ETV Bharat / bharat

প্ৰশাসনিক সেৱাৰ বিষয়াৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান - দুৰ্নীতি নিবাৰক শাখা

দুৰ্নীতি নিবাৰক শাখা ( ACB) ৰ বিষয়া সকলে শনিবাৰে বাংগালুৰুত কৰ্ণাটক প্ৰশাসনিক সেৱাৰ বিষয়া সুধাৰ বাসগৃহ সহিতে অন্য ছটাকৈ স্থানত তালাচী চলায় ৷ এই তালাচী অভিযানত দুৰ্নীতি নিবাৰক শাখাই বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ জব্দ কৰে ৷

ACB raids KAS officer's house in Bengaluru, unearths gold
প্ৰশাসনিক সেৱাৰ বিষয়াৰ বাসগৃহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
author img

By

Published : Nov 7, 2020, 10:09 PM IST

নিউজ ডেস্ক, 7 নৱেম্বৰ : দুৰ্নীতি নিবাৰক শাখা ( ACB) ৰ বিষয়া সকলে শনিবাৰে বাংগালুৰুত কৰ্ণাটক প্ৰশাসনিক সেৱাৰ বিষয়া সুধাৰ বাসগৃহ সহিতে অন্য ছটাকৈ স্থানত তালাচী চলায় ৷ এই তালাচী অভিযানত দুৰ্নীতি নিবাৰক শাখাই বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ জব্দ কৰে ৷

দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া সকলৰ মতে, এগৰাকী লোকে বিষয়াজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৷ উক্ত অভিযোগত কোৱা হৈছিল যে, প্ৰশাসনিক সেৱাৰ বিষয়াজনৰ ওচৰত আয়তকৈ অধিক মাত্ৰাত সম্পত্তি জমা আছে ৷ উক্ত অভিযোগৰ ভিত্তিতে এ.চি.বিয়ে তদন্ত আৰম্ভ কৰে আৰু বিভিন্ন স্থানত অভিযান চলায় ৷ অভিযানত বৃহৎ পৰিমাণৰ আ-অলংকাৰ, কেবা লক্ষাধিক টকা জব্দ কৰিবলৈ সক্ষম হয় ৷

এ.চি.বি.ৰ সুত্ৰই জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে মাটি, ধনৰ লেনদেন, শ্বেয়াৰ আদিৰ ক্ষেত্ৰত কৰা লেনদেনৰ তদন্ত চলি আছে ৷

লগতে পঢ়ক: মণিপুৰৰ উপ নিৰ্বাচন : দিনৰ 11 বজালৈ 43.54 শতাংশ লোকৰ ভোটদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.