নেশ্যনেল ডেস্ক, 13 জুলাই : মহাৰাষ্ট্ৰৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (Maharashtra State Council of Educational Research and Training )শেহতীয়াকৈ চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে যে, ৰাজ্যখনৰ প্ৰায় 85 শতাংশ অভিভাৱকেই নিজৰ ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ প্ৰস্তুত ৷ http://www.maa.ac.in/survey এই ৱেবচাইটত 12 জুলাইলৈ চলোৱা সমীক্ষাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ অভিভাৱকৰ লগতে শিক্ষকসকলে অংশগ্ৰহণ কৰিছিল ৷ আশ্বৰ্যজনকভাৱে এই সমীক্ষাত যি সমূহ অঞ্চলত অনলাইন ক্লাচৰ সুবিধা নাই সেই অঞ্চলৰ অভিভাৱকসকলে ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠোৱাত সমৰ্থন কৰিছে ৷ প্ৰায় 2,69,116 গৰাকী অভিভাৱকে অংশগ্ৰহণ কৰা এই সমীক্ষাত 1,24,016 গৰাকী গ্ৰামাঞ্চলৰ অভিভাৱকে বিদ্যালয় খোলাত সমৰ্থন কৰিছে ৷
ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰে যিসমূহ অঞ্চলত ক’ভিডৰ (Covid 19) সংক্ৰমণ কম সেইসমূহ অঞ্চলত বিদ্যালয় খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ এই সমূহ অঞ্চলত 15 জুলাইৰ পৰা অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছিল ৷ এতিয়া বিদ্যালয় খোলা সন্দৰ্ভত 85 শতাংশ অভিভাৱকেই সমৰ্থন আগৱঢ়োৱাৰ পিছত চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷
ক’ভিড-19 (Covid 19) মহামাৰীৰ বাবে এক দীঘলীয়া সময় ধৰি দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে ৷ ক’ভিডৰ প্ৰথম ঢৌৰ পিছত কিছুসংখ্যক ৰাজ্যত শিক্ষানুষ্ঠানসমূহ খোলা দিয়া হৈছিল যদিও দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি পিছত পুনৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হয় ৷
লগত পঢ়ক- ধাৰাসাৰ বৰষুণৰ কবলত হিমাচলৰ কুল্লু