ETV Bharat / bharat

Baba Vishwanath Dham: দুদিনত ৬ লক্ষাধিক ভক্তিই দৰ্শন কৰিলে শ্ৰী কাশী বিশ্বনাথ মন্দিৰ - Record breaking gathering in Sri Kashi Vishwanath

বাৰাণসীৰ বাবা বিশ্বনাথ ধামৰ শ্ৰী কাশী বিশ্বনাথ মন্দিৰ হৈছে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত এটা (Jyotirlinga at Varanasi)। এই মন্দিৰটো দৰ্শন কৰিবলৈ অহা ভক্তৰ সংখ্য়াই এইবাৰ অভিলেখ গঢ়িলে । যোৱা বছৰো সাত লাখতকৈও অধিক ভক্তই ৩ দিনত দৰ্শন কৰি অভিলেখ গঢ়িছিল ।

Jyotirlinga at Varanasi
শ্ৰী কাশী বিশ্বনাথ মন্দিৰতো ভক্তৰ ভিৰ
author img

By

Published : Jan 2, 2023, 4:27 PM IST

শ্ৰী কাশী বিশ্বনাথ মন্দিৰতো ভক্তৰ ভিৰ

নেশ্য়নেল ডেস্ক, ২ জানুৱাৰী: ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত দেশৰ সকলো ঠাইৰ লগতে শ্ৰী কাশী বিশ্বনাথ মন্দিৰতো ভক্তৰ ভিৰ পৰিলক্ষিত হয় (Sri Kashi Vishwanath Temple at Varanasi)। বাৰাণসীৰ বাবা বিশ্বনাথ ধামৰ শ্ৰী কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তৰ সংখ্যাই দুদিনত ৬ লাখ অতিক্ৰম কৰিছে (Huge gathering at Sri Kashi Vishwanath Temple)। বিশ্বনাথ ধামত ভক্তৰ ভিৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

উল্লেখ্য় যে, ২০২২ চনত শ্ৰী কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰা ভক্তসকলৰ সংখ্য়াই এটাৰ পিছত এটা অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । প্ৰতি বছৰে ভক্তসকলে নতুন বছৰত বাবা বিশ্বনাথ ধামলৈ আহে । যোৱা বছৰো সাত লাখতকৈও অধিক ভক্তই ৩ দিনত দৰ্শনৰ লগতে পূজা কৰি অভিলেখ গঢ়িছিল (Record breaking gathering in Sri Kashi Vishwanath Temple)।

এইবাৰ মাত্ৰ ২ দিনৰ ভিতৰত ৬ লাখ ভক্ত বাবা বিশ্বনাথ ধামত উপস্থিত হয় । মন্দিৰৰ মুখ্য কাৰ্যবাহী বিষয়া ড৹ সুনীল কুমাৰ বাৰ্মাই কয়, "বাবা বিশ্বনাথৰ ওপৰত অটল বিশ্বাস থকা ভক্তসকলৰ ভিৰ নতুন বছৰৰ প্ৰথম দিনটো আৰু যোৱা বছৰৰ অন্তিম দিনটোত যথেষ্ট পৰিমাণে দেখা গৈছে আৰু এই ভিৰ এতিয়াও শেষ হোৱা নাই ।"

তেওঁ লগতে কয় যে, বেছিভাগ বিদ্যালয়ত শীতকালীন বন্ধ আৰম্ভ হৈছে । ইয়াৰ ফলত বাবা ধামত ভক্তৰ ভিৰ অব্যাহত আছে । বাবা বিশ্বনাথ ধামৰ দুৱাৰ মুকলি হোৱাৰ লগে লগে যথেষ্ট সংখ্যক ভক্তই ভিৰ কৰে বুলিও তেওঁ কয় ।

উল্লেখ্য় যে, কাশী বিশ্বনাথ মন্দিৰ ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এটা বিখ্যাত হিন্দু মন্দিৰ । এই মন্দিৰটো উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বিশ্বনাথ গালিত অৱস্থিত । মন্দিৰটো পবিত্ৰ গংগা নদীৰ পশ্চিম পাৰত অৱস্থিত । এইটো হৈছে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত এটা । মূল দেৱতাক শ্ৰী বিশ্বনাথ আৰু বিশ্বেশ্বৰ নামেৰে জনা যায় যাৰ আক্ষৰিক অৰ্থ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ প্ৰভু । প্ৰাচীন কালত বাৰাণসীক কাশী বুলি কোৱা হৈছিল । সেয়েহে মন্দিৰটোক জনপ্ৰিয়ভাৱে কাশী বিশ্বনাথ মন্দিৰ বুলি কোৱা হয় । মন্দিৰটোক হিন্দু শাস্ত্ৰত শৈৱ সংস্কৃতিত উপাসনাৰ কেন্দ্ৰীয় অংশ বুলি গণ্য কৰা হয় । বৰ্তমানৰ গাঁথনিটো ১৭৮০ চনত ইন্দোৰৰ মাৰাঠা শাসক অহিল্যবাই হোলকাৰৰ দ্বাৰা নিৰ্মাণ কৰিছিল ।

লগতে পঢ়ক:Boginadi Picnic Spot: বগীনদীৰ সেউজ ক্ষেত্ৰখন প্ৰদূষণমুক্ত কৰিবলৈ ব্যতিক্ৰমী পদক্ষেপ তিনিটা সংগঠনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.