নেশ্যনেল ডেস্ক, 27 আগষ্ট: প্ৰেমৰ ভয়ংকৰ ৰূপ ৷ পৰকীয়া প্ৰেমৰ সন্দেহত প্ৰেমিকাক কুকাৰেৰে মৰিয়াই হত্যা কৰিলে প্ৰেমিকে ৷ শনিবাৰে সন্ধিয়া বেংগালুৰুৰ বেগুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিউ মিকো লেআউটত সংঘটিত হয় এই ঘটনা ৷ সম্প্ৰতি আৰক্ষীয়ে প্ৰেমিকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ৷
দেওবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি, এজন 24 বছৰীয়া যুৱকে প্ৰেমিকাক আন কাৰোবাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত এই জঘন্য ঘটনা সংঘটিত কৰে ৷ অভিযুক্ত বৈষ্ণৱ আৰু প্ৰেমিকা দেৱা (২৪) কলেজৰ দিনৰ পৰাই প্ৰেমৰ সম্পৰ্কত আছিল ৷ দুয়ো কেৰেলাৰ পৰা বেংগালুৰুলৈ চাকৰিৰ সন্ধানত আহিছিল ৷
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা মতে, দুয়ো বেংগালুৰুত লিভ-ইন সম্পৰ্কত আছিল ৷ দুয়ো একেখন মহাবিদ্যালয়তে পঢ়িছিল ৷ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিচত তেওঁলোকে বেংগালুৰুত একেলগে কাম কৰাৰ সিদ্ধান্ত লৈছিল ৷ তেওঁলোকৰ পৰিয়ালে দুয়ো সম্পৰ্কৰ বিষয়ে অৱগত কৰিছিল ৷ দুয়ো বেংগালুৰুলৈ আহি দুটা ব্যক্তিগত কোম্পানীত কাম কৰিবলৈ আৰম্ভ কৰিছিল ৷
কিন্তু শেহতীয়াকৈ, বৈষ্ণৱে দেৱক আন এজন যুৱকৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰিছিল ৷ ফলত দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল ৷ শনিবাৰে সন্ধিয়াও তেওঁলোকৰ মাজত এনেধৰণৰ কাজিয়া আৰম্ভ হৈছিল ৷ খঙত বৈষ্ণৱে প্ৰেছাৰ কুকাৰ এটা দেৱাৰ মূৰত মৰিয়াই দিয়ে ৷ তাৰ পিচতে দেৱাই জ্ঞান হেৰুৱাই মাটিত বাগৰি পৰিছিল আৰু মৃত্যুবৰণ কৰে ৷
ডিচিপি দক্ষিণ পূব বিভাগৰ চিকে বাবাই ঘটনাটোৰ সন্দৰ্ভত কয় যে, ঘটনাটো শনিবাৰে বিয়লি 4.30 বজাৰ পৰা 5.30 বজাৰ ভিতৰত সংঘটিত হৈছিল ৷ ইতিমধ্যে বেগুৰ আৰক্ষী থানাই এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে ৷ আৰক্ষীয়ে অভিযুক্তক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক: Minor Kidnapped and murdered: বংগত কিশোৰক অপহৰণ কৰি নিৰ্মমভাৱে হত্যা