ETV Bharat / bharat

Delhi liquor scam : দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰী গোচৰ: ১৪ দিনৰ ন্যায়িক জিম্মালৈ সঞ্জয় সিং - ED arrested Sanjay Singh

সঞ্জয় সিঙক দিল্লী সুৰা নীতি কেলেংকাৰী গোচৰত ৰাউজ এভিনিউ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । শুকুৰবাৰে ইডিয়ে তেওঁক আদালতত হাজিৰ কৰায় ।

১৪ দিনৰ ন্যায়িক জিম্মালৈ সঞ্জয় সিং
Delhi liquor scam
author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 6:35 PM IST

নিউজ ডেস্ক, ১৩ অক্টোবৰ : আপ নেতা সঞ্জয় সিঙক দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য, ৪ অক্টোবৰত প্ৰৱৰ্তন সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল আম আদমি পাৰ্টীৰ (আপ) ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক । তেওঁৰ তিনিদিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত শুকুৰবাৰে বিয়লি ৰাউজ এভিনিউ আদালতত তেওঁক হাজিৰ কৰা হয় ।

উল্লেখ্য যে গ্ৰেপ্তাৰৰ পিছত বিজেপিৰ দিশে অভিযোগৰ আঙুলি টোঁৱাই সোমবাৰে আপ সাংসদ সঞ্জয় সিঙে কয় যে নৰেন্দ্ৰ মোদী আদানিৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ নহয় । তেওঁ সংবাদ মাধ্যমৰ সন্মুখত লগতে প্ৰশ্ন কৰে যে আদানিৰ কেলেংকাৰীৰ তদন্ত কেতিয়া হ'ব । সঞ্জয় সিঙক ৪ অক্টোবৰত দিল্লী আবকাৰী কেলেংকাৰী গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পিছত পাঁচদিনীয়া আৰক্ষী জিম্মা সমাপ্ত হোৱাৰ পিছত সঞ্জয় সিঙক ১০ অক্টোবৰত আদালতত হাজিৰ কৰোৱা হয় ।

আনহাতে, ইডিৰ দাবীত আদালতে সঞ্জয় সিঙৰ তিনিদিনীয়া জিম্মা বৃদ্ধি কৰে । সেই সময়ত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি সঞ্জয় সিঙে কয় যে মোদীজীয়ে তেওঁৰ সৈতে ল'ৰা-ধেমালি খেলি আছে । তেওঁলোকৰ অত্যাচাৰৰ পৰিমাণ পৰীক্ষা কৰিব বিচাৰে বুলিও তেওঁ কয় । তেওঁ কয়, "মই বিচাৰোঁ যে প্ৰধানমন্ত্ৰীয়ে যিমান যিসকল অসৎ, যিসকলে লাখ লাখ কোটি টকা লুটিছে তেওঁলোকক যিমান পাৰে সিমান যাতনা দিয়ক । এই ক্ষেত্ৰত সকলো মোদীৰ সৈতে আছে । কিন্তু যিসকল সৎ আৰু মোদীবিৰোধী, তেওঁলোকৰ বিৰুদ্ধেহে ব্যৱস্থা লোৱা হৈছে ।"

ইফালে চিবিআইৰ বিশেষ ন্যায়াধীশ এম কে নাগপালৰ আদালতত হাজিৰ হোৱা সঞ্জয় সিঙে আদালতত তেওঁৰ নিৰাপত্তাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে । আনহাতে, ইডিয়ে আদালতত কয় যে এইটো তেওঁলোকৰ দায়িত্ব হ'ব । সঞ্জয় সিঙে কয় যে ইডিয়ে তেওঁক বাহিৰলৈ লৈ যাবলৈ চেষ্টা কৰিছে । কিন্তু আদালতে কয় যে ইডিয়ে তথ্য অবিহনে তেওঁক ক'লৈকো নিব নোৱাৰে ।

পাঁচদিনীয়া জিম্মাৰৰ সময়ত ইডিয়ে সঞ্জয় সিং, বিবেক ত্যাগী আৰু সৰ্বেশ মিশ্ৰ আৰু দুজন সহযোগীক ইডিৰ মুখ্য কাৰ্যালয়ত মুখামুখীকৈ বহুৱাই সোধা-পোছা কৰে । ৪ অক্টোবৰত সিঙক হাজিৰ কৰোৱাৰ সময়ত ইডিয়ে ১০ দিনৰ আৰক্ষী জিম্মা বিচাৰিছিল । অৱশ্যে আদালতে পাঁচ দিনৰ আৰক্ষী জিম্মা মঞ্জুৰ কৰে । পিছদিনা সঞ্জয় সিঙে আদালতত এখন আবেদন দাখিল কৰে আৰু তেওঁক ইডিৰ মুখ্য কাৰ্যালয়ত ৰাখিবলৈ আৰু জেৰা কৰিবলৈ দাবী জনায় । আদালতে সেয়া গ্ৰহণ কৰে আৰু সঞ্জয় সিঙৰ আবেদনৰ নিষ্পত্তি কৰে ।

লগতে পঢ়ক :Chandrababu Naidu Case : এলাৰ্জীত ভুগিছে চন্দ্ৰবাবু নাইডু; কাৰাগাৰত স্বাস্থ্য পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.