ETV Bharat / bharat

মহিলা ভাৰোত্তোলক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰশিক্ষকক

মহিলা ভাৰোত্তোলক দিব্যাৰ হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত প্ৰশিক্ষক ভগৎ সিঙক গ্ৰেপ্তাৰ কৰিলে হাৰিয়ানা আৰক্ষীয়ে । প্ৰশিক্ষক ভগৎ সিঙৰ বিৰুদ্ধে কেইবছৰমান পূৰ্বেও যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছিল । ভাৰ উত্তোলন চেম্পিয়নশ্বিপৰ সময়ত প্ৰশিক্ষকগৰাকীক লগ পাইছিল দিব্যাই । প্ৰশিক্ষকগৰাকীৰে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ পিছতে দিব্যাই বিবাহৰ প্ৰস্তাৱ দিছিল । কিন্তু বিবাহিত ভগত সিঙে দিব্যাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে ।

author img

By

Published : Feb 22, 2021, 12:58 PM IST

দিব্যাৰ হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত প্ৰশিক্ষকক গ্ৰেপ্তাৰ

নেশ্যনেল ডেস্ক, ২২ ফেব্ৰুৱাৰী: ভূপালৰ মহিলা ভাৰোত্তোলক দিব্যাৰ হত্যাকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত থকাৰ মাজতে হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভাৰোত্তোলন প্ৰশিক্ষক ভগত সিঙক । যোৱা ১৮ ফেব্ৰুৱাৰীত ৰোহটকৰ ধামৰ গাঁৱৰ সমীপৰ এটা খালত উদ্ধাৰ হৈছিল দিব্যাৰ মৃতদেহ । ডিঙিত চুৰীকাঘাত কৰি হত্যা কৰা হৈছিল দিব্যাক আৰু ইয়াৰ পিছতে হত্যাকাৰীয়ে এটা খালত পেলাই থৈ গৈছিল দিব্য়াৰ মৃতদেহ ।

হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত শেহতীয়াকৈ প্ৰশিক্ষক ভগৎ সিঙক গ্ৰেপ্তাৰ কৰিছে হাৰিয়ানা আৰক্ষীয়ে । দিব্যা ভূপালৰ বাসিন্দা আছিল । ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ সময়ত প্ৰশিক্ষকগৰাকীক লগ পাইছিল দিব্যাই । প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাতে পৰস্পৰৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে । ইয়াৰ পিছতে দিব্যাই বিবাহৰ প্ৰস্তাৱ দিছিল প্ৰশিক্ষকগৰাকীক । কিন্তু পূৰ্বৰে পৰা বিবাহপাশত আৱদ্ধ হৈ থকা ভগত সিঙে দিব্যাৰ বিবাহৰ বাব সন্মত হোৱা নাছিল । ২০১৮ চনত দিব্যাই প্ৰশিক্ষকগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এক গোচৰ ৰুজু কৰিছিল ।

এই গোচৰত ভগত সিঙৰ নাম সাঙোৰ খাইছিল যদিও পিছত তেওঁ জামিন লাভ কৰে । হাৰিয়ানাত ৰুজু হোৱা এক গোচৰ অনুসৰি প্ৰশিক্ষকগৰাকীয়ে দিব্যাক ভাবুকি দিছিল । যোৱা ১৬ ফেব্ৰুৱাৰীত ভূপালৰ আদালততে দিব্যা আৰু ভগত সিঙৰ মাজত বাক-বিতণ্ডা হয় । এই ঘটনাৰ পিছতে ভগত সিঙে দিল্লীলৈ অভিমুখে যাত্ৰা কৰে আৰু দিব্যায়ো ভগতৰ লগতে যাত্ৰা কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, দুয়োজনে যাত্ৰাৰ সময়খিনি তৰ্ক-বিতৰ্ক কৰি গৈছিল ।

জিলা আৰক্ষী অধীক্ষক সজ্জন কুমাৰে জনোৱা মতে, ভগৎ সিং গোচৰৰ শুনানিৰ বাবে ভূপাললৈ আহিছিল আৰু দিব্যাও তেওঁৰ লগতে আছিল । পিছত ১৮ ফেব্ৰুৱাৰীত ৰোহটকৰ ধামৰ গাঁৱৰ সমীপৰ এটা খালত দিব্যাৰ মৃতদেহ উদ্ধাৰ হৈছিল । সম্প্ৰতি এই সন্দৰ্ভত হাৰিয়ানা আৰক্ষীয়ে ভগত সিঙক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰু অহা ২৩ ফেব্ৰুৱাৰীত আদালতত হাজিৰ কৰোৱা হ'ব ভগৎ সিঙক ।

লগতে পঢ়ক:পণ্ডিচেৰী এতিয়া দল বাগৰাৰ আখৰাথলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.