নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশৰ হাপুৰত পুনৰ এচিড আক্ৰমণৰ বলি যুৱতী ৷ ঘটনা অনুসৰি দেওবাৰে সন্ধিয়া প্ৰায় 7.30 বজাত কোনো অচিনাক্ত দুৰ্বৃত্তই যুৱতী গৰাকীলৈ লক্ষ্য কৰি এচিড দলিয়ায় ৷
যুৱতী গৰাকীক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে মিৰাটলৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি যুৱতী গৰাকী সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷
ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰা হ’ব বুলি জানিব দিয়ে আৰক্ষী অধীক্ষক নীৰজ যাদাউনে ৷
লগতে পঢ়ক-ৰাজনৈতিক সংকটৰ মাজতে পণ্ডিচেৰী বিধানসভাত ‘ফ্ল’ৰ টেষ্ট’