ETV Bharat / bharat

গণৰাজ্য দিৱসৰ ঘটনাৰ পিছতে সিংঘু সীমান্ত ভ্ৰমণ অভিযুক্ত সুখদেৱৰ

author img

By

Published : Feb 11, 2021, 5:19 PM IST

দিল্লী আৰক্ষীৰ অপৰাধ শাখাই সুখদেৱ সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে এটাৰ পিছত আনটো তথ্য । গণৰাজ্য দিৱসৰ হিংসাত্মক ঘটনাৰ পিছতে সিংঘু সীমান্ত, পঞ্জাৱ ভ্ৰমণ কৰিছিল সুখদেৱ সিঙে । দেওবাৰে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই চণ্ডীগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে সুখদেৱ সিঙক ।

গণৰাজ্য দিৱসৰ ঘটনাৰ পিছতে সিংঘু সীমান্ত ভ্ৰমণ সুখদেৱ সিঙৰ

নেশ্যনেল ডেস্ক, ১১ ফেব্ৰুৱাৰী: যোৱা ২৬ জানুৱাৰীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত ৰাজধানী দিল্লীত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে সিংঘু সীমান্ত, পঞ্জাৱ ভ্ৰমণ কৰিছিল অভিযুক্ত সুখদেৱ সিঙে । দিল্লী আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য । গণৰাজ্য দিৱসত লালকিল্লাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ অন্যতম অভিযুক্ত সুখদেৱ সিঙক দেওবাৰে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই চণ্ডীগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে ।

দিল্লী আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, সুখদেৱ সিং যোৱা ২৬ জানুৱাৰীৰ নিশা ১০ বজালৈকে লালকিল্লাত উপস্থিত আছিল আৰু সেই নিশাই তেওঁ সিংঘু সীমান্তলৈ যায় । লালাকিল্লালৈ যোৱা প্ৰতিবাদকাৰীক নেতৃত্ব দিছিল সুখদেৱে । আনহাতে, সুখদেৱ সিঙৰ সন্ধান দিওতালৈ দিল্লী আৰক্ষীয়ে ৫০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল । আৰক্ষীয়ে জনোৱা মতে, গণৰাজ্য দিৱসত পূৰ্বে নিৰ্ধাৰিত পথেৰে কৃষকে ট্ৰেক্টৰ ৰেলী উলিওৱা নাছিল ।

প্ৰতিবাদকাৰীয়ে বেৰিকেড ভাঙি পথবোৰত প্ৰৱেশ কৰে আৰু আৰক্ষীৰে সংঘৰ্ষত লিপ্ত হয় । লগতে প্ৰতিবাদকাৰীয়ে বহু ৰাজহুৱা সম্পত্তিও জব্দ কৰে । প্ৰতিবাদকাৰীয়ে লালকিল্লাত ত্ৰিৰংগাৰ ঠাইত কৃষক সংগঠনৰ পতাকা উত্তোলন কৰিছিল ।

ইয়াৰ পিছতে আৰক্ষীয়ে জজবীৰ সিং, বুটা সিং, সুখদেৱ সিং আৰু ইকবাল সিঙৰ বিৰুদ্ধে গণৰাজ্য দিৱসত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে আৰু তেওঁলোকৰ সন্ধান দিওতালৈ ৫০ হাজাৰকৈ টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে । উল্লেখ্য যে, কৃষকসকলে বিগত বৰ্ষৰ ২৬ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা ৩ খন কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তৰ বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:চিট ফাণ্ড কেলেংকাৰী: ১২৮.৮৬ কোটিৰ সম্পত্তি জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.