ETV Bharat / bharat

71 হাজাৰ টকীয়া এক্টিভাত 15 লাখ টকীয়া পঞ্জীয়ন নম্বৰ - পঞ্জীয়ন আৰু লাইচেঞ্চ অৰ্থৰিটি

সকলোৰে আছে নিজা নিজা একোটা বিশেষ চখ ৷ নিজৰ চখ পূৰণৰ বাবে মানুহে যিকোনো মূল্য পৰিশোধ কৰিবলৈ সাজু ৷ এনে এক ঘটনা সংঘটিত হৈছে চণ্ডীগড়ত ৷ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

a-man-spend-more-than-fifteen-lacks-for-honda-activa-scooty-vip-number-in-chandigarh
71 হাজাৰ টকীয়া এক্টিভাত 15 লাখ টকীয়া নম্বৰ
author img

By

Published : Apr 20, 2022, 10:50 PM IST

নিউজ ডেস্ক, 20 এপ্ৰিল : ভি আই পি নম্বৰ প্লেট তথা ফেন্সি নম্বৰ প্লেটক(Honda Activa Scooty Vip number In chandigarh ) লৈ এচাম লোকৰ মাজত আছে ব্যাপক উন্মাদনা ৷ ভি আই পি নম্বৰ প্লেট তথা ফেন্সি নম্বৰ প্লেটৰ বাবে এচাম লোকে বিচৰা মূল্য ব্যয় কৰিবলৈ সাজু । এনে এক ঘটনা সংঘটিত হৈছে চণ্ডীগড়ত ৷ লোকজনে নিজৰ পচন্দৰ ভি আই পি নম্বৰ প্লেট তথা ফেন্সি নম্বৰৰ বাবে ব্যয় কৰা ধনৰাশি শুনিলে আপুনিও হ’ব আচৰিত ৷

চণ্ডিগড়ৰ চেক্টৰ-23ত বসবাস কৰা ব্ৰজমোহন(42) নামৰ লোকজনে 71,000 টকাত ক্ৰয় কৰিছিল এখন হোণ্ডা এক্টিভা স্কুটি ৷ ব্ৰজমোহনে চণ্ডীগড়ৰ পঞ্জীয়ন আৰু লাইচেঞ্চ অৰ্থৰিটিৰ(Chandigarh registering and licensing authority) দ্বাৰা পৰিচালিত এটা নিলামত এখন ফেন্সি নম্বৰ প্লেট লাভ কৰে । কিন্তু বাহনখনৰ নম্বৰটো আছিল চি এইচ 01 চি জে 0001 আৰু এই নম্বৰটো অধিগ্ৰহণ কৰিবলৈ তেওঁ পৰিশোধ কৰিব লগীয়া হৈছিল 15.44 লাখ টকা ৷

চণ্ডীগড়ৰ অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষৰ এজন বিষয়াই সদৰি কৰা অনুসৰি এই নিলাম প্ৰক্ৰিয়া ১৪ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈ অনুষ্ঠিত হৈছিল । নিলামত প্ৰায় 378 খন নম্বৰ প্লেট নিলাম কৰা হৈছিল আৰু মুঠ 1.5 কোটি টকা লাভ কৰা হৈছিল । জানিব পৰা মতে ব্ৰজ মোহনৰ এটা বিজ্ঞাপন এজেন্সি আছে ৷

লগতে পঢ়ক : দলিত ছাত্ৰক প্ৰহাৰ কৰি ভৰি চেলেকিবলৈ বাধ্য কৰাৰ ভিডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.