে টাটা গ্ৰুপৰ বজাৰ কেপ আছিল ২০.৭ লাখ কোটি টকা । মুকেশ আম্বানীৰ ৰিলায়েন্স গ্ৰুপৰ বজাৰ কেপ ১৭.১ লাখ কোটি টকা ।

আদানীয়ে এই বছৰ ধনী ব্যক্তিসকলৰ তালিকাত দ্ৰুতগতিত আগবাঢ়িছে । বছৰটোৰ আৰম্ভণিতে, তেওঁ এই তালিকাৰ ১৪ নম্বৰত আছিল । তেওঁ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ মুকেশ আম্বানীক অতিক্ৰম কৰি ফেব্ৰুৱাৰীত এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈছিল ।

এপ্ৰিলত, তেওঁৰ মুঠ সম্পত্তি ১০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰে আৰু জুলাইত তেওঁ মাইক্ৰছফ্টৰ বিল গেটছক অতিক্ৰম কৰি বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত চাৰি নম্বৰ স্থানলৈ উন্নীত হয় । ইয়াৰ পাছত, আগষ্টৰ শেষৰফালে তেওঁ ফ্ৰান্সৰ ব্যৱসায়ী বাৰ্ণাৰ্ড আৰ্নাল্টক অতিক্ৰম কৰি বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তৃতীয় নম্বৰত উপনীত হয় আৰু এতিয়া বেজোছক অতিক্ৰম কৰি তেওঁ দ্বিতীয় স্থান দখল কৰিছে ।

লগতে পঢ়ক :72 বছৰীয়া হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.