ETV Bharat / bharat

Gujarat assembly election : গুজৰাটত বিজেপিৰ বাবে প্ৰত্যাহ্বান হ'ব নেকি আম আদমি পাৰ্টি ?

author img

By

Published : Apr 3, 2022, 5:33 PM IST

পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পাছত, ৰাজনৈতিক দলবোৰে এতিয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ (Gujarat assembly election 2022) ওপৰত গুৰুত্ব দিছে । গুজৰাট নিৰ্বাচনত বিজেপি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টিৰ ৰণনীতি কেনে হ'ব ? কেনে স্থিতি গ্ৰহণ কৰিব তিনিওটা দলে ? ইটিভি ভাৰতৰ ব্যুৰ' চীফ ভাৰত পাঞ্চালে এই সন্দৰ্ভত বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছে ।

Gujarat assembly election
গুজৰাটত বিজেপিৰ বাবে প্ৰত্যাহ্বান হ'ব নেকি আম আদমি পাৰ্টি

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল : অহা ডিচেম্বৰত অনুষ্ঠিত হ'ব গুজৰাটৰ বিধানসভা নিৰ্বাচন (Gujarat assembly election 2022)। শেহতীয়াকৈ ৫ খন ৰাজ্যত হৈ যোৱা নিৰ্বাচনৰ পাছত এইবাৰ প্ৰতিটো দলৰে লক্ষ্য গুজৰাটৰ নিৰ্বাচন । বিশেষকৈ বিজেপি, কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে নিৰ্বাচনী ৰণনীতি এতিয়াৰে পৰা প্ৰস্তুত কৰিছে । কিন্তু গুজৰাটত কোনটো দলে কি ধৰণে ৰণনীতি প্ৰস্তুত কৰিছে ?

এই ক্ষেত্ৰত বিজেপিৰ স্থিতি শক্তিশালী বুলি ধাৰণা কৰা হৈছে । কাৰণ বিগত ৫ খন ৰাজ্যৰ নিৰ্বাচনত ৪ খনতে বিজেপিয়ে শক্তিশালী জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । বিজেপিয়ে দাবী কৰা মতে গুজৰাটতো দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখিব । আহি থকা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বিজেপিয়ে ৰাজ্যখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে (BJP's strategy on Gujarat elections)।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে গুজৰাট ভ্ৰমণ কৰিছে । আহমেদাবাদ আৰু গান্ধীনগৰত প্ৰধানমন্ত্ৰীয়ে ৰোড শ্ব'ত অংশগ্ৰহণ কৰে (PM participates in road show in Gujarat) আৰু ৰাজ্য চৰকাৰৰ সদস্যসকলৰ সৈতে সন্মিলনত মিলিত হয় । অমিত শ্বাহেও গুজৰাট ভ্ৰমণ কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ ওপৰত দৃষ্টি ৰাখি উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিছে ।

জানিব পৰা মতে ২১ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে পুনৰ গুজৰাট ভ্ৰমণ কৰিব (PM will visit Gujarat in April) আৰু জনজাতীয় লোকসকলৰ সমস্যা সমাধানৰ বাবে দাহোদৰ জনজাতীয় অঞ্চলত উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব । গুজৰাটত প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে ২,৪০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব । ১০ এপ্ৰিলত অমিত শ্বাহে গুজৰাট ভ্ৰমণ কৰিব আৰু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ লগে লগে বিজেপিয়ে ২০২২ চনত অনুষ্ঠিত হ'বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী ৰণশিঙা বজাব ।

ইফালে, শেহতীয়া নিৰ্বাচনবোৰত কংগ্ৰেছে ব্যাপকভাৱে পৰাজয়ৰ সন্মুখীন হৈছে । কিন্তু গুজৰাটত বিজেপি আৰু কংগ্ৰেছ বহু বছৰ ধৰি শীৰ্ষস্থানত আছে । সেয়ে কংগ্ৰেছও চেষ্টা অব্যাহত ৰাখিব । কিন্তু এইবাৰ গুজৰাটত তৃতীয় পক্ষৰ উত্থান হ'ব বুলি ধাৰণা কৰা হৈছে ।

তৃতীয় পক্ষ হিচাপে আম আদমি পাৰ্টিক দেখা পোৱাৰ সম্ভাৱনা আছে । কাৰণ দিল্লী, পাঞ্জাৱৰ পাছত আম আদমি পাৰ্টিৰ দৃষ্টি আছে গুজৰাটত । আম আদমি পাৰ্টিয়ে কংগ্ৰেছৰ ভোট বিভাজন কৰিব বুলি ধাৰণা কৰা হৈছে । গুজৰাট নিৰ্বাচনত কংগ্ৰেছৰ বাবে ধ্বংসৰ সৃষ্টি কৰিব পাৰে দলটোৱে ।

অৱশ্যে, গুজৰাট নিৰ্বাচনত বিজেপিৰ মুখামুখি হ'বলৈ কঠিন হ'ব আম আদমি পাৰ্টিৰ কাৰণে । কাৰণ আম আদমি পাৰ্টিৰ এতিয়াও বিজেপিৰ মুখামুখি হ'বলৈ শক্তিশালী দলৰ আধাৰ আৰু পুঁজি নাই । গুজৰাটত ক্ষমতালৈ আহিবলৈ আম আদমি পাৰ্টিৰ ওচৰত কংগ্ৰেছৰ সৈতে হাত মিলাবলৈ একমাত্ৰ বিকল্প থাকিব ।

নিবনুৱা, দুৰ্নীতি, প্ৰশ্ন কাকত ফাদিল, দুৰ্বল আইন ব্যৱস্থা, মুদ্ৰাস্ফীতি, কৃষকসকলৰ বাবে পানী আৰু বিদ্যুতৰ অভাৱ, ব্যৱসায়ীসকলৰ প্ৰতি উদাৰতা আৰু জনজাতীয় সকলৰ প্ৰতি বিদ্বেষপূৰ্ণ মনোভাৱ গুজৰাটত বিজেপিৰ বাবে মুখ্য প্ৰত্যাহ্বান হ'ব । দিল্লী আৰু পাঞ্জাৱত আম আদমি পাৰ্টিয়ে বিজেপি আৰু কংগ্ৰেছক পৰাজিত কৰিছে । সেয়ে গুজৰাটতো আম আদমি পাৰ্টিয়ে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে (AAP begins poll preparations in Gujarat)।

অৰবিন্দ কেজৰিৱাল আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে নিক'লত এটা ৰোড শ্ব' আয়োজন (AAP road show in Gujarat) কৰাৰ পূৰ্বে গান্ধী আশ্ৰমত বাপুৰ আশীৰ্বাদ ল'বলৈ উপস্থিত হৈছিল । ইফালে ৰোড শ্ব'টোত হাজাৰ হাজাৰ লোকে ভিৰ কৰা দেখা গৈছিল । সম্ভৱত বিজেপিৰ দৰে আম আদমি পাৰ্টিয়েও জাতীয়তাবাদৰ জৰিয়তে মানুহৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে কোনো ৰাজনৈতিক দলেই গুজৰাটৰ সমৃদ্ধ আৰু শক্তিশালী ব্যৱসায়িক সম্প্ৰদায়ক উপেক্ষা কৰিব নোৱাৰে । যাৰ বাবে আম আদমি পাৰ্টীয়ে পাতিদাৰ নেতা নৰেশ পেটেলক নিৰ্বাচনী পথাৰলৈ নমাব বুলি ধাৰণা কৰিব পাৰি । যাৰ বাবে পাতিদাৰ অধ্যুষিত নিক'ল অঞ্চলত অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানে পদযাত্ৰাৰ আয়োজন কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব গুজৰাটত কোনটো দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :ভাৰতীয় সৈন্যৰ প্ৰৱেশক অস্বীকাৰ শ্ৰীলংকাৰ সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.