ETV Bharat / bharat

অবিশ্বাস্য : 60 বছৰে কৰ্পূৰ আৰু ধূপ কাঠিৰ ধোঁৱা খাই জীয়াই থকা এগৰাকী 75 বৰ্ষীয় মহিলা - কৰ্পূৰ আৰু ধূপকাঠিৰ ধোঁৱা খাই জীয়াই থকা পদ্মাৱতী দেৱী

অবিশ্বাস্য যেন লাগিলেও 60 বছৰে কৰ্পূৰ আৰু ধূপ কাঠিৰ ধোঁৱা খাই জীয়াই আছে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী 75 বৰ্ষীয় মহিলা ৷ ৬০ বছৰ ধৰি অকলে অৰণ্যত বাস কৰি আহিছে পদ্মাৱতী দেৱী নামৰ 75 বৰ্ষীয় মহিলাগৰাকী ৷ ৫ বছৰ বয়সতে মহিলাগৰাকীয়ে তেওঁৰ পৰিয়ালক এৰি ঘৰৰ পৰা ওলাই গৈছিল ৷

75 year old woman survives on camphor for 60 years
কৰ্পূৰ আৰু ধূপকাঠিৰ ধোঁৱা খাই জীয়াই থকা এগৰাকী 75 বৰ্ষীয় মহিলা
author img

By

Published : Oct 11, 2021, 1:15 PM IST

নেশ্যনেল ডেস্ক, 11 অক্টোবৰ : সকলোৰে চকু কপালত তুলি কেৱল কৰ্পূৰ, ধূপ কাঠিৰ ধোঁৱা আৰু চাহৰ ওপৰত নিৰ্ভৰ কৰি 60 বছৰে এখন অৰণ্যত অকলে বাস কৰি আহিছে এগৰাকী মহিলা ৷ অবিশ্বাস্য যেন লাগিলেও এয়ে সঁচা ৷ এই আচৰিত ঘটনাটো অন্ধ্ৰ প্ৰদেশৰ Vizianagaram জিলাৰ Datthirajeru মণ্ডলৰ Pedakada গাঁৱত সংঘটিত হৈছে ৷

পদ্মাৱতী দেৱী নামৰ 75 বৰ্ষীয় মহিলাগৰাকীয়ে ৬০ বছৰ ধৰি অকলে অৰণ্যত বাস কৰি আহিছে ৷ কৰ্পূৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে মহিলাগৰাকী জীয়াই আছে ৷ ইয়াৰ উপৰিও মহিলাগৰাকীয়ে ধূপ কাঠিৰ ধোঁৱা সেৱন কৰাৰ লগতে দিনে তিনিবাৰ চাহ খায় ৷ জানিব পৰা মতে, ১৫ বছৰ বয়সতে মহিলাগৰাকীয়ে তেওঁৰ পৰিয়ালক এৰি ঘৰৰ পৰা ওলাই গৈছিল ৷

গাঁৱখনৰ কাষৰে Marupallikonda ত তাই এটা জুপুৰী বিচাৰি পাইছিল ৷ পৰিয়ালৰ লোকে 15 বছৰীয়া ছোৱালীজনীক ঘৰলৈ নিয়াৰ চেষ্টা কৰিছিল যদিও তেওঁ উভতি যাবলৈ অস্বীকাৰ কৰে ৷

বনৰীয়া জন্তু, সাপ আদিৰ ভয়ত মানুহে আনকি অঞ্চলটোত ভৰি দিবলৈও ভয় কৰিছিল ৷ কিন্তু আধ্যাত্মিকতাৰ অন্বেষণৰ লক্ষ্যৰ পৰা পদ্মাৱতী এক ইঞ্চিও পিছুৱাই যোৱা নাছিল ৷ পদ্মাৱতী প্ৰভু ভেংকটেশ্বৰৰ এগৰাকী নিষ্ঠাৱান ভক্ত ৷

প্ৰায় 20 বছৰৰ পিছত, স্থানীয় লোকে পাহাৰৰ ওপৰত ভগৱান ভেংকটেশ্বৰৰ এটা মন্দিৰ নিৰ্মাণ কৰিছিল ৷ বিদ্যুতৰ লগতে মন্দিৰটোত খোৱা পানীৰো ব্যৱস্থা কৰা হৈছিল ৷ ইয়াৰ পাচতে পদ্মাৱতীয়ে মন্দিৰত বাস কৰিবলৈ আৰম্ভ কৰে ৷ মন্দিৰটো প্ৰতি সোমবাৰে আৰু শনিবাৰে ভক্তসকলৰ বাবে মুকলি থাকে ৷ ভক্তসকলে পদ্মাৱতীৰ বাবে বিভিন্ন খাদ্য সামগ্ৰী লৈ যায় যদিও তেওঁ একোৱেই গ্ৰহণ নকৰে ৷

পদ্মাৱতীয়ে কয়, "ভক্তসকলে গাখীৰ, ফল আৰু উপহাৰ আনে ৷ কিন্তু মই সেইবোৰৰ এটাও গ্ৰহণ নকৰো ৷ মোৰ এতিয়ালৈকে কোনো স্বাস্থ্যজনিত সমস্যা নাই । 60 বছৰ ধৰি মই কেৱল কৰ্পূৰ খাই, ধূপ কাঠিৰ ধোঁৱা সেৱন কৰি আৰু দিনত দুবাৰকৈ কফি খাই জীয়াই আছো । মোৰ একেবাৰে ভোক অনুভৱ নহয়" ৷

লগতে পঢ়ক : জনা-নজনা : আইন সকলোৰে বাবেই সমান, আটক হৈছিল কুকুৰাও ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.